শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১ এপ্ৰিলৰ পৰা এইসমূহ নম্বৰৰ পৰা কৰিব নোৱাৰিব UPI লেনদেন…

কিছুমান বিশেষ নম্বৰৰ পৰা কৰিব নোৱাৰিব UPI লেনদেন । ইতিমধ্যে বেংক আৰু পেমেণ্ট সেৱা প্ৰদানকাৰীক এই নম্বৰ সমূহত সেৱা স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে NPCI (National Payments Corporation of India) য়ে।

১ এপ্ৰিলৰ পৰা এইসমূহ নম্বৰৰ পৰা কৰিব নোৱাৰিব UPI লেনদেন…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 22 Mar 2025 14:15 PM

১ এপ্ৰিলৰ পৰা কিছুমান বিশেষ নম্বৰৰ পৰা কৰিব নোৱাৰিব UPI লেনদেন । ইতিমধ্যে বেংক আৰু পেমেণ্ট সেৱা প্ৰদানকাৰীক এই নম্বৰ সমূহত সেৱা স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে NPCI (National Payments Corporation of India) য়ে। NPCIয়ে জনোৱা মতে, যিবোৰ নম্বৰ নিষ্ক্ৰিয় বা ৰি-এছাইন কৰা হৈছে, তেনে নম্বৰৰ জৰিয়তে ১ এপ্ৰিলৰ পৰা  কৰিব নোৱাৰিব UPI লেনদেন ।

কোৱা হৈছে যে, অকৰ্তৃত্বশীল লেনদেন ৰোধৰ বাবে আৰু জালিয়াতি ৰোধৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। বেংক আৰু পেমেণ্ট সেৱা প্ৰদানকাৰীসকলক নিষ্ক্ৰিয় আৰু ৰি-এছাইন দিয়া নম্বৰসমূহ ডি-লিংক কৰিবলৈ কোৱা হৈছে। যদি গ্ৰাহকে তেওঁলোকৰ ইউপিআই লেনদেন সক্ৰিয় কৰি ৰাখিব বিচাৰে, তেন্তে তেওঁলোকে ইউপিআই ৰেজিষ্টাৰ নম্বৰ সক্ৰিয় হৈ থকাটো নিশ্চিত কৰিব লাগিব।

এন পি চি আইৰ মতে, এটা নিষ্ক্ৰিয় মোবাইল নম্বৰ ইউ পি আইৰ সৈতে লিংক কৰিলে প্ৰৱঞ্চনাৰ আশংকা বৃদ্ধি পায়। গ্ৰাহকে ফোন নম্বৰ সলনি কৰিলেও বা নম্বৰটো নিষ্ক্ৰিয় কৰিলেও ইউপিআই একাউণ্ট সক্ৰিয় হৈ থাকে। ইয়াৰ ফলত সেই ইউপিআই একাউণ্টৰ অপব্যৱহাৰৰ সম্ভাৱনা বৃদ্ধি পায়।

পুৰণি ফোন নম্বৰটো দি বা ৰি-এছাইন দি প্ৰৱঞ্চকে ইউপিআই একাউণ্টৰ জৰিয়তে বিত্তীয় লেনদেনৰ সুবিধা লাভ কৰিব পাৰে । এনে প্ৰৱঞ্চনা ৰোধ কৰিবলৈ বেংক আৰু গুগল পে, ফোনপে, পেটিএমৰ দৰে পেমেণ্ট এপসমূহে UPI ব্যৱস্থাৰ পৰা নিষ্ক্ৰিয় নম্বৰ আঁতৰাই পেলাব।

একেদৰে বেংকসমূহেও ইউপিআই ব্যৱস্থাৰ পৰা নিষ্ক্ৰিয় নম্বৰ আঁতৰাই দিব। কিন্তু ইউপিআই সেৱা বন্ধ হোৱাৰ আগতে গ্ৰাহকসকলে তেওঁলোকৰ ইউপিআই সেৱা বন্ধ কৰা হৈছে বুলি জাননী লাভ কৰিব । গ্ৰাহক বা ব্যৱহাৰকাৰীয়ে তেওঁৰ মোবাইল নম্বৰ আপডেট কৰিলেহে UPI সেৱা সক্ৰিয় হ’ব।

এই সিদ্ধান্তৰ দ্বাৰা কোনসকল লোক প্ৰভাৱিত হ’ব ?

  • যিসকলে নিজৰ ফোন নম্বৰ সলনি কৰাৰ পাছতো বেংকত আপডেট কৰা নাছিল।
  • যিটো নম্বৰ দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় হৈ আছে, অৰ্থাৎ সেই নম্বৰলৈ কোনো ফোন বা মেছেজ কৰা হোৱা নাই।
  • যিয়ে নিজৰ ফোন নম্বৰ আপডেট নকৰাকৈ বেংকত জমা দিছে।
  • যাৰ পুৰণি নম্বৰ আন কাৰোবাক দিয়া হৈছে। এই লোকসকল NPCI ৰ এই সিদ্ধান্ত দ্বাৰা প্ৰভাৱিত হ’ব ।