শীঘ্ৰেই দূৰ হ’ব দেশৰ মধ্যবিত্ত শ্ৰেণীৰ দুৰ্দশা! বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দিলে এনে সঁহাৰি
সামাজিক মাধ্যমত মুদ্ৰাস্ফীতিয়ে সৃষ্টি কৰা সমস্যাৰ বিষয়ে উল্লেখ কৰি এই বিষয়ত চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই এগৰাকী ব্যক্তিয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক টেগ কৰিছিল। এই পোষ্টটিৰ প্ৰতি সঁহাৰি জনাইছে বিত্তমন্ত্ৰী সীতাৰমণে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ এই সঁহাৰিয়ে লাভ কৰিছে ব্যাপক চৰ্চা।
দেশত বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি সমস্যাই সমাজৰ প্ৰতিটো শ্ৰেণীৰ ওপৰতে প্ৰভাৱ পেলাইছে। মুদ্ৰাস্ফীতিৰ প্ৰভাৱত জুৰুলা হৈছে সাধাৰণ মানুহৰ জীৱন। এনে পৰিস্থিতিত সাধাৰণ লোকৰ মাজত অসন্তুষ্টি পৰিলক্ষিত হৈছে। মুদ্ৰাস্ফীতিৰ এই সমস্যাৰ ক্ষেত্ৰত চৰকাৰৰ পৰা সকাহ পাব বুলি আশা কৰিছে সাধাৰণ জনতাই। সামাজিক মাধ্যম যোগে বহু লোকে এই বিষয়ত চৰকাৰক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে। এই মুদ্ৰাস্ফীতিৰ বিষয়টোক লৈ সামাজিক মাধ্যমত এগৰাকী ব্যক্তিয়ে কৰা এটা পোষ্টে লাভ কৰিছে ব্যাপক চৰ্চা।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই পোষ্টটোৰ প্ৰতি সঁহাৰি জনোৱাৰ পিছতে সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে পোষ্টটো। সামাজিক মাধ্যম প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ)ত তুষাৰ নামৰ এগৰাকী ব্যক্তিয়ে বিত্তমন্ত্ৰীক টেগ কৰি এটা পোষ্ট কৰিছিল। তেওঁ এই পোষ্টটোত লিখিছে যে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ সকলোৱে শলাগ লৈছে। কিন্তু মুদ্ৰাস্ফীতি বৃদ্ধিয়ে মধ্যবিত্ত শ্ৰেণীৰ সমস্যা বৃদ্ধি কৰিছে বুলি তেওঁ উল্লেখ কৰে।
এই ক্ষেত্ৰত জনতাক কিছু সকাহ দিবলৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক অনুৰোধ জনায় ব্যক্তিজনে। “চৰকাৰৰ বাবে এয়া নিশ্চয় প্ৰত্যাহ্বানমূলক, কিন্তু অনুগ্ৰহ কৰি বিবেচনা কৰক।”- পোষ্টটোত এইদৰে কয় তুষাৰ নামৰ ব্যক্তিজনে। তেওঁৰ এই পোষ্টটোৰ প্ৰতি সঁহাৰি জনায় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে এই পোষ্টটোৰ উত্তৰত কয়, “আপোনালোকৰ বুজাবুজি আৰু প্ৰশংসাৰ বাবে মই আপোনাক ধন্যবাদ জনাইছো।”
বিত্তমন্ত্ৰী সীতাৰমণে লগতে মুদ্ৰাস্ফীতিৰ প্ৰতি ব্যক্তিজনৰ চিন্তাৰ বিষয়ে ধাৰণা কৰিব পাৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰক এখন ‘জবাবদিহি চৰকাৰ’ আখ্যা দিয়ে। মোদী চৰকাৰে জনসাধাৰণৰ কথা শুনে আৰু তেওঁলোকৰ প্ৰতি মনোযোগ দিয়ে বুলি উল্লেখ কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লগতে ব্যক্তিজনৰ উপদেশ চৰকাৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে।
Thank you for your kind words and your understanding. I recognise and appreciate your concern.
PM @narendramodi ‘s government is a responsive government. Listens and attends to people’s voices. Thanks once again for your understanding. Your input is valuable. https://t.co/0C2wzaQtYx— Nirmala Sitharaman (@nsitharaman) November 17, 2024
নিৰ্মলা সীতাৰমণৰ এই উত্তৰ ক্ষন্তেকৰ ভিতৰতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। এইপৰ্যন্ত ১.৪ হাজাৰতকৈ অধিক ব্যৱহাৰকাৰীয়ে এই পোষ্টটো লাইক কৰিছে আৰু ৩০০ৰো অধিক লোকে সীতাৰমণৰ মন্তব্যৰ প্ৰতি সঁহাৰি জনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বহু ব্যৱহাৰকাৰীয়ে বিত্তমন্ত্ৰীৰ এই পদক্ষেপক প্ৰশংসা কৰি মধ্যবিত্ত শ্ৰেণীৰ সমস্যাসমূহ বুজি চৰকাৰে এই দিশত সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰিছে।
বিত্তমন্ত্ৰীৰ উত্তৰৰ পিছতে সামাজিক মাধ্যমত আৰম্ভ হয় ধাৰাবাহিক প্ৰতিক্ৰিয়া। একাংশ লোকে আশা প্ৰকাশ কৰে যে অতি সোনকালে চৰকাৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে নতুন পদক্ষেপ গ্ৰহণ কৰিব আৰু মধ্যবিত্ত শ্ৰেণীক সকাহ দিব। একে সময়তে একাংশ লোকে কেৱল প্ৰতিক্ৰিয়া দিলেই পৰিস্থিতিৰ উন্নতি হ’বনে আৰু ইয়াৰ বাবে সুনিৰ্দিষ্ট নীতি ৰূপায়ণ কৰা হ’বনে বুলিও প্ৰশ্ন উত্থাপন কৰিছে।