শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নতুন বৰ্ষত প্ৰিয়জনক দিব বিচাৰিছে নেকি সোণৰ অলংকাৰ? চাওক ৰাজ্যত আজি সোণৰ দৰ

আৰু মাজত আছে মাথো এটা দিন, তাৰ পিছতে আগমন ঘটিব ২০২৫ বৰ্ষৰ। এই নতুন বছৰটিৰ আগমনৰ প্ৰাকক্ষণত প্ৰিয়জনক সকলোৱে এক বিশেষ উপহাৰ দিয়াৰ ইচ্ছা কৰে। আপুনিও যদি প্ৰিয়জনক সোণৰ অলংকাৰ উপহাৰ স্বৰূপে দি নতুন বৰ্ষটি বিশেষ ৰূপত আদৰণি জনোৱাৰ ইচ্ছা কৰিছে, আজি ৰাজ্যত সোণৰ দৰ কিমান হৈছে চাওক।

নতুন বৰ্ষত প্ৰিয়জনক দিব বিচাৰিছে নেকি সোণৰ অলংকাৰ? চাওক ৰাজ্যত আজি সোণৰ দৰ
ৰাজ্যত আজি সোণৰ দাম কিমান চাওক
monjit-dutta
Monjit Dutta | Published: 30 Dec 2024 11:04 AM

নতুন বৰ্ষ ২০২৫ক আদৰিবলৈ সাজু হৈছে সকলো। আৰু মাজত আছে মাথো এটা দিন, তাৰ পিছতে আগমন ঘটিব ২০২৫ বৰ্ষৰ। এই নতুন বছৰটিৰ আগমনৰ প্ৰাকক্ষণত প্ৰিয়জনক সকলোৱে এক বিশেষ উপহাৰ দিয়াৰ ইচ্ছা কৰে। আপুনিও যদি প্ৰিয়জনক সোণৰ অলংকাৰ উপহাৰ স্বৰূপে দি নতুন বৰ্ষটি বিশেষ ৰূপত আদৰণি জনোৱাৰ ইচ্ছা কৰিছে, আজি ৰাজ্যত সোণৰ দৰ কিমান হৈছে সেয়া জানিলে কিছু উপকৃত হ’ব।

সমগ্ৰ দেশতে আজি সোণৰ দৰ কালিৰ তুলনাত কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দেশৰ লগতে অসমতো এই দৰ বৃদ্ধিৰ প্ৰভাৱ পৰিছে। অৰ্থাৎ অসমৰ বজাৰতো কালিৰ তুলনাত আজি সোণৰ দৰ কিছু বৃদ্ধি পাইছে। ৰাজ্যত আজি ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণ কিমান দৰত বিক্ৰী হৈছে চাওঁ আহক।

অসমত আজি ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৫,৭৭২টকা। কালিৰ দৰতকৈ আজি ১৮ কেৰেট সোণৰ দৰ প্ৰতি গ্ৰামত ১৪.২০ টকাকৈ বৃদ্ধি পাইছে। এই দৰ অনুসৰি আজি ৰাজ্যত ১৮ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৫৭,৭২০ টকা আৰু ১০০ গ্ৰাম সোণৰ মূল্য হৈছে ৫,৭৭,২০০ টকা।

ইফালে ২২ কেৰেট সোণৰ ক্ষেত্ৰত আজি কালিৰ দৰতকৈ ১৭.৪০ টকা বৃদ্ধি পাইছে। এই দৰ বৃদ্ধিৰ পিছত আজি অসমত ২২ কেৰেট সোণ প্ৰতি গ্ৰামত ৭,০৫৪.৭০ টকাত বিক্ৰী হৈছে। আনহাতে ১০ গ্ৰাম সোণ ৭০,৫৪৭ টকাত আৰু ১০০ গ্ৰাম ২২ কেৰেট সোণ ৭,০৫,৪৭০ টকাত আজি ৰাজ্যত উপলব্ধ হৈছে।

একেদৰে ২৪ কেৰেট সোণৰ দৰো আজি কালিৰ তুলনাত ১৯ টকা বৃদ্ধি পাইছে। এইদৰে আজি ৰাজ্যৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত দৰ ৭,৬৯৬ টকা। এই দৰ অনুসৰি ১০ গ্ৰাম ২৪ কেৰেট সোণ আজি ৭৬,৯৬০ টকাত আৰু ১০০ গ্ৰাম ২৪ কেৰেট সোণ আজি ৭,৬৯,৬০০ টকাত অসমৰ বজাৰত বিক্ৰী হৈছে।

সোণৰ দৰে আজি ৰাজ্যৰ বজাৰত ৰূপৰ দৰো সামান্য বৃদ্ধি পাইছে। আজি ৰাজ্যত প্ৰতি গ্ৰাম ৰূপ ৮৯.১১ টকা দৰত উপলব্ধ হৈছে। অৰ্থাৎ আজি ৰাজ্যত এক কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৮৯,১১০ টকা।