5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Gold Price Today: সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিলে সোণে! কেনেকৈ ইমান সস্তা হৈ পৰিল সোণ?

যদি আপুনি সোণ আৰু ৰূপত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এয়াই আপোনাৰ বাবে হ'ব পাৰে সোণালী সুযোগ। কিন্তু বজাৰৰ ধাৰা আৰু বিশ্বৰ অৰ্থনৈতিক অৱস্থাৰ কথা মনত ৰাখি আপুনি লওক এই সিদ্ধান্ত। জানক সোণৰ মূল্যৰ বিষয়ে...

Gold Price Today: সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিলে সোণে! কেনেকৈ ইমান সস্তা হৈ পৰিল সোণ?
সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিলে সোণে!
barasha-misra
Barasha Misra | Updated On: 18 Nov 2024 11:59 AM

দেওবাৰে সোণৰ মূল্য হ্ৰাসৰ পাইছে। ২৪ কেৰেট সোণৰ মূল্য ১২০ টকা হ্ৰাস পাই ৭,৫৮২.৩ টকা হৈছে। একে সময়তে ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ১১০ টকা হ্ৰাস পোৱাৰ ফলত প্ৰতি গ্ৰামত ৬,৯৫২.৩ টকা হৈছে। যোৱা সপ্তাহত ২৪ কেৰেট সোণৰ মূল্য ৪.১২% আৰু যোৱা এমাহত ৪.৪২% হ্ৰাস পোৱা দেখা গৈছে। ইয়াৰ বিপৰীতে ৰূপৰ মূল্য প্ৰতি কেজিত ১০০ টকাকৈ সামান্য বৃদ্ধি পাই ৯২,৬০০ টকা প্ৰতি কেজিত উপনীত হয়।

দেশৰ শীৰ্ষ চহৰসমূহৰ শেহতীয়া মূল্য জানক

  • দিল্লীত আজি প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৭৫,৮২৩ টকা। আগৰ দিনটোত আছিল ৭৫,৮১৩ টকা, আনহাতে এসপ্তাহৰ আগতে প্ৰতি ১০ গ্ৰামত ৭৮,৯৩৩ টকা। একে সময়তে ৰূপৰ মূল্য সামান্য বৃদ্ধিৰ লগে লগে আজি প্ৰতি কেজি ৰূপৰ মূল্য ৯২,৬০০ টকা, যিটো এদিন আগতে আছিল ৯২,৫০০ টকা।
  • আজি চেন্নাইত ১০ গ্ৰাম সোণৰ মূল্য ৭৫,৬৭১ টকা, যিটো এদিন আগত আছিল ৭৫,৬৬১ টকা আছিল। এসপ্তাহৰ আগতে এই মূল্য আছিল ৭৮,৭৮১ টকা। ৰূপৰ কথা ক’বলৈ গ’লে আজি চেন্নাইত প্ৰতি কেজি ১,০১,৭০০ টকা, যিটো এসপ্তাহৰ আগতে ১,০৪,৭০০ টকা আছিল।
  • আজি মুম্বাইত ১০ গ্ৰাম সোণৰ মূল্য ৭৫,৬৭৭ টকা, যিটো এদিন পূৰ্বে আছিল ৭৫,৬৬৭ টকা। যোৱা সপ্তাহত এই মূল্য আছিল ৭৮,৭৮৭ টকা। আজি প্ৰতি কেজি ৰূপৰ দাম ৯১,৯০০ টকা, যিটো এদিন পূৰ্বে আছিল ৯১,৮০০ টকা।
  • আজি কলকাতাত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৫,৬৭৫ টকা, আনহাতে এদিন আগতে সোণৰ মূল্য আছিল ৭৫,৬৬৫ টকা। যোৱা সপ্তাহত মূল্য আছিল ৭৮,৭৮৫ টকা। আজি ৰূপৰ মূল্য ৯৩,৪০০ টকা, যিটো আগত ৯৩,৩০০ টকা আৰু যোৱা সপ্তাহত ৯৬,৯০০ টকা।
  • আজি গুৱাহাটীত সোণৰ মূল্য ২২ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৬,৯৯৫ ₹ আৰু ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৭,৬৩১ ₹ (also called 999 gold)

যদি আপুনি সোণ আৰু ৰূপত নিজৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এই সুবিধা আপোনাৰ বাবে। কিন্তু বজাৰৰ ধাৰা আৰু বিশ্বৰ অৰ্থনৈতিক অৱস্থাৰ কথা মনত ৰাখি সিদ্ধান্ত লওক। কিন্তু বিশেষজ্ঞসকলৰ মতে, সোণ সদায় বিপদৰ সংগী, গতিকে যদি আপুনি সোণক বিনিয়োগ হিচাপে লয় তেন্তে ই এক উত্তম সিদ্ধান্ত হ’ব।

Latest News