Gold Price Today: বছৰৰ দ্বিতীয়টো দিনত বজাৰত সোণৰ দাম কিমান? জানক আজি গুৱাহাটীত সোণ-ৰূপৰ দামৰ তাৰতম্য..
২০২৪ চনত, শ্বেয়াৰ বজাৰৰ তুলনাত সোণে যথেষ্ট লাভ প্ৰদান কৰিছে। পৰিসংখ্যা অনুসৰি, সোণৰ পৰা বিনিয়োগকাৰীসকলে ২০ শতাংশতকৈ অধিক উপাৰ্জন কৰিছে। তথ্যবোৰ লৈ লক্ষ্য কৰিলে, সোণৰ মূল্য বিগত বছৰত ১৩ হাজাৰ টকাতকৈও অধিক বৃদ্ধি পাইছে। জানো আহক বছৰৰ দ্বিতীয়টো দিনত গুৱাহাটীৰ লগতে দেশৰ বজাৰত কিমান টকা বিক্ৰী হৈছে সোণ?
বিগত কেইবাদিন ধৰি বজাৰত সোণৰ দামৰ যথেষ্ট উত্থান পতন দেখা গৈছে। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি বৃহস্পতিবাৰে দেশৰ প্ৰাৰম্ভিক বজাৰত সোণত ১০ টকা বৃদ্ধি দেখা গৈছে। সেই অনুসৰি আজি ২৪ কেৰেট সোণৰ দাম ১০ গ্ৰামত ৭৮,০১০ টকা হৈছে। একেদৰে ২২ কেৰেট সোণৰ দাম ১০ গ্ৰামত ৭১,৫১০ টকা হৈছে। ইফালে আজি দেশত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭৮০১ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭১৫১ টকা হৈছে।
আজি দেশৰ বজাৰত ৰূপৰ মূল্য ১০০ টকা হ্ৰাস পাইছে। যাৰ বাবে এক কিলোগ্ৰাম ৰূপ ৯০,৪০০ টকাত বিক্ৰী হৈছে।
দেশৰ বিভিন্ন চহৰত সোণ-ৰূপৰ দাম
- আজি দিল্লীত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭৮,১৬০ টকা । ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭১,৬৬০ টকা। দিল্লীত এক কিলোগ্ৰাম ৰূপ ৯০,৪০০ টকাত বিক্ৰী হৈছে।
- মুম্বাইত আজি ২৪ কেৰেট প্ৰতি ১০ গ্ৰাম সোণৰ দাম ৭৮,০১০ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭১,৫১০ টকা। মুম্বাইত এক কিলোগ্ৰাম ৰূপ দাম ৯০,৪০০ টকা।
- কলকাতাত আজি ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰাম ৭৮,০১০ টকাত বিক্ৰী হৈছে। একেদৰে ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭১,৫১০ টকা। কলকাতাত এক কিলোগ্ৰাম ৰূপ ৯০,৪০০ টকাত বিক্ৰী হৈছে।
- চেন্নাইত আজি ২৪ কেৰেট প্ৰতি ১০ গ্ৰাম সোণৰ দাম ৭৮,০১০ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭১,৫১০ টকা। একেদৰে চেন্নাইত আজি এক কিলোগ্ৰাম ৰূপ ৯৭,৯০০ টকাত বিক্ৰী হৈছে।
গুৱাহাটীত সোণ-ৰূপৰ দাম
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭১, ৮০০ টকা আৰু ২৪ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৮,৩৩০টকা। গুৱাহাটীত আজি প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ দাম সোণৰ দাম ৭১৮০ টকা। একেদৰে প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৭,৮৩৩ টকা। ইফালে আজি গুৱাহাটীত ৰূপৰ দাম ১০০ টকা হ্ৰাস হৈ প্ৰতি কি: গ্ৰাম ৯০,৪০০ টকাত বিক্ৰী হৈছে।
২০২৪ চনত কিমান ৰিটাৰ্ণ পালে?
অৱশ্যে ২০২৪ চনত, শ্বেয়াৰ বজাৰৰ তুলনাত সোণে যথেষ্ট লাভ প্ৰদান কৰিছে। পৰিসংখ্যা অনুসৰি, সোণৰ পৰা বিনিয়োগকাৰীসকলে ২০ শতাংশতকৈ অধিক উপাৰ্জন কৰিছে। তথ্যবোৰ লৈ লক্ষ্য কৰিলে, সোণৰ মূল্য বিগত বছৰত ১৩ হাজাৰ টকাতকৈও অধিক বৃদ্ধি পাইছে। ৩০ অক্টোবৰত সোণৰ মূল্য সৰ্বাধিক ৮০,২৮২ টকাত উপনীত হয়। অৱশ্যে, সোণৰ মূল্য বৰ্তমান অভিলেখ উচ্চতাৰ পৰা ৩,৫১০ টকাৰ নিম্নতম হাৰত দেখা গৈছে। ইয়াৰ অৰ্থ হৈছে যে সোণে বিনিয়োগকাৰীসকলৰ ৪.৩৭ শতাংশ লোকচান হৈছে।