বছৰৰ প্ৰথমটো দিনতে ভাল খবৰ, ৬ মাহৰ অন্তত কমিল গেছ চিলিণ্ডাৰৰ দাম!
১ জানুৱাৰী, ২০২৫ তাৰিখে, ঘৰুৱা গেছ চিলিণ্ডাৰৰ লগতে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম আপডেট কৰা হৈছে। নতুন বছৰৰ প্ৰথম দিনটোত, গেছ চিলিণ্ডাৰৰ মূল্যত সাধাৰণ মানুহে কিমান সকাহ পাইছে? এই প্ৰতিবেদন পঢ়ি সবিশেষ জানক
নতুন বছৰৰ প্ৰথম দিনটোতে দেশবাসীলৈ সকাহ । জুলাইৰ পিছত প্ৰথমবাৰৰ বাবে দেশত হ্ৰাস পাইছে গেছ চিলিণ্ডাৰৰ দাম। ২০২৫ৰ প্ৰথম দিনটোতে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম কম হোৱা পৰিলক্ষিত দেখা গৈছে। য’ত সামান্য পৰিমাণৰ হ্ৰাস দেখা গৈছে। অৱশ্যে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। শেষবাৰৰ বাবে ২০২৪ চনৰ মাৰ্চ মাহত হোলীৰ পূৰ্বে ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য হ্ৰাস হোৱা দেখা গৈছিল । উল্লেখ্য যে, দেশৰ তেল কোম্পানীবোৰে মাহটোৰ প্ৰথম তাৰিখত গেছ চিলিণ্ডাৰৰ মূল্য আপডেট কৰে। ২০২৫ বৰ্ষৰ প্ৰথম মাহত ঘৰুৱা আৰু বাণিজ্যিক গেছ চিলিণ্ডাৰৰ বাবে আপুনি কিমান পৰিশোধ কৰিব লাগিব সেয়াও জানো আহক।
ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম
আইওচিএলৰ তথ্য অনুসৰি, ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। দেশৰ চাৰিখন মহানগৰত বাস কৰা লোকসকলে ঘৰুৱা গেছ চিলিণ্ডাৰৰ বাবে একেই মূল্য পৰিশোধ কৰিব লাগিব। যিটো শেষবাৰৰ বাবে ৯ মাৰ্চ ২০২৪ তাৰিখে আপডেট কৰা হৈছিল। সেই দিনটোত তেল কোম্পানীবোৰে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰিছিল। তাৰ পিছত, দিল্লীত এলপিজি গেছ চিলিণ্ডাৰৰ মূল্য আছিল ৮০৩ টকা, কলকাতাত ৮২৯ টকা, মুম্বাইত ৮০২.৫০ টকা আৰু চেন্নাইত ৮১৮.৫০ টকা।
বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস
ইফালে প্ৰায় ৬ মাহৰ পিছত হ্ৰাস পাইছে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম। দেশৰ ৰাজধানী দিল্লীত, বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১৪.৫ টকা হ্ৰাস হৈ ১,৮০৪ টকা হৈছে। কলকাতাত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১৬ টকা হ্ৰাস হৈ ১,৯১১ টকা হৈছে। মুম্বাইত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম ১৫ টকা হ্ৰাস হৈ ১,৭৫৬ টকা হৈছে। আনহাতে চেন্নাইত ১৪.৫ টকা হ্ৰাস পোৱাৰ ফলত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১,৯৬৬ টকা দেখা গৈছে।
৫ মাহত কিমান বাঢ়িছিল চিলিণ্ডাৰৰ দাম?
ইয়াৰ পবৰ্বে, একেৰাহে ৫ মাহলৈ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱা দেখা গৈছিল। অৰ্থাৎ জুলাইৰ পৰা ডিচেম্বৰলৈ। দিল্লীত, বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১৭২.৫ টকা বৃদ্ধি হৈছে। কলকাতা আৰু চেন্নাইত, বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১৭১টকা বৃদ্ধি হৈছে। একে সময়তে, মুম্বাইত মূল্য সৰ্বাধিক ১৭৩ টকা বৃদ্ধি হয়। বিশেষজ্ঞসকলৰ মতে, অনাগত দিনত, ঘৰুৱা গেছ চিলিণ্ডাৰৰ দামৰ ক্ষেত্ৰতো বাণিজ্যিক গেছ চিলিণ্ডাৰ দৰে হ্ৰাস হোৱা দেখা যাব পাৰে।
লগতে পঢ়ক: সোণ কিনাৰ কথা ভাবিছে নেকি? জানক বছৰৰ প্ৰথমটো দিনত গুৱাহাটীত কিমান টকা বিক্ৰী হৈছে সোণ…