শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দেশত হ্ৰাস পালে গেছ চিলিণ্ডাৰ দাম! গুৱাহাটীত চিলিণ্ডাৰৰ নতুন মূল্য কিমান হ’ল জানেনে?

প্ৰকাশ পাইছে ঘৰুৱা গেছ চিলিণ্ডাৰ আৰু বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য । প্ৰতি মাহৰ প্ৰথম দিনাই গেছ চিলিণ্ডাৰৰ মূল্য প্ৰকাশ কৰে আইঅ’চিএলে। দেশৰ চাৰিখন মেট্ৰ’ত ঘৰুৱা গেছ চিলিণ্ডাৰ আৰু বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম কিমান সলনি হৈছে জানো আহক।

দেশত হ্ৰাস পালে গেছ চিলিণ্ডাৰ দাম! গুৱাহাটীত চিলিণ্ডাৰৰ নতুন মূল্য কিমান হ’ল জানেনে?
দেশত হ্ৰাস পালে গেছ চিলিণ্ডাৰ দাম!
trishna-kalita
Trishna Kalita | Updated On: 01 Apr 2025 15:32 PM

নতুন বিত্তীয় বৰ্ষ আৰম্ভণিৰ প্ৰথম দিনটোতে দেশবাসীলৈ আহিল ভাল খবৰ। দেশৰ ৰাজধানী দিল্লীৰ পৰা আৰম্ভ কৰি মুম্বাই আৰু চেন্নাইলৈকে দেশৰ সকলো মহানগৰতে হ্ৰাস পোৱা দেখা গৈছে গেছ চিলিণ্ডাৰৰ মূল্য। হ্ৰাস পাইছে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম। আটাইকেইখন মেট্ৰ’তে ৪০ টকাতকৈ অধিক হ্ৰাস দেখা গৈছে। আনহাতে যোৱা মাহত ইয়াৰ বৃদ্ধি হৈছিল।

অৱশ্যে ঘৰুৱা গেছ চিলিণ্ডাৰৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই। শেষবাৰৰ বাবে ২০২৪ চনৰ মাৰ্চ মাহত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস হোৱা দেখা গৈছিল।দেশৰ চাৰিখন মেট্ৰ’ত ঘৰুৱা আৰু বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম কিমান হৈছে জানো আহক।

আইঅ’চিএলৰ পৰা পোৱা তথ্য অনুসৰি দেশৰ ৰাজধানী দিল্লীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৪১ টকা হ্ৰাস পোৱাৰ লগতে দাম ১৭৬২ টকালৈ পৰিণত হৈছে।আনহাতে কলকাতাত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য সস্তা হৈ পৰিছে। আই অ’ চি এলৰ তথ্য অনুসৰি গেছ চিলিণ্ডাৰৰ মূল্য ৪৪.৫ টকা হ্ৰাস পোৱা দেখা গৈছে আৰু মূল্য ১৮৬৮.৫০ টকা হৈছে। দেশৰ অৰ্থনৈতিক ৰাজধানী বুলি অভিহিত মহানগৰী মুম্বাইত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৪২ টকা সস্তা হোৱাৰ লগতে দাম ১৭১৩.৫০ টকা আৰু দক্ষিণ প্ৰান্তৰ সৰ্ববৃহৎ মহানগৰ চেন্নাইত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৪৩.৫ টকা হ্ৰাস হৈ ১৯২১.৫০ টকা হোৱা দেখা গৈছে।

GoodReturnsৰ মতে গুৱাহাটীত প্ৰতিটো ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৪৪.৫ টকাকৈ হ্ৰাস পালে। যাৰ বাবে গুৱাহাটীত ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’লগৈ ১,৯৫৮.৫ টকা।

অৱশ্যে, আইঅ’চিএলৰ পৰা পোৱা তথ্য অনুসৰি ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। তথ্য অনুসৰি দেশৰ ৰাজধানী দিল্লীত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ৮০৩ টকা, কলকাতাত ৮২৯ টকা, মুম্বাইত ৮০২.৫০ টকা আৰু চেন্নাইত ৮১৮.৫০ টকা। ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ শেষ পৰিৱৰ্তন দেখা গৈছিল ২০২৪ চনৰ ৯ মাৰ্চত।তাৰ পিছত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস পাইছিল। মাৰ্চ মাহৰ আগতে ২০২৩ চনৰ আগষ্ট মাহত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছিল।তেতিয়া চৰকাৰে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ২০০ টকা হ্ৰাস কৰিছিল।