কেতিয়াবা ৰঙা, কেতিয়াবা নীলা শাৰীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, প্ৰত্যক বাজেটতে থাকে এই বিশেষত্ব... | Finance Minister Nirmala Sitharaman's line-up features in budget session Assam news - Assam Tv9

কেতিয়াবা ৰঙা, কেতিয়াবা নীলা শাৰীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, প্ৰত্যক বাজেটতে থাকে এই বিশেষত্ব…

Updated On: 

11 Jul 2024 18:26 PM

নতুন চৰকাৰ গঠনৰ পাছত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২৩ জুলাইত মোদী ৩.০ৰ প্ৰথমখন বাজেট দাখিল কৰিব। ২০১৯ চনৰ পৰা এতিয়ালৈকে বাজেট ভাষণত বিভিন্ন ৰঙৰ শাৰী পিন্ধিছে। কিন্তু ইয়াৰ বিশেষত্ব কি?

1 / 6২০১৯

২০১৯ চনত প্ৰথম বাজেট ভাষণত গোলাপী ৰঙৰ ৰেচমৰ শাৰী পিন্ধিছিল নিৰ্মলা সীতাৰমণে। গোলাপী ৰংক স্থিৰতা আৰু গুৰুত্বৰ প্ৰতীক বুলি গণ্য কৰা হয়।

2 / 6

২০২০ চনৰ বাজেট ভাষণত নিৰ্মলা সীতাৰমণে পিন্ধিছিল হালধীয়া ৰেচমৰ শাৰী। হালধীয়া ৰঙক আনন্দ আৰু শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই লুকটোও অতিশয় প্ৰশংসা কৰা হৈছিল।

3 / 6

২০২১ বৰ্ষৰ বাজেট দাখিল কৰা হৈছিল ক'ভিড কালত। এই সময়ত নিৰ্মলা সীতাৰমণে ৰঙা বৰ্ডাৰ থকা অফ-হোৱাইট ৰঙৰ শাৰী পিন্ধিছিল।

4 / 6

২০২২ চনত বিত্তমন্ত্ৰীয়ে কফি ৰঙৰ শাৰী পিন্ধিছিল। এইখন আছিল বমকাই শাৰী যি পৰম্পৰাগতভাৱে ওড়িশাত নিৰ্মাণ কৰা হয়।

5 / 6

২০২৩ চনৰ বাজেট দাখিল কৰিবলৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পৰম্পৰাগত ৰঙা ৰঙৰ শাৰী পিন্ধিছিল। ৰঙা ৰঙক প্ৰেম, দায়বদ্ধতা, শক্তি আৰু বীৰত্বৰ প্ৰতীক বুলি গণ্য কৰা হয়।

6 / 6

২০২৪ চনৰ অন্তৱৰ্তীকালীন বাজেটত বিত্তমন্ত্ৰীয়ে পিন্ধিছিল নীলা ৰঙৰ হেণ্ডলুম শাৰী। এয়া আছিল বিত্তমন্ত্ৰীৰ ষষ্ঠ বাজেট ভাষণ। এই শাৰীখন আছিল তুষাৰ ৰেচমৰ।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?