শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

New Income Tax Bill 2025: নতুন আয়কৰ বিধেয়কৰ পৰা কি লাভ হ’ব সাধাৰণ লোকৰ? বৃদ্ধি হ’ব নেকি কৰৰ বোজা?

২০২৪ চনৰ জুলাই মাহৰ বাজেট দাখিল কৰাৰ সময়ত আয়কৰ আইন পুনৰীক্ষণ কৰি প্ৰয়োজনীয় পৰিৱৰ্তন কৰিবলৈ কয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । তেওঁ কয় যে নতুন আয়কৰ বিধেয়কখনে কৰ ব্যৱস্থাক অধিক সংক্ষিপ্ত, সহজ আৰু স্বচ্ছ কৰি তুলিব। বুজাত অসুবিধা হোৱাৰ বাবে কৰদাতাসকলে কৰ দিওঁতে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

New Income Tax Bill 2025: নতুন আয়কৰ বিধেয়কৰ পৰা কি লাভ হ’ব সাধাৰণ লোকৰ? বৃদ্ধি হ’ব নেকি কৰৰ বোজা?
নতুন আয়কৰ বিধেয়ক
trishna-kalita
Trishna Kalita | Updated On: 10 Feb 2025 17:24 PM

দেশৰ অৰ্থনীতিত হ’বলৈ গৈ আছে এক ডাঙৰ পৰিৱৰ্তন। প্ৰযোজ্য হ’ব নতুন আয়কৰ বিধেয়ক । ২০২৪ চনৰ জুলাই মাহৰ বাজেট দাখিল কৰাৰ সময়ত আয়কৰ আইন পুনৰীক্ষণ কৰি প্ৰয়োজনীয় পৰিৱৰ্তন কৰিবলৈ কয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । তেওঁ কয় যে নতুন আয়কৰ বিধেয়কখনে কৰ ব্যৱস্থাক অধিক সংক্ষিপ্ত, সহজ আৰু স্বচ্ছ কৰি তুলিব। বুজাত অসুবিধা হোৱাৰ বাবে কৰদাতাসকলে কৰ দিওঁতে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ ভিতৰত কিছুমান আইনী বিষয়ো অন্তৰ্ভুক্ত। এই নতুন কৰ আইন প্ৰণয়ন হ’লে এই সমস্যাও সমাধান হ’ব বুলি জনাই বিশেষজ্ঞসকলে।

নতুন আয়কৰ বিধেয়কৰ পৰা কি লাভ হ’ব?

বৰ্তমানৰ আয়কৰ আইনখন সাধাৰণ কৰদাতাৰ বাবে যথেষ্ট জটিল। এই জটিলতাৰ লগতে আইনী সমস্যাৰ পৰা হাত সাৰিবলৈ কৰদাতাসকলে কৰ বিশেষজ্ঞ বা চাৰ্টাৰ্ড একাউণ্টেণ্টৰ আশ্ৰয় লয়। সংবাদ সংস্থা পিআইটিৰ এক প্ৰতিবেদন অনুসৰি নতুন আয়কৰ আইনখন অতি সহজ হ’ব যিটো কৰদাতাই সহজেই বুজিব পাৰিব।

আয়কৰ আইন পুনৰীক্ষণ কৰাটো কিয় প্ৰয়োজন?

বৰ্তমানৰ আয়কৰ আইনখন প্ৰায় ৬৪ বছৰ পূৰ্বে অৰ্থাৎ ১৯৬১ চনত প্ৰণয়ন কৰা হৈছিল। তেতিয়াৰ পৰাই সামাজিক আৰু অৰ্থনৈতিক দিশৰ পৰা দেশৰ লগতে দেশৰ জনসাধাৰণৰ বহু পৰিৱৰ্তন ঘটিছে। ১৯৬১ চনৰ আইনখন প্ৰণয়ন হোৱাৰ সময়ত ভাৰতক এখন সদ্যগণতান্ত্ৰিক দেশ বুলি ক’ব পাৰি। ইয়াৰ বাহিৰেও বৰ্তমান দেশত আন বহুতো আৰ্থ-সামাজিক পৰিৱৰ্তন ঘটিছে।অৱশ্যে সময়ৰ লগে লগে সময়ৰ লগে লগে কৰ আইনত কেইবাটাও পৰিৱৰ্তন ঘটিছে। কিন্তু সম্পূৰ্ণ সলনি হোৱা নাই।

নতুন আয়কৰ আইনত কি পৰিৱৰ্তন কৰিব পাৰে?

নতুন আয়কৰ আইনখন কম পৰিসৰৰ আৰু পৰিপাটি হ’ব পাৰে। যিবোৰ সাধাৰণ কৰদাতাসকলে বুজিবলৈ সুবিধাজনক হ’ব। চৰকাৰে বিচাৰে নতুন আইনখন পুৰণি আইনখনৰ আধা আকাৰৰ হওক। যাতে কৰদাতাসকলে দিবলগীয়া কৰ সঠিক পৰিমাণ বুজিবলৈ কোনো অসুবিধা নাপায়। নতুন আইনখনৰ লক্ষ্য হৈছে অপ্ৰয়োজনীয় আইনী জটিলতা আৰু বিতৰ্কিত কৰ যিমান পাৰি হ্ৰাস কৰা।

নতুন আয়কৰ আইনখনৰ পৰিসৰ কেনেকৈ কম হ’ব?

১৯৬১ চনৰ আয়কৰ আইনত কেইবাটাও বিধান আছে। য’ত প্ৰত্যক্ষ কৰ, ব্যক্তিগত আয়কৰ, কৰ্পৰেট কৰ, ছিকিউৰিটিজ আৰু লেনদেন কৰ, উপহাৰ আৰু সম্পত্তি কৰ আদি জটিল বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। বৰ্তমান এই কৰ আইনত ২৯৮টা ধাৰা আৰু ২৩টা অধ্যায় আছে। কিন্তু সময়ৰ লগে লগে চৰকাৰে সম্পত্তি কৰ, উপহাৰ কৰ, ফ্ৰিঞ্জ বেনিফিট কৰ (Fringe Benefit Tax) আৰু বেংকিং নগদ লেনদেন কৰ (Banking Cash Transaction Tax) আদিত একাধিক ৰেহাই প্ৰদান কৰিছে।

ইয়াৰ উপৰিও ২০২২ চনত বৰ্তমানৰ কৰ আইনখনৰ সংশোধনীত নতুন কৰ ব্যৱস্থাও (New Tax Regime) সংযোজন কৰা হৈছে। ইয়াৰ বাহিৰেও যোৱা ৬ দশকত ব্যৱহাৰ নোহোৱাৰ বাবে কেইবাটাও খণ্ড বা অধ্যায় সলনি কৰা হৈছে,সংযোগ কৰা হৈছে, বাদ দিয়া হৈছে বা নিষ্ক্ৰিয় হৈ পৰিছে। এই নতুন কৰ আইনখনত সেই সকলোবোৰ পুৰণি ধাৰা আৰু অধ্যায় সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱা হ’ব যিবোৰৰ আজি সময়ত কোনো কাম নাই। তদুপৰি নতুন আইনখনৰ ভাষা ইমানেই সহজ হ’ব যে কৰ বিশেষজ্ঞৰ অবিহনে কৰদাতাই সহজে বুজিব পাৰিব বুলি আশা কৰা হৈছে।

নতুন আয়কৰ বিধেয়কে সাধাৰণ জনতাৰ ওপৰত কৰৰ বোজা বৃদ্ধি কৰিব নেকি?

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি নতুন কৰ আইনখন ৰাজহ নিৰপেক্ষ (Revenue Neutral) হ’ব। নতুন আইনখনে মূলতঃ ভাষাৰ স্পষ্টতা, সৰলতা আৰু কৰ দাখিল ব্যৱস্থাৰ সৰলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। সংবাদ সংস্থা “বিজনেছ ষ্টেণ্ডাৰ্ড”য়েও এই নতুন আইনত কৰ হাৰৰ কোনো পৰিৱৰ্তন হ’ব বুলি নাভাবে। কাৰণ কৰ হাৰ সলনি কৰাৰ দৰে কামবোৰ প্ৰতি বছৰে বাজেট দাখিল কৰাৰ সময়ত বিত্ত আইন (Finance Act) অনুসৰি কৰা হয়। আগন্তুক ২০২৬ বিত্তীয় বৰ্ষৰ বাজেটত যিখিনি পৰিৱৰ্তন হ’ব, সেই সকলোবোৰ এই নতুন আইনত অন্তৰ্ভুক্ত কৰা হ’ব।

প্ৰত্যক্ষ কৰ সংহিতা ঘূৰি আহিব নেকি?

অৱশ্যে আয়কৰ আইনখনক সৰল কৰাৰ এয়াই প্ৰথম প্ৰয়াস নহয়  । ইয়াৰ পূৰ্বেও চৰকাৰে আয়কৰ আইনখন সহজ কৰাৰ চেষ্টা কৰিছে। ২০০৯ চনত তেতিয়াৰ ইউপিএ চৰকাৰে প্ৰত্যক্ষ কৰ সংহিতা অনাৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই সময়ত ধাৰণা কৰা হৈছিল যে আয়কৰ আইনখনৰ ঠাই প্ৰত্যক্ষ কৰ সংহিতাই ল’ব। কাৰণ অত্যধিক আয়কৰ আইনখন চুটি কৰাটো অতি জটিল আৰু সময় সাপেক্ষ। প্ৰস্তাৱিত প্ৰত্যক্ষ কৰ সংহিতাত মূলতঃ ৩টা স্তম্ভ আছিল। প্ৰথমতে, কেইবাটাও কৰ ৰেহাই দি আয়কৰৰ হাৰ সলনি কৰা। দ্বিতীয়তে, আইনী জটিলতা হ্ৰাস কৰিবলৈ আয়কৰ আইনত থকা অস্পষ্টতা আঁতৰোৱা। তৃতীয়তে, কৰ ফাঁকিৰ পৰিমাণ গণনা কৰা।

ইকনমিক টাইমছ কাকতৰ তথ্য অনুসৰি প্ৰত্যক্ষ কৰ সংহিতাত যিবোৰ পৰিৱৰ্তন প্ৰস্তাৱ কৰা হৈছিল, সেইবোৰৰ বহু পৰিৱৰ্তন বৰ্তমানৰ কৰ আইনত দেখা গৈছে। আনকি নতুন কৰ ব্যৱস্থাতো কেইবাটাও কৰৰ ওপৰত ৰেহাই প্ৰদানৰ লগতে কৰ হাৰ হ্ৰাস কৰা হৈছে।

কৰ সন্দৰ্ভত পৰামৰ্শ প্ৰদৰ্শনকাৰী প্ৰতিষ্ঠান ‘গ্ৰাণ্ট থৰ্ণ্টন ভাৰত’ (Grant Thornton Bharat)ৰ অন্যতম অংশীদাৰ ৰিয়াজ থিংনাই কয় যে, “নতুন আয়কৰ বিধেয়কখন অতি অভিলাষী। লগতে চৰকাৰ আৰু বিধায়কৰ বাবে ই এক ডাঙৰ পৰীক্ষা।” ‘দ্য টেলিগ্ৰাফ’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি চৰকাৰে এই নতুন আইন সন্দৰ্ভত ভাষাৰ সৰলীকৰণ, আইনী জটিলতা হ্ৰাস, অনুসৰণ হ্ৰাস আৰু অতিৰিক্ত আৰু অচল দফা আদি ৪টা শিতানত নতুন আইন সম্পৰ্কে জনসাধাৰণৰ পৰামৰ্শ বিচাৰিছিল। ইয়াৰ পৰা আয়কৰ বিভাগে লাভ কৰিছে প্ৰায় ৬ হাজাৰ ৫০০টা পৰামৰ্শ। যাৰ ওপৰত তেওঁলোকে ইতিমধ্য়ে বিবেচনা আৰম্ভ কৰিছে।