শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Price Today: সোণে গঢ়িলে নতুন অভিলেখ! আজি গুৱাহাটীত ১০ গ্ৰাম সোণৰ দাম কিমান?

জানুৱাৰী মাহত প্ৰায় ৫ শতাংশ বৃদ্ধি পাইছে সোণৰ দাম । বিশেষজ্ঞসকলৰ মতে, অনাগত দিনবোৰত সোণৰ দাম আৰু বৃদ্ধি হ'ব পাৰে। বিদেশী বজাৰত, সোণৰ দাম প্ৰতি আউন্সত ২,৮০০ ডলাৰৰ ওচৰ পাইছে। বিশেষজ্ঞসকলৰ মতে, ড'নাল্ড ট্ৰাম্পৰ সিদ্ধান্তৰ বাবে, বিনিয়োগকাৰীসকলৰ মাজত সৃষ্টি হৈছে অনিশ্চয়তাৰ। জানো আহক আজি গুৱাহাটীৰ সোণ-ৰূপৰ দাম...

Gold Price Today: সোণে গঢ়িলে নতুন অভিলেখ! আজি গুৱাহাটীত ১০ গ্ৰাম সোণৰ দাম কিমান?
ধাৰাবাহিক মূল্য হ্ৰাস পাইছে সোণৰ!
trishna-kalita
Trishna Kalita | Published: 29 Jan 2025 12:32 PM

বুধবাৰে ৰাতিপুৱা সোণৰ দাম গঢ়িলে এক নতুন অভিলেখ। ডলাৰ সূচক হ্ৰাস আৰু ফেডৰ ফালৰ পৰা সূতৰ হাৰত কোনো পৰিৱৰ্তন নোহোৱাৰ সম্ভাৱনাৰ বাবে সোণৰ দাম বৃদ্ধি হোৱা দেখা গৈছে। জানুৱাৰী মাহত প্ৰায় ৫ শতাংশ বৃদ্ধি পাইছে সোণৰ দাম । বিশেষজ্ঞসকলৰ মতে, অনাগত দিনবোৰত সোণৰ দাম আৰু বৃদ্ধি হ’ব পাৰে। বিদেশী বজাৰত, সোণৰ দাম প্ৰতি আউন্সত ২,৮০০ ডলাৰৰ ওচৰ পাইছে। বিশেষজ্ঞসকলৰ মতে, ড’নাল্ড ট্ৰাম্পৰ সিদ্ধান্তৰ বাবে, বিনিয়োগকাৰীসকলৰ মাজত সৃষ্টি হৈছে অনিশ্চয়তাৰ। যাৰ বাবে  সুৰক্ষিত আশ্ৰয়ৰ দিশে গৈছে বিনিয়োগকাৰীসকল। সোণৰ দাম কিমান বৃদ্ধি হৈছে জানো আহক।

ৰেকৰ্ড স্তৰত সোণৰ দাম

দেশৰ ভৱিষ্যত বজাৰ মাল্টি কমোডিটি এক্সচেঞ্জত বৃদ্ধি হোৱা দেখা গৈছে সোণৰ দাম। তথ্য অনুসৰি আজিৰ ব্যৱসায়িক দিনটোত সোণৰ দাম প্ৰতি দহ গ্ৰামত ৮০,৪১৩ টকাৰ এক নতুন অভিলেখ স্তৰত উপনীত হৈছে। আজি সোণৰ ব্যৱসায় ৮০,৩২৫ টকাত আৰম্ভ হৈছিল। মঙৰবাৰে বজাৰ বন্ধ হোৱাৰ সময়ত সোণৰ দাম আছিল  ৮০,২৮৯ টকাত । পুৱা ১০ বজাত বজাত সোণৰ দাম ৭৩ টকা বৃদ্ধিৰ সৈতে ৮০,৩৬২ টকাত ব্যৱসায় কৰি আছে। ইফালে আজি দেশৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯৬.৫০ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯৬,৫০০ টকা।

যদি আমি জানুৱাৰী মাহৰ কথা কওঁ, তেন্তে প্ৰায় ৫ শতাংশ বৃদ্ধি পাইছে সোণৰ দাম।তথ্য অনুসৰি, যেতিয়া ৩১ ডিচেম্বৰত বজাৰ বন্ধ হোৱাৰ সময়ত সোণৰ দাম ৭৬,৭৪৮ টকা দেখা গৈছিল। যি দাম আজি ৮০,৪১৩ টকাত উপনীত হৈছে। ইয়াৰ অৰ্থ হৈছে যে সোণৰ মূল্য ৩,৬৬৫ টকা বা ৪.৭৭ শতাংশ বৃদ্ধি পাইছে। আগন্তুক দিনত, সোণৰ দাম আৰু বৃদ্ধি হ’ব পাৰে।

বিদেশী বজাৰত দাম কিমান?

যদি আমি বিদেশী বজাৰৰ কথা কওঁ, কোমেক্সত গোল্ড ফিউচাৰ ৩ ডলাৰ বৃদ্ধিৰ সৈতে ২,৭৯৭.৮০ ডলাৰ প্ৰতি আউন্সত ব্যৱসায় কৰি আছে। ইউৰোপীয় বজাৰত, সোণৰ ব্যৱসায় ২.৩৮ ইউৰো হ্ৰাস হৈ প্ৰতি আউন্সত ২,৬৪৭.০৭ ইউৰো হৈছে। ব্ৰিটিছ বজাৰত  ই  প্ৰতি আউন্সত ১.২০ পাউণ্ড হ্ৰাস হৈ ২,২১৯.৬৯ পাউণ্ডত ব্যৱসায় কৰি আছে।

গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ দাম

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৭,৫৯৫ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৮,২৮৫ টকা হৈছে। একেদৰে আজি  ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭৫,৯৫০ টকা আৰু ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৮২,৮৫০ হৈছে। মঙলবাৰে গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭৫,১০০ টকা আৰু ২৪ কেৰেট সোণ দাম প্ৰতি ১০ গ্ৰামত ৮১,৯৩০ আছিল।

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯৬.৪০ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯৬,৪০০ টকা। মঙলবাৰৰ দিনটোত ১ কিঃগ্ৰা ৰূপৰ দাম আছিল ৯৬,৫০০ টকা।