Gold Price Today: ভোগালীৰ প্ৰাকক্ষণত প্ৰিয়জনক দিব বিচাৰিছে নেকি সোণৰ অলংকাৰ? চাওক আজি সোণৰ দাম কিমান

এইবাৰ ভোগালীত যদি আপুনি নিজৰ প্ৰিয়জন বা মাতৃ-ভগ্নীক সোণৰ অলংকাৰ উপহাৰ স্বৰূপে দিয়াৰ পৰিকল্পনা কৰিছে, এই পৰিকল্পনাক বাস্তৱায়িত কৰি মানসিক তৃপ্তি লাভ কৰিব পাৰে। পিছে এই উপহাৰ দিয়াৰ পূৰ্বে বজাৰত এতিয়া সোণৰ দৰ কেনেকুৱা, সেই বিষয়ে জানিলে আপুনি এইক্ষেত্ৰত সঠিক পৰিকল্পনা কৰিব পাৰিব। সেয়ে চাওক আজি গুৱাহাটীত সোণৰ দৰ কিমান।

Gold Price Today: ভোগালীৰ প্ৰাকক্ষণত প্ৰিয়জনক দিব বিচাৰিছে নেকি সোণৰ অলংকাৰ? চাওক আজি সোণৰ দাম কিমান

আজি গুৱাহাটীত সোণৰ দাম কিমান!

Published: 

06 Jan 2025 10:33 AM

হেঁপাহৰ ভোগালীলৈ মাজত আৰু মাত্ৰ এটা সপ্তাহ। পূৰ্বৰ দৰে ঢেঁকীৰ শব্দই এতিয়া গাঁও ৰজনজনাই নগ’লেও গ্ৰাম্যাঞ্চলত এতিয়া বিহুটিক আদৰিবলৈ প্ৰস্তুতি দেখা গৈছে। বিহুৰ আনন্দই স্পৰ্শ কৰিছে সকলোকে। বিহুত আত্মীয়-স্বজন তথা প্ৰিয়জনক উপহাৰ দিয়াৰ এক পৰম্পৰা চলি আহিছে। এইবাৰ ভোগালীত যদি আপুনি নিজৰ প্ৰিয়জন বা মাতৃ-ভগ্নীক সোণৰ অলংকাৰ উপহাৰ স্বৰূপে দিয়াৰ পৰিকল্পনা কৰিছে, এই পৰিকল্পনাক বাস্তৱায়িত কৰি মানসিক তৃপ্তি লাভ কৰিব পাৰে। লগতে পলমকৈ হ’লেও এয়া হৈ পৰিব নৱবৰ্ষৰ উপহাৰো।

পিছে এই উপহাৰ দিয়াৰ পূৰ্বে বজাৰত এতিয়া সোণৰ দৰ কেনেকুৱা, সেই বিষয়ে জানিলে আপুনি এইক্ষেত্ৰত সঠিক পৰিকল্পনা কৰিব পাৰিব। সাধাৰণতে সোণৰ দৰ বজাৰত প্ৰতি দিনে উত্থান-পতন ঘটে। নতুন বৰ্ষৰ আগমনৰ সময়ত সোণৰ দৰ কিছু বৃদ্ধি পোৱা দেখা গৈছিল যদিও শেহতীয়াকৈ এই দৰ কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। কালিও সোণৰ দৰ কিছু হ্ৰাস পাইছিল। আজি গুৱাহাটীত সোণৰ এই দৰ অপৰিৱৰ্তিত হৈ আছে।

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীত সোণৰ দৰ কালিৰ সমানেই হৈ আছে। সেই অনুসৰি অসমত আজি ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৫,৯০৩ টকা। এই দৰ অনুসৰি আজি ৰাজ্যত ১৮ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৫৯,০৩০ টকা। অৰ্থাৎ ১৮ কেৰেটৰ ১০০ গ্ৰাম সোণ আজি ৫,৯০,৩০০ টকাত উপলব্ধ হ’ব।

১৮ কেৰেট সোণৰ দৰে আজি ২২ কেৰেট সোণৰ দৰো গুৱাহাটীত অপৰিৱৰ্তিত হৈ আছে। এই অপৰিৱৰ্তিত দৰ অনুসৰি আজি অসমত ২২ কেৰেট সোণ প্ৰতি গ্ৰামত ৭২১৫ টকাত বিক্ৰী হৈছে। অৰ্থাৎ ১০ গ্ৰাম ২২ কেৰেটৰ দাম আজি গুৱাহাটীত ৭২,১৫০ টকা। আনহাতে সেই অনুসৰি ১০০ গ্ৰাম ২২ কেৰেট সোণৰ দাম আজি গুৱাহাটীত ৭,০৫,৪৭০ টকা হ’ব।

ইফালে ২৪ কেৰেট সোণৰ দৰো আজি কালিৰ দৰৰ দৰে সমান হৈ আছে। সেয়ে দেওবাৰৰ দৰে আজিও গুৱাহাটীত প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ দৰ হ’ব ৭,৮৭১ টকা। অৰ্থাৎ ১০ গ্ৰাম ২৪ কেৰেট সোণ আজি গুৱাহাটীৰ বজাৰত ৭৮,৭১০ টকাত উপলব্ধ হ’ব। আনহাতে ১০০ গ্ৰাম ২৪ কেৰেট সোণৰ আজি মহানগৰীত দাম হ’ব ৭,৮৭,১০০ টকা।

আনহাতে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি গুৱাহাটীত আজি সোণৰ দৰে ৰূপৰ দৰো অপৰিৱৰ্তিত হৈ আছে। সেই অনুপাতে আজি গুৱাহাটীত প্ৰতি গ্ৰাম ৰূপ ৯১.৫০ টকা দৰত উপলব্ধ হৈছে। অৰ্থাৎ আজি ৰাজ্যত এক কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৯১,৫০০ টকা।

দেশৰ ছবিজগতৰ কোনগৰাকী অভিনেতাই সৰ্বাধিক পাৰিশ্ৰমিক লয় জানেনে?
মুকেশ আম্বানী পৰিয়ালৰ প্ৰতিজন সদস্যই কিমান টকা উপাৰ্জন কৰে ? জানিলে আচৰিত হ'ব...
আই পি এলত সূৰ্যই ৰচিলে বৃহৎ ৰেকৰ্ড, কৰি দেখালে ধোনী, কোহলী, ৰোহিতে কৰিব নোৱাৰা কাম
পুৰুষৰ কি কি গুণে মহিলাসকলক আকৰ্ষিত কৰে ? এতিয়াই জানি লওক...