5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নৱবৰ্ষ উদযাপনৰ নামত ১৬ কোটি টকাৰ সুৰাপান! দেশৰ এইখন চহৰে গঢ়িলে অভিলেখ..

আবকাৰী বিভাগৰ বিষয়া সুবোধ কুমাৰ শ্ৰীবাস্তৱে জনোৱা অনুসৰি, ৩১ ডিচেম্বৰত সুৰাৰ বিক্ৰী হৈছে প্ৰায় ১৪ কোটি টকাৰ। আনহাতে ১ জানুৱাৰীত এই সংখ্যা দুই কোটি টকাতকৈও অধিক আছিল। এই সংখ্যা যোৱা বছৰতকৈ বহুত বেছি। ২০২৪ চনত নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত ১ জানুৱাৰীলৈকে ১৪.৮২কোটি টকাৰ সুৰাৰ বিক্ৰী হৈছিল।

নৱবৰ্ষ উদযাপনৰ নামত ১৬ কোটি টকাৰ সুৰাপান! দেশৰ এইখন চহৰে গঢ়িলে অভিলেখ..
নয়ডাত সুৰা বিক্ৰীৰ অভিলেখ!
trishna-kalita
Trishna Kalita | Published: 02 Jan 2025 14:20 PM

সমগ্ৰ দেশৰ লোকসকলে বিভিন্ন ধৰণে নৱবৰ্ষ উদযাপন কৰে। পিছে এই বছৰ নৱবৰ্ষ উদযাপনৰ ক্ষেত্ৰত সুৰাপানৰ অভিলেখ ভংগ কৰিছে নয়ডাবাসীয়ে। নৱবৰ্ষ উদযাপনত মানুহে প্ৰায়ে সুৰাপান কৰে। প্ৰতি বছৰে ৩১ ডিচেম্বৰৰ সন্ধিয়া আৰু ১ জানুৱাৰীত মানুহে অত্যাধিক সুৰাপান নামত কোটি কোটি টকা খৰচ কৰে।  নয়ডাৰ লোকসকলে এই ক্ষেত্ৰত সকলোতকৈ আগত আছে। নয়ডাৰ মানুহে এই বছৰ ১৬ কোটিৰো অধিক টকাৰ সুৰা সেৱন কৰিছে। এই সংখ্যাটো যোৱা বছৰতকৈ বহুত বেছি।

বিগত বছৰৰ ৰেকৰ্ড ভংগ

আবকাৰী বিভাগৰ বিষয়া সুবোধ কুমাৰ শ্ৰীবাস্তৱে জনোৱা অনুসৰি, ৩১ ডিচেম্বৰত সুৰাৰ বিক্ৰী হৈছে প্ৰায় ১৪ কোটি টকাৰ। আনহাতে ১ জানুৱাৰীত এই সংখ্যা দুই কোটি টকাতকৈও অধিক আছিল। এই সংখ্যা যোৱা বছৰতকৈ বহুত বেছি। ২০২৪ চনত নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত ১ জানুৱাৰীলৈকে ১৪.৮২কোটি টকাৰ সুৰাৰ বিক্ৰী হৈছিল।

বিয়েৰ, দেশী আৰু বিদেশী সুৰাৰ বিক্ৰী

জিলা আবকাৰী বিষয়াৰ মতে, এই বছৰ সুৰা বিক্ৰী ২০-২৫ শতাংশ বৃদ্ধি হৈছে। বিভাগটোৱে ইতিমধ্যে এই বৰ্ধিত চাহিদাৰ আশা কৰি ইয়াৰ বাবে প্ৰস্তুতি চলাইছিল। এই বছৰ বিয়েৰ, দেশী আৰু বিদেশী সুৰাৰ সকলো শ্ৰেণীতে বিক্ৰী বৃদ্ধি হৈছে।

এই বছৰ কেইবাটাও কাৰণত চহৰখনত  সুৰাৰ বিক্ৰী বৃদ্ধি হৈছে। নৱবৰ্ষৰ দিনা বেছিভাগ লোকে ঘৰত পাৰ্টি কৰিছিল। ইয়াৰ উপৰিও বহু লোকে পাব আৰু ৰেষ্টুৰেণ্টতো প্ৰচুৰ পৰিমাণে মদ্যপান কৰিছিল।

ইয়াৰ উপৰিও নৱবৰ্ষত নয়ডাৰ লোকসকলে যথেষ্ট সুৰা কিনিছিল আৰু বন্ধুবৰ্গৰ সৈতে উদযাপন কৰিছিল। ডাঙৰ হোটেল, বাৰ আৰু পাৰ্টি অনুষ্ঠানত সুৰাপান আটাইতকৈ বেছি দেখা গৈছিল। ইয়াৰ উপৰিও, ব্যক্তিগত পাৰ্টি আৰু ঘৰটো বৃহৎ পৰিমাণৰ সুৰা সেৱন কৰা হৈছিল। এই বছৰ ৭১২টাকৈ স্থানত অনুমতি লৈ আয়োজন কৰা হৈছিল পাৰ্টি।ল লগতে সকলো সুৰাৰ বিপনীসমূহ খুলিবলৈ অতিৰিক্ত এক ঘণ্টা সময় দিয়া হৈছিল।

Statista.com অনুসৰি, ভাৰতত প্ৰতিজন ব্যক্তিয়ে গড়ে ৪.৯৬ লিটাৰ সুৰাপান কৰে। ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানত এই সংখ্যা হৈছে জনমূৰি ০.১১ লিটাৰ।

Latest News