১ এপ্ৰিলৰ বৃদ্ধি পাব দৰমহা! কিন্তু কেনেকৈ? সবিশেষ জানক
Salary Hike: কেন্দ্ৰীয় বাজেটত চৰকাৰে আয়কৰ ৰেহাইৰ কথা ঘোষণা কৰিছিল। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ ব্যৱস্থা।যিসকলৰ বাৰ্ষিক দৰমহা ১২ লাখ টকা বা তাতকৈ কম, তেওঁলোকে এতিয়াৰে পৰা আয়কৰ দিব নালাগিব।

মাৰ্চ মাহৰ শেষ হোৱাৰ অৰ্থ হ’ল এটা বিত্তীয় বৰ্ষৰ অন্ত। ১ এপ্ৰিলৰ পৰা আৰম্ভ হয় নতুন বিত্তীয় বৰ্ষ। নতুন বিত্তীয় বৰ্ষত সলনি কৰা হৈছে বহু নিয়ম। ইয়াৰ মাজতে চাকৰি কৰাসকলৰ বাবে আছে এটা ভাল খবৰ। ১ এপ্ৰিলৰ পৰা তেওঁলোকৰ দৰমহা বৃদ্ধি হ’ব, কিন্তু কেনেকৈ?
আয়কৰ ৰেহাইৰ কথা চৰকাৰে কেন্দ্ৰীয় বাজেটত ঘোষণা কৰিছিল। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ ব্যৱস্থা।যিসকলৰ বাৰ্ষিক দৰমহা ১২ লাখ টকা বা তাতকৈ কম, তেওঁলোকে এতিয়াৰে পৰা আয়কৰ দিব নালাগিব। যদি আপোনাৰ আয় ১২ লাখ টকাৰ ওপৰত হয়, তেন্তে নতুন টেক্স স্লেব অনুসৰি আপুনি কৰ ৰেহাই পাব। ফলত ১ এপ্ৰিলৰ পৰা আপোনাৰ দৰমহা বৃদ্ধি পাব।
এতিয়ালৈকে ৭ লাখ টকা পৰ্যন্ত বাৰ্ষিক আয়ৰ ওপৰত কোনো কৰ আদায় দিয়া হোৱা নাছিল। কিন্তু তাৰ ওপৰত উপাৰ্জন কৰা লোকে আয়কৰ দিব লাগিছিল। কিন্তু নতুন বিত্তীয় বৰ্ষৰ পৰা টিডিএছ কমি অহাৰ বাবে বৃদ্ধি হ’ব দৰমহা। কিন্তু এই ক্ষেত্ৰত এইটো মনত ৰখা উচিত যে নতুন আয়কৰ গাঁথনিৰ পথ বাছি লোৱাসকলেহে টিডিএছত কৰ ৰেহাই পাব। অৱশ্যে যিসকলৰ দৰমহা ৭ লাখতকৈ কম, তেওঁলোকৰ দৰমহাত কোনো প্ৰভাৱ নপৰে।
যদি আপোনাৰ দৰমহা ৭ৰ পৰা ১২ লাখ টকাৰ ভিতৰত হয়, তেন্তে প্ৰতিমাহে পূৰ্বতকৈ ৬৬০০ টকাতকৈ অধিক দৰমহা লাভ কৰিব। প্ৰসংগক্ৰমে এইবাৰৰ বাজেট ঘোষণাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছিল যে, ১২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কোনো আয়কৰ দিব নালাগিব। ইয়াৰ উপৰিও এই ক্ষেত্ৰত ৭৫ হাজাৰ টকীয়া মানক কৰ্তনৰ সুবিধাও উপলব্ধ হ’ব। অৰ্থাৎ ১২ লাখ ৭৫ হাজাৰ টকা পৰ্যন্ত আয়ৰ ক্ষেত্ৰত কোনো আয়কৰ দিব নালাগে।