Gold Price Today: সোণ ক্ৰয়ৰ উপযুক্ত সময়! আজি গুৱাহাটীত কিমান দৰত বিক্ৰী হৈছে সোণ আৰু ৰূপ?

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি শনিবাৰে দেশৰ প্ৰাৰম্ভিক বজাৰত সোণৰ দামত সামান্য হ্ৰাস দেখা গৈছে। সেই অনুসৰি আজি ২৪ কেৰেট সোণৰ দাম ১০ গ্ৰামত ৭৮,৭১০ টকা হৈছে। একেদৰে ২২ কেৰেট সোণৰ দাম ১০ গ্ৰামত ৭২,১৫০ টকা হৈছে। ইফালে আজি দেশত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭৮৭১ টকা।

Gold Price Today: সোণ ক্ৰয়ৰ উপযুক্ত সময়! আজি গুৱাহাটীত কিমান দৰত বিক্ৰী হৈছে সোণ আৰু ৰূপ?

সোণৰ দাম

Updated On: 

04 Jan 2025 10:47 AM

২০২৫ চনত সোণৰ দামে নতুন উচ্চতা স্পৰ্শ কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। বিশেষজ্ঞসকলে অনুমান কৰিছে যে ঘৰুৱা বজাৰত সোণ প্ৰতি ১০ গ্ৰামত ৮৫,০০০ ৰ পৰা ৯০,০০০ লৈ যাব পাৰে। ২০২৩ চনত, সোণে প্ৰতি ১০ গ্ৰামত ৮২,৪০০ টকা (৩০ অক্টোবৰ) অভিলেখ গঢ়িছিল। ইয়াৰ আঁৰত কেইবাটাও গোলকীয় আৰু স্থানীয় কাৰণ আছে। যেনে ভূ-ৰাজনৈতিক উত্তেজনা, দুৰ্বল মুদ্ৰা নীতি, আৰু কেন্দ্ৰীয় বেংকৰ দ্বাৰা বৰ্ধিত সোণ ক্ৰয়।

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি শনিবাৰে দেশৰ প্ৰাৰম্ভিক বজাৰত সোণৰ দামত সামান্য হ্ৰাস দেখা গৈছে। সেই অনুসৰি আজি ২৪ কেৰেট সোণৰ দাম ১০ গ্ৰামত ৭৮,৭১০ টকা হৈছে। একেদৰে ২২ কেৰেট সোণৰ দাম ১০ গ্ৰামত ৭২,১৫০ টকা হৈছে। ইফালে আজি দেশত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭৮৭১ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭২১৫ টকা হৈছে। আজি দেশৰ বজাৰত ৰূপৰ মূল্য ১০০০ টকা হ্ৰাস পাইছে। যাৰ বাবে এক কিলোগ্ৰাম ৰূপ ৯১,৫০০ টকাত বিক্ৰী হৈছে।

আজি দিল্লীত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭৮৮৬ টকা । ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭২৩০ টকা।  মুম্বাইত আজি ২৪ কেৰেট প্ৰতি গ্ৰাম সোণৰ দাম ৭২১৫ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭৮৭১ টকা।চেন্নাই আৰু কলকাতাত সোণৰ দাম মুম্বাইৰ সৈতে একে আছে। একেদৰে  দিল্লীত এক কিলোগ্ৰাম ৰূপ ৯১,৫০০ টকাত বিক্ৰী হৈছে। মুম্বাইত আৰু কলকাতাত  এক কিলোগ্ৰাম ৰূপৰ দাম দিল্লীৰ সৈতে একে। চেন্নাইত আজি এক কিলোগ্ৰাম ৰূপ ৯৯,০০০ টকাত বিক্ৰী হৈছে।

গুৱাহাটীত সোণ-ৰূপৰ দাম

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণ ৭২, ১৫০ টকা আৰু ২৪ কেৰেট ১০ গ্ৰাম সোণ ৭৮,৭১০ টকাত বিক্ৰী হৈছে। গুৱাহাটীত আজি প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ দাম সোণৰ দাম ৭২১৫ টকা। একেদৰে প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৭৮৭১ টকা। ইফালে আজি গুৱাহাটীত ৰূপৰ দাম ১০০০ টকা হ্ৰাস হৈ প্ৰতি কি: গ্ৰাম ৯১,৫০০ টকা হৈছে।

ভূ-ৰাজনৈতিক উত্তেজনা

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ দুবছৰত প্ৰৱেশ কৰিছে। আনহাতে জানুৱাৰীৰ শেষত আমেৰিকা যুক্তৰাষ্ট্ৰত ক্ষমতাৰ পৰিৱৰ্তন হ’ব। একে সময়তে, ইজৰাইল আৰু ইৰাণৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ইফালে চিৰিয়াৰ বিদ্ৰোহীসকলে এক অভ্যুত্থানত আসাদ চৰকাৰৰ পৰা ক্ষমতা দখল কৰিছে। এনে সময়ত সোণক সমগ্ৰ বিশ্বতে এক সুৰক্ষিত বিনিয়োগ হিচাপে দেখা গৈছে। সেয়েহে অনাগত দিনত ইয়াৰ চাহিদা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

সৰল মুদ্ৰা নীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংক ফেডাৰেল ৰিজাৰ্ভে সূতৰ হাৰ ২৫ বেছিছ পইণ্ট (০.২৫%) হ্ৰাস কৰিছে। এতিয়া সূতৰ হাৰ ৪.২৫% ৰ পৰা ৪.৫০% ৰ ভিতৰত হ’ব। এইবছৰ এয়া তৃতীয়বাৰৰ বাবে ফেডে সূতৰ হাৰ হ্ৰাস কৰিছে। ইয়াৰ আগতে ১৮ ছেপ্টেম্বৰ আৰু ৮ নৱেম্বৰত, ফেডে সূতৰ হাৰ ২৫ (০.২৫%) আৰু ৫০ বেছিছ পইণ্ট (০.৫০%) হ্ৰাস কৰিছিল। একে সময়তে, ভাৰতত, ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰৰ আগমনৰ পিছত ৰেপো ৰেট হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত, বেংকৰ সূতৰ হাৰ হ্ৰাস হ’ব আৰু মানুহৰ ক্ৰয় ক্ষমতা বৃদ্ধি হ’ব।

কেন্দ্ৰীয় বেংক ক্ৰয় কৰে সোণ

যোৱা কেইবা বছৰ ধৰি এই আৰ্হিটো দেখা গৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু অন্যান্য দেশৰ বেংকে সোণ ক্ৰয় কৰি তেওঁলোকৰ সোণৰ ভাণ্ডাৰ বৃদ্ধি কৰি আছে। এনে পৰিস্থিতিত, যদি কেন্দ্ৰীয় বেংকে ২০২৫ চনত সোণ ক্ৰয় অব্যাহত ৰাখে। তেন্তে সোণৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

 

ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে