EPFO 3.0: ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলে পাব অধিক পেঞ্চন, EPFO 3.0ৰ জৰিয়তে আন কি কি সুবিধা লাভ কৰিব আপুনি?
কেন্দ্ৰীয় চৰকাৰে EPFO 3.0 অনাৰ প্ৰস্তুতি চলাই আছে। ইয়াৰ অধীনত EPFOৰ গ্ৰাহকসকলে প্ৰকৃত দৰমহাৰ ওপৰত আধাৰিত কৰি পেঞ্চনত অধিক অৰিহণা যোগাব পাৰিব। অৱসৰৰ সময়ত অতিৰিক্ত পৰিশোধৰ আটাইতকৈ ডাঙৰ বাধা হৈছে দৰমহাৰ সৰ্বাধিক ১২ শতাংশ অৱদানৰ সীমাৰ নিয়ম। যি অতি সোনকালেই সমাপ্ত হ'ব। ইয়াৰ বাহিৰে, আন কি কি সুবিধা উপলব্ধ হ'ব জানক...
কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ (EPFO) নিয়মত ডাঙৰ পৰিৱৰ্তনৰ আনৰ প্ৰস্তুতি চলাই আছে। এই পৰিৱৰ্তনৰ ভিতৰত অধিক পেঞ্চন বিচৰা কৰ্মচাৰীসকলে তেওঁলোকৰ প্ৰকৃত দৰমহাৰ ওপৰত আধাৰ কৰি পেঞ্চন পুঁজিত অধিক অৰিহণা যোগাব পাৰিব। এনে ধৰণৰ পৰিৱৰ্তনৰ দীৰ্ঘদিন ধৰি দাবী কৰি অহা হৈছে। চৰকাৰৰ হৈ এই পৰিৱৰ্তনক EPFO 3.0 নাম দিয়া হৈছে। ইয়াত EPFO 3.0ৰ সকলো সুবিধা প্ৰযুক্তি-আধাৰিত আৰু সহজ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
মুখ্য উদ্দেশ্য-অধিক পেঞ্চন
শ্ৰম মন্ত্ৰালয়ৰ বিষয়াসকলৰ তৰফৰ পৰা প্ৰকাশ পোৱা পৃথক পৃথক সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে, কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই কৰ্মচাৰী পেঞ্চন আঁচনিত (EPS) কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰ কৰিবলৈ আগবাঢ়িছে। দীৰ্ঘদিন ধৰি বিবেচনাধীন হৈ আছিল এই সংস্কাৰবোৰ। সংস্কাৰৰ মূল উদ্দেশ্য হৈছে অৱসৰৰ সময়ত অধিক পেঞ্চন দিয়া।
বৰ্তমান উপলব্ধ পেঞ্চন
EPSৰ অধীনত পেঞ্চন পুঁজিত অৰিহণা যোগোৱা বেছিভাগ ব্যক্তিগত কৰ্মচাৰীয়ে বৰ্তমান ৩,০০০ টকাৰ পৰা ৪,০০০ টকাৰ মাহিলী পেঞ্চন লাভ কৰে। EPFO 3.0ৰ অধীনত, কৰ্মচাৰীসকলে পেঞ্চনৰ বাবে তেওঁলোকৰ দৰমহাৰ পৰা যিমান বিচাৰে সিমানে পুঁজি জমা দিব পাৰিব। যিয়ে তেওঁলোকক অৱসৰৰ সময়ত অধিক পেঞ্চন প্ৰদান কৰিব।
সামাজিক সুৰক্ষা
মন্ত্ৰালয়ৰ বিষয়াসকলে কয় যে, যদিও কৰ্মচাৰীসকলে অধিক পেঞ্চন লাভ কৰে, ই চৰকাৰক সাৰ্বজনীন পেঞ্চন দিয়া আৰু অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকসকলক অধিক সামাজিক সুৰক্ষা দিয়াৰ লক্ষ্য প্ৰাপ্ত কৰাত সহায় কৰিব। এনে কৰ্মীসকলে প্ৰায়ে অৱসৰৰ বাবে পৰ্যাপ্ত পুঁজি উপাৰ্জন নকৰে।
ATMৰ পৰা উলিয়াব পাৰিব PF
EPFO 3.0 সন্দৰ্ভত চিএনবিচিৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে অধিক পেঞ্চনৰ বাবে ১২ শতাংশৰ সীমা বাতিল কৰা হ’ব। ইয়াৰ উপৰিও PFৰ ধন উলিওৱা পদ্ধতি অতি সহজ কৰা হ’ব। ইয়াৰ বাবে, শ্ৰম মন্ত্ৰালয়ে PF Withdrawal কাৰ্ড জাৰী কৰাৰ পৰিকল্পনা কৰিছে। যি হ’ব ATM সদৃশ কাৰ্ড, যাৰ দ্বাৰা সহজতে PFৰ ধন লাভ কৰিব।
কেতিয়া হ’ব এই পৰিৱৰ্তন?
EPFO 3.0ৰ অধীনত যি পৰিৱৰ্তন কৰা হ’ব তাৰ বাবে মন্ত্ৰালয়ে জুন ২০২৫ৰ সময়সীমা নিৰ্ধাৰণ কৰিছে। ইয়াৰ জড়িয়তে বিশেষকৈ আইটি আৰু উইড্ৰ’লৰ সৈতে সম্পৰ্কিত প্ৰণালীটো উন্নত কৰা হ’ব। অৱসৰ পুঁজি ব্যৱস্থাপকৰ আইটি প্ৰণালীক বিশ্বমানৰ কৰা হ’ব। ইয়াৰ উপৰিও, উইড্ৰে’লৰ সীমাত পৰিৱৰ্তন কৰা হ’ব। অংশধাৰকসকলে তেওঁলোকৰ পুঁজিৰ পৰা ৫০% উইড্ৰে’ল কাৰ্ডৰ জৰিয়তে যিকোনো সময়তে উলিয়াব পাৰিব। যি ATMৰ জৰিয়তে বেংক একাউণ্টৰ পৰা টকা উলিওৱাৰ দৰে সহজ হ’ব।