ম’বাইল, লেপটপৰ লগতে ঘৰুৱা সামগ্ৰী ৰেহাই মূল্য কিনিব খুজিছে নেকি, আহি আছে FlipKart ৰ SASA Sale
অহা সপ্তাহৰ পৰা ফ্লিপকাৰ্টত SASA LELE Sale আৰম্ভ হ'ব । এই সময়ছোৱাত আপুনি মোবাইল ফোনৰ পৰা আৰম্ভ কৰি ঘৰুৱা সঁজুলিলৈকে সকলোতে বিপুল মাত্ৰাত ৰেহাই পাব ।

Flipkart ৰ SASA LELE Sale
আপুনি ঘৰৰ বাবে নতুন বস্তু কিনাৰ পৰিকল্পনা কৰিছে নেকি? লগতে ৰেহাই মূল্যত সামগ্ৰী ক্ৰয়ৰ বাবে অপেক্ষাৰত নেকি আপুনি? তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ । আপোনাৰ অপেক্ষা অতি সোনকালে অন্ত পৰিব । অহা সপ্তাহৰ পৰা ফ্লিপকাৰ্টত SASA LELE Sale আৰম্ভ হ’ব । এই সময়ছোৱাত আপুনি মোবাইল ফোনৰ পৰা আৰম্ভ কৰি ঘৰুৱা সঁজুলিলৈকে সকলোতে বিপুল মাত্ৰাত ৰেহাই পাব । আজি আমি আপোনালোকক জনাম অহা সপ্তাহত কোন দিনাৰ পৰা বিক্ৰী আৰম্ভ হ’ব আৰু কোনবোৰ সামগ্ৰীত ৰেহাইৰ সুবিধা পাব?
Flipkart SASA LELE Sale: কেতিয়া আৰম্ভ হ’ব বিক্ৰী
অহা সপ্তাহত ২০২৫ চনৰ ২ মে’ৰ পৰা ফ্লিপকাৰ্টৰ এই Sale আৰম্ভ হ’ব যদিও ফ্লিপকাৰ্ট প্লাছৰ সদস্যসকলে ২৪ ঘণ্টা আগতেই অৰ্থাৎ ১ মে’ৰ পৰাই ইয়াৰ সুবিধা পাব । বিক্ৰীৰ সময়ত বিভিন্ন সামগ্ৰীৰ ওপৰত ৰেহাই দিয়া হ’ব । যদিহে বিক্ৰীৰ সময়ত অতিৰিক্ত সঞ্চয় কৰিব বিচাৰে, তেন্তে ইয়াৰ বাবে বেংক কাৰ্ডৰ ৰেহাইৰ সুবিধা ল’ব পাৰিব ।
কেনেদৰে আপুনি অতিৰিক্ত ৰেহাই পাব?
এই বিক্ৰীৰ বাবে ফ্লিপকাৰ্টে ভাৰতীয় ষ্টেট বেংকৰ সৈতে যোগাযোগ কৰিছে, এছ বি আই ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ধন পৰিশোধ কৰিলে ১০% তৎক্ষণাত ৰেহাই লাভ কৰিব । সম্পূৰ্ণ পেমেণ্ট আৰু ইএমআই লেনদেন দুয়োটাতে ৰেহাইৰ সুবিধা উপলব্ধ হ’ব । বিক্ৰীৰ সময়ত গ্ৰাহকে বিনিময় ৰেহাই (Exchange Offer) আৰু বিনা খৰচী ইএমআইৰ (No cost EMI) সুবিধাও লাভ কৰিব ।
ফ্লিপকাৰ্ট অফাৰৰ সুবিধা
এই বিক্ৰীৰ সময়ত আপুনি Blockbuster Deals, Buy 1 Get 1 Discount Deals, Jackpot Deals, Double Discount আৰু TikTok Deals লাভ কৰিব পাৰিব । বৰ্তমান সময়ত কোম্পানীটোৱে কোনটো সামগ্ৰীত কিমান ৰেহাই দিব সেই সম্পৰ্কে কোনো তথ্য দিয়া নাই ।
ফ্লিপকাৰ্ট চেল
এই সামগ্ৰীসমূহৰ ওপৰত ৰেহাইৰ ব্যৱস্থা থাকিব
এই বিক্ৰীৰ বাবে সৃষ্টি কৰা মাইক্ৰ’ছাইটত প্ৰকাশ পাইছে যে গ্ৰাহকক মোবাইল, লেপটপ, ঘৰুৱা সামগ্ৰী, স্মাৰ্ট গেজেট আৰু ইলেক্ট্ৰনিকছ সামগ্ৰীত ৰেহাইৰ সুবিধা প্ৰদান কৰা হ’ব । এই সামগ্ৰীসমূহৰ ওপৰত ৰেহাইৰ শতাংশ কিমান হ’ব বা কিমান ৰেহাই উপলব্ধ হ’ব, এই কথা অৱশ্যে এতিয়াও প্ৰকাশ কৰা হোৱা নাই ।