ATMৰ পৰা উলিয়াব পাৰিব PFৰ ধন, কেতিয়া পাব বিশেষ কাৰ্ড? সবিশেষ জানক

EPFO Withdrawal:  নতুন পিএফ ঘোষণা কৰাৰ পিছৰে পৰা সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে এটিএমৰ পৰা পিএফৰ ধন কেনেকৈ উলিয়াব পাৰি? পিএফ একাউণ্টৰ পৰা সৰ্বাধিক কিমান টকা উলিয়াব পাৰি? আমাৰ এই প্ৰতিবেদনত এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাব।

ATMৰ পৰা উলিয়াব পাৰিব PFৰ ধন, কেতিয়া পাব বিশেষ কাৰ্ড? সবিশেষ জানক

ATMৰ পৰা উলিয়াব পাৰিব PFৰ ধন

Published: 

24 Mar 2025 13:54 PM

কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ সঞ্চয় হ’ল এমপ্ল’ইজ প্ৰভিডেণ্ট ফাণ্ড বা ইপিএফঅ’। প্ৰতিমাহে কৰ্মচাৰীৰ দৰমহাৰ পৰা এক নিৰ্দিষ্ট ধন পিএফ একাউণ্টত জমা হয়। কৰ্মচাৰীজনে সেই ধন অৱসৰৰ পিছত উলিয়াব পাৰে। কিন্তু এতিয়াৰ হঠাৎ প্ৰয়োজন হ’লে ইপিএফ একাউণ্টৰ পৰা এটা নিৰ্দিষ্ট ধন উলিয়াব পাৰিব। বিগত বছৰত শ্ৰম মন্ত্ৰালয়ে এই সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰিছিল। পিএফ একাউণ্টৰ  ধন উলিওৱাৰ ক্ষেত্ৰত থকা জটিলতা হ্ৰাস কৰিবলৈ এতিয়াৰে পৰা এটিএমৰ পৰাও উলিয়াব পাৰিব। এই ক্ষেত্ৰত EPFO ​​3.0 এ লৈ আহিছে এক ডাঙৰ আপডেট।

নতুন পি এফ ঘোষণাৰ পিছৰে পৰা সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে এটিএমৰ পৰা পিএফৰ ধন কেনেকৈ উলিয়াব পাৰি? পিএফ একাউণ্টৰ পৰা সৰ্বাধিক কিমান টকা উলিয়াব পাৰি? ইয়াত এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাব।

ইপিএফঅ’ ৩.০ৰ অধীনত অতি সোনকালে এটিএম পৰা ধন উলিওৱাৰ সুবিধা উপলব্ধ হ’ব। ইয়াৰ বাবে সুকীয়া এটিএম কাৰ্ডৰ ব্যৱস্থা কৰা হ’ব। সেই কাৰ্ড ব্যৱহাৰ কৰি পিএফ একাউণ্টৰ পৰা পোনপটীয়াকৈ ধন উলিয়াব পাৰিব। শ্ৰম মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি অহা জুন মাহৰ পৰা এই এটিএম কাৰ্ড গ্ৰাহকলৈ প্ৰেৰণ কৰা হ’ব। এই ব্যৱস্থা প্ৰৱৰ্তনৰ পিছত অনলাইন বা অফলাইনত অনুমোদনৰ বাবে বেছি অপেক্ষা কৰিব নালাগিব। পিএফ ফাণ্ড উলিওৱাৰ ক্ষেত্ৰত আবেদন কৰাৰ পিছত শীঘ্ৰে অনুমোদন দিয়া হ’ব।

এতিয়া জানো আহক পিএফ একাউণ্টৰ পৰা সৰ্বাধিক কিমান টকা উলিয়াব পাৰিব? সৰ্বাধিক ধন উলিয়াব পৰাকৈ এতিয়ালৈকে কোনো ঘোষণা কৰা হোৱা নাই যদিও অনিশ্চিত সূত্ৰ অনুসৰি এটিএমৰ পৰা সৰ্বাধিক ২০ৰ পৰা ৫০ হাজাৰ টকা উলিয়াব পাৰিব।

পিছে এই এটিএম কাৰ্ডখন কেনেদৰে কাম কৰিব? এই ক্ষেত্ৰত বেংক একাউণ্টটো ইউনিভাৰ্চেল একাউণ্ট নম্বৰ বা ইউএএনৰ সৈতে সংযোগ কৰা হ’ব। তাৰ পাছত এটিএমৰ পৰা লাভ কৰা পিন নম্বৰ ব্যৱহাৰ কৰি পিএফ একাউণ্ট উলিয়াব পাৰিব। সুৰক্ষাৰ ক্ষেত্ৰত এই কাৰ্ডত বহু কাৰক প্ৰমাণীকৰণ ব্যৱস্থা থাকিব। যদি আপুনি টকা উলিয়াব বিচাৰে তেন্তে আপোনাৰ মোবাইলত এটা OTP পাব, আপুনি সেই নম্বৰটো দিয়াৰ পাছতহে ATM ৰ পৰা টকা উলিয়াব পাৰিব।

ভাৰতৰ ১০০ টকাৰ মূল্য ইজৰাইলত কিমান হয়? শুনি হ'ব আচৰিত...
আইপিএলৰ ইতিহাসত সৰ্বাধিক শূন্যত আউট হোৱা খেলুৱৈজন কোন জানেনে ?
ভাৰতৰ ১০০ টকাৰ মূল্য চীনত কিমান হয়? শুনি হ'ব আচৰিত...
মঙলবাৰে বজৰংগবলীক অৰ্পন কৰক এইসমূহ বস্তু, দূৰ হ'ব ধনৰ অভাৱ