5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Gold Price Today: পুনৰ পৰিবৰ্তন হৈছে সোণৰ দাম! আজি গুৱাহাটীত সোণ কিনিলে কিমান টকা ভৰিব লাগিব?

দেশত প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। খ্ৰীষ্টমাছৰ দিনটোতো দেশত সোণৰ দাম সামান্য হ্ৰাস পোৱা দেখা গৈছে। আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীত সোণ-ৰূপৰ দামত কিমান উত্থান পতন হৈছে চাও আহক...

Gold Price Today: পুনৰ পৰিবৰ্তন হৈছে সোণৰ দাম! আজি গুৱাহাটীত সোণ কিনিলে কিমান টকা ভৰিব লাগিব?
সোণৰ দাম
trishna-kalita
Trishna Kalita | Updated On: 25 Dec 2024 10:06 AM

আজি বজাৰত সোণ আৰু ৰূপৰ দামত উঠা-নমা দেখা গৈছে । আজি ভাৰতত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম হৈছে ৭০,৮৯০ টকা। মঙলবাৰৰ দিনটোত এই দাম আছিল ৭০,৯০০ টকা। আজি ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭৭,৩৪০ টকা। মঙলবাৰে ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ দাম আছিল ৭৭,৩৫০ টকা। অৱশ্যে, বজাৰ বিশেষজ্ঞসকলৰ মতে অনাগত দিনত বৃদ্ধি হ’ব সোণৰ দাম।

ইফালে আজি ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭,০৮৯ টকা। ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭,৭৩৪ টকা। একেদৰে আজি দেশৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯১.৩০ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯১,৩০০ টকা।

দেশৰ বিভিন্ন বজাৰত সোণৰ দাম

  • আজি দিল্লীৰ বজাৰত, ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১ গ্ৰামত ৭,১০৪ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৭৪৯ টকা। দিল্লীত আজি প্ৰতি কিলোগ্ৰামত ৰূপৰ দাম ৯১,৩০০ টকা।
  • মুম্বাইত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,০৮৯ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৭৩৪ টকা। একেদৰে মুম্বাইত প্ৰতি কিলোগ্ৰামত ৰূপৰ দাম ৯১,৩০০ টকা।
  • কলকাতাত, প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭,০৮৯ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৭৩৪ টকা। কলকাতাত আজি ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯১,৩০০ টকা।
  • চেন্নাইত প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭,০৮৯ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৭৩৪ টকা। চেন্নাইত প্ৰতি কিলোগ্ৰামত ৰূপ বিক্ৰী হৈছে ৯৮,৮০০ টকাত

গুৱাহাটীত সোণ-ৰূপৰ দাম

আজি গুৱাহাটীত ২২ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৭,০৮৯ টকা আৰু ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৭,৭৩৪ টকা (যাক ৯৯৯ সোণ বুলিও কোৱা হয়)। বুধবাৰৰ দিনটোত গুৱাহাটী মহানগৰত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭০,৮৯০ টকা। মঙলবাৰৰ দিনটোত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য আছিল ৭০,৯০০ টকা। একেদৰে ২৪ কেৰেট সোণৰ দাম ১০ গ্ৰামত ৭৭,৩৪০ টকা। মঙলবাৰৰ দিনটোত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য আছিল ৭০,৩৫০ টকা। ইফালে গুৱাহাটীত আজি ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯১.৩০ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯১,৩০০ টকা।

গহনাত ২২ কেৰেট সোণৰ ব্যৱহাৰ কৰা হয়। এই সোণ ৯১.৬% বিশুদ্ধ। কিন্তু প্ৰায়ে ইয়াক ভেজাল কৰি ৮৯ বা ৯০% বিশুদ্ধ সোণ ব্যৱহাৰ কৰি ২২ কেৰেট বুলি কৈ গহনাবোৰত বিক্ৰী কৰা হয়। সেয়েহে যেতিয়াই আপুনি গহনা ক্ৰয় কৰাৰ সময়ত ইয়াৰ হলমাৰ্কৰ বিষয়ে ভালকৈ জানি ল’ব।

 

Latest News