5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Donald trump: পুনৰ দেশত হ’ব মূল্যবৃদ্ধি! ট্ৰাম্পৰ জয়ৰ পাছতেই হ্ৰাস ভাৰতীয় টকাৰ মূল্য…

Donald trump: ড'নাল্ড ট্ৰাম্পৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ সম্পৰ্ক আছে। কিন্তু ট্ৰাম্পৰ জয়ে ভাৰতলৈ মানি আনিব পাৰে সংকট। ট্ৰাম্পৰ জয়ৰ পাছতেই ভাৰতীয় টকাৰ মূল্য অধিক হ্ৰাস পাইছে। যাৰ ফলত মূল্যবৃদ্ধিৰ দৰে সমস্যা হ'ব পাৰে।

Donald trump: পুনৰ দেশত হ’ব মূল্যবৃদ্ধি! ট্ৰাম্পৰ জয়ৰ পাছতেই হ্ৰাস ভাৰতীয় টকাৰ মূল্য…
ট্ৰাম্প- মোদী
barasha-sarma
Barasha Sarma | Published: 07 Nov 2024 13:22 PM

আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ড’নাল্ড ট্ৰাম্প। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ বুলি গন্য কৰা হয় ট্ৰাম্পক। কিন্তু ট্ৰাম্পৰ জয়ে ভাৰতলৈ আনিব পাৰে কিছু বেয়া খবৰ। কিয়নো ব্যৱসায়িক ক্ষেত্ৰখনলৈ লক্ষ্য কৰিলে দেখা যায় যে ডলাৰৰ বিপৰীতে হ্ৰাস পাইছে ভাৰতীয় টকাৰ মূল্য। বিশেষজ্ঞসকলৰ মতে আগন্তুক সময়চোৱাত ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আৰু অধিক হ্ৰাস পাব। ডলাৰৰ বিপৰীতে টকাই ৮৫ অতিক্ৰম কৰিব পাৰে বুলি অনুমান কৰা হৈছে। যদি এনে হয় তেন্তে ই ভাৰতৰ বাবে সুখৰ খবৰ নহয়।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ট্ৰাম্পৰ জয়ৰ পাছতেই ডলাৰ ইনডেস্কত বৃহৎ উত্থান হোৱা পৰিলক্ষিত হৈছে আৰু ভাৰতীয় টকাৰ মূল্য হ্ৰাস পাইছে। ইয়াৰ প্ৰভাৱ সমগ্ৰ ভাৰততে পৰিব আৰু ইয়াৰ ফলত দেশত মূল্যবৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত দেশৰ আমদানি বস্তুৰ বিল বৃদ্ধি পাব পাৰে। লগতে বহিঃৰাজ্যৰ পৰা অহা সামগ্ৰীও ব্যয়বহুল হৈ পৰিব। যাৰ বাবে দেশত মুদ্ৰাস্ফীতি বৃদ্ধিও দেখা যাব পাৰে।

বুধবাৰে আন্তঃবেংক বৈদেশিক মুদ্ৰাৰ বজাৰত আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য ২২ পইচা হ্ৰাস পাই নিম্নতন ৮৪.৩১ প্ৰতি ডলাৰ বন্ধ হয়। বজাৰত অংশগ্ৰহণকাৰীসকলে আশা কৰিছে যে আমেৰিকাৰ কেন্দ্ৰীয় বেংক ফেডাৰেল ৰিজাৰ্ভে চলিত সপ্তাহৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া বৈঠকত সুতৰ হাৰ হ্ৰাস কৰিব। লগতে ২০২৫ চনত আৰু ১ শতাংশ পৰ্যন্ত কৰ্তনৰ আশা কৰিছে তেওঁলোকে । আন্তঃবেংক বৈদেশিক মুদ্ৰাৰ বজাৰত টকা ডলাৰৰ বিপৰীতে প্ৰতি ডলাৰ ৮৪.২৩ টকাত মুকলি হয়। উৰ্ধতম ৮৪.১৫ আৰু নিম্ন ৮৪.৩১ৰ মাজত থাকে ই আৰু ২২ পইচা হ্ৰাস পাই ৮৪.৩১ ত বন্ধ হয়।মঙলবাৰে মাৰ্কিন ডলাৰৰ বিপৰীতে দুপইচা বৃদ্ধিৰে ৮৪.০৯ টকাত বন্ধ হয়।

উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ওপৰত সমগ্ৰ বিশ্বৰ চকু থাকে। কিয়নো ই দেশ এখনৰ পৰিৱৰ্তী দিশ এটাও নিৰ্ধাৰণ কৰে। ড’নাল্ড ট্ৰাম্পৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ সম্পৰ্ক আছে। কালি নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পাছত মোদীয়ে তেওঁৰ লগত ফোনযোগে বাৰ্তালাপো কৰে। কিন্তু এই ঘনিষ্ঠতাই টকাৰ মূল্য হ্ৰাস কৰাত ৰোধ নকৰে। গতিকে অৰ্থনৈতিক দিশৰ পৰা ড’নাল্ড ট্ৰাম্পৰ জয়ে ভাৰতলৈ সংকট নমাই আনিব পাৰে। আগন্তুক সময়চোৱাত ভাৰতত অধিক মূল্যবৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।  মন কৰিবলগীয়া যে বৰ্তমান সময়ত ভাৰতত হৈ থকা মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক। তেনে অৱস্থাত এই খবৰে নিশ্চয় কিছু পৰিমাণে ভাৰতীয়ক নিৰাশ কৰিব।

Latest News