চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত EPFO য়ে লাভ কৰিলে ১.৬১ মিলিয়ন নেট সদস্য, বৃদ্ধি মহিলা সদস্য…
EPFO য়ে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত লাভ কৰিছে ১.১৬ মিলিয়ন নতুন সদস্য । সংস্থাটোৱে প্ৰকাশ কৰা ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ অস্থায়ী পে-ৰোলৰ তথ্য অনুসৰি, ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ তুলনাত সদস্য সংখ্যা ৩.৯৯ শতাংশ বৃদ্ধি পাইছে ।

কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচনে(EPFO) ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত লাভ কৰিছে ১.১৬ মিলিয়ন নতুন সদস্য । সংস্থাটোৱে প্ৰকাশ কৰা ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ অস্থায়ী পে-ৰোলৰ তথ্য অনুসৰি, ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ তুলনাত সদস্য সংখ্যা ৩.৯৯ শতাংশ বৃদ্ধি পাইছে । এই বৃদ্ধিয়ে স্পষ্ট কৰিছে যে, পূৰ্বৰ তুলনাত কৰ্মচাৰীসকলৰ মাজত সুবিধাৰ বিষয়ে সজাগতা বৃদ্ধি পোৱাৰ লগতে নিয়োগৰ সুযোগ উন্নত হৈছে।
২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত EPFO য়ে প্ৰায় ৭, ৩৯,০০০ নতুন গ্ৰাহকৰ পঞ্জীয়ন লাভ কৰিছিল। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে, এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে, “নতুন গ্ৰাহকৰ এই সংযোজনৰ কাৰণ হ’ব পাৰে নিয়োগৰ সুযোগ বৃদ্ধি, কৰ্মচাৰীৰ সুবিধাৰ প্ৰতি সজাগতা বৃদ্ধি আৰু EPFO ৰ সফল আউটৰিচ কাৰ্যসূচী।”
নতুন সদস্য হ’ল সেইসকল যিসকলে প্ৰথমবাৰৰ বাবে EPFO ত যোগদান কৰিছে। ইয়াৰ পূৰ্বে EPFO ৰ পৰা ওলাই অহা প্ৰায় ১.৩১ মিলিয়ন সদস্যই ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত পুনৰ যোগদান কৰে । এই হাৰ ১১.৮৫ শতাংশ বৃদ্ধি পাইছে । মন্ত্ৰালয়ে লগতে কয়, “এই সদস্যসকলে নিজৰ চাকৰি সলনি কৰি EPFO ৰ পৰিসৰৰ অধীনত সামৰি লোৱা প্ৰতিষ্ঠানসমূহত পুনৰ যোগদান কৰে ।”
উল্লেখ্য যে, এই নতুন সদস্যসকলৰ ভিতৰত ১৮–২৫ বছৰ বয়সৰ সদস্যৰ সংখ্যা সৰ্বাধিক । এই বয়সৰ ৪,২৭,০০০ সদস্যই EPFOত পঞ্জীয়ন কৰিছে । যিটোৱে মুঠ নতুন নামভৰ্তিৰ ৫৭.৭১ শতাংশক প্ৰতিনিধিত্ব কৰে। ইয়াৰ উপৰিও ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ১৮–২৫ বছৰ বয়সৰ গোটৰ বাবে নিকা পে-ৰোল সংযোজন প্ৰায় ৬,৭৮,০০০ ত উপনীত হয় ।
একেদৰে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত EPFOত প্ৰায় ২,০৮,০০০ নতুন মহিলা সদস্যৰ পঞ্জীয়ন হৈছে । এই হাৰ পূৰ্ব তুলনাত ১.২৬ শতাংশ বৃদ্ধিৰ পাইছে । সামগ্ৰিকভাৱে নেট মহিলা পে-ৰোল সংযোজন প্ৰায় ৩ লাখ ৩৭ হাজাৰ । ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ তুলনাত ৯.২৩ শতাংশ বৃদ্ধি পাইছে ।
ৰাজ্যভিত্তিক বিশ্লেষণে দেখুৱাইছে যে শীৰ্ষ পাঁচখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে মুঠ নিকা পে-ৰোল সংযোজনৰ প্ৰায় ৫৯.৭৫ শতাংশ অৰিহণা যোগাইছে, য’ত প্ৰায় ৯,৬২,০০০ সদস্য আছে। এই আগবাঢ়ি আছে মহাৰাষ্ট্ৰ । ৰাজ্য়খনে মুঠ নেট সংযোজনৰ ২০.৯০ শতাংশ অৰিহণা যোগাইছে। ইয়াৰ বাহিৰে আন ৰাজ্যসমূহ হৈছে তামিলনাডু, কৰ্ণাটক, গুজৰাট, হাৰিয়ানা, দিল্লী, তেলেংগানা, আৰু উত্তৰ প্ৰদেশ আদি।