২,০০০ কোটি টকাৰ কেলেংকাৰী: আদানীক গ্ৰেপ্তাৰ কৰাৰ দাবী ৰাহুল গান্ধীৰ

ৰাহুল গান্ধীয়ে কয় যে, সমগ্ৰ দেশকে হাইজেক কৰিছে গৌতম আদানীয়ে। তেওঁৰ প্ৰশ্ন কৰে যে, কেলেংকাৰীত জড়িত থকা স্বত্বেও কিয় কাৰাগাৰৰ বাহিৰত আছে আদানি ? ইয়াত ক্ষুদ্ৰ অপৰাধীজনক তাৎক্ষণিকভাৱে কাৰাগাৰত ৰখা হয় । তেনে ক্ষেত্ৰত আদানি ইমান দিন ধৰি কাৰাগাৰৰ বাহিৰত আছে। চৰকাৰৰ ওপৰত আদানীৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে।

২,০০০ কোটি টকাৰ কেলেংকাৰী:  আদানীক গ্ৰেপ্তাৰ কৰাৰ দাবী ৰাহুল গান্ধীৰ

আদানীক গ্ৰেপ্তাৰ কৰাৰ দাবী ৰাহুল গান্ধীৰ

Updated On: 

21 Nov 2024 13:58 PM

গৌতম আদানি সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে ডাঙৰ মন্তব্য প্ৰদান কৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। ৰাহুলে কৈছে যে, “আদানীয়ে ২,০০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছে। তেওঁক গ্ৰেপ্তাৰ কৰা উচিত। কিন্তু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদানিক ৰক্ষা কৰিছে। ৰাহুলে পুনৰ কয় ষে, প্ৰধানমন্ত্ৰী মোদীয়ে গৌতম আদানিক সমৰ্থন কৰে। কেলেংকাৰীত জড়িত থকা স্বত্বেও, তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই আৰু লোৱা নহ’ব।”

ৰাহুলে আকৌ কয় যে আমি জানো যে “তেওঁক গ্ৰেপ্তাৰ কৰা নহ’ব কাৰণ প্ৰধানমন্ত্ৰী তেওঁৰ পিছফালে থিয় হৈ আছে।” আদানিৰ বিষয়টোত JPCৰ দাবী উত্থাপন কৰে ৰাহুলে । তেওঁ কয়,” আমি এই বিষয়টো সংসদত উত্থাপন কৰিম। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্থাই কৈছে যে আদানীয়ে এটা অপৰাধ কৰিছে। তাত তেওঁৰ বিৰুদ্ধে এটা গোচৰো ৰুজু কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াত আদানিৰ বিৰুদ্ধে একো কৰা নাই আৰু একো কৰিব নোৱাৰে।”

কংগ্ৰেছ সাংসদজনে গুৰুতৰ অভিযোগ উত্থান কৰি কয় যে, “গৌতম আদানীয়ে সমগ্ৰ দেশখন হাইজেক কৰিছে। তেওঁৰ প্ৰশ্ন কৰে যে, কেলেংকাৰীত জড়িত থকা স্বত্বেও কিয় কাৰাগাৰৰ বাহিৰত আছে আদানি ? ইয়াত ক্ষুদ্ৰ অপৰাধীজনক তাৎক্ষণিকভাৱে কাৰাগাৰত ৰখা হয় । তেনে ক্ষেত্ৰত আদানি ইমান দিন ধৰি কাৰাগাৰৰ বাহিৰত আছে। চৰকাৰৰ ওপৰত আদানীৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে।” তেওঁ কয়, “আদানীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিয়োগকাৰীসকলক মিছা কৈছে। আমি বিচাৰো যে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ’ব, জেৰা কৰা হ’ব আৰু তাৰ পিছত ইয়াত জড়িত যিকোনো লোকক গ্ৰেপ্তাৰ কৰা হ’ব।

লগতে পঢ়ক: আমেৰিকাৰ পৰা অহা এক প্ৰতিবেদনৰ বাবেই মাথোঁ কিছুসময়ৰ ভিতৰতে ২.২৪ লাখ কোটি টকা লোকচান আদানীৰ

ৰাহুলে আৰু কয়, “আদানীয়ে প্ৰতিদিনে দুৰ্নীতি কৰি আহিছে। সমগ্ৰ ফাণ্ডিং এজেন্সী তেওঁৰ হাতত আছে। প্ৰধানমন্ত্ৰী মোদীয়ে বিচাৰিলেও আদানিক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। প্ৰধানমন্ত্ৰী মোদীৰ আদানিক গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা নাই কিয়নো যদি তেওঁ এনে কৰে, তেন্তে সেইদিনা তেওঁ নিজেও যাব। যদি ভাৰতত নৰেন্দ্ৰ মোদী আৰু আদানি এজন হয়, তেন্তে তেওঁলোক সুৰক্ষিত। ভাৰতত আদানিক একো কৰিব নোৱাৰে।”

তেওঁ আকৌ কয়, “ইয়াত মুখ্যমন্ত্ৰীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু আদানীয়ে ২০০০ কোটিৰ কেলেংকাৰী কৰাৰ পিছত ঘূৰি ফুৰিছে কাৰণ প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক সুৰক্ষা দি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুসন্ধানত কোৱা হৈছে যে আদানীয়ে ভাৰত আৰু আমেৰিকাত অপৰাধ কৰিছে। কিন্তু ভাৰতত আদানিৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই। আমাৰ দাবী হৈছে যে আদানিক গ্ৰেপ্তাৰ কৰা উচিত। মাধবী বুচক পদৰ পৰা আঁতৰ কৰি তেওঁৰ বিৰুদ্ধে তদন্ত কৰিব লাগে।”

গৌতম আদানীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

ভাৰতীয় উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভিযোজকসকলে।নিউয়ৰ্কৰ ব্ৰুকলিনত দাখিল কৰা এক গোচৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভিযোজকসকলে কয় যে, ভাৰতত সৌৰশক্তিৰ চুক্তি লাভ কৰিবলৈ আদানী গ্ৰুপে ২৫ কোটি ডলাৰ (২১১০ কোটি টকা) উৎকোচ দিছিল।ইয়াৰ ভিতৰত গৌতম আদানী, সাগৰ আৰ আদানী আৰু বিনীত এছ জৈনেও আমেৰিকাৰ বিনিয়োগকাৰীক বিপথে পৰিচালিত কৰাৰ লগতে ন্যায়ত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পাছতে আদানী গ্ৰুপৰ শ্বেয়াৰত ১০ৰ পৰা ২০ শতাংশ হ্ৰাস পোৱা দেখা গৈছে।

লগতে পঢ়ক: আমেৰিকাৰ অভিযোগৰ পিছত আদানী গ্ৰুপে ল’লে ডাঙৰ সিদ্ধান্ত, দাখিল নকৰে এই বণ্ডসমূহ

শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!
সঁচা প্ৰমাণিত হোৱা বাবা ভাংগাৰ ১০টা ভৱিষ্যতবাণী
আচৰিত! এইবিধ সৰু বস্তু বেগত ৰাখিলে হয় ধন বৃদ্ধি...