Gold Price: ৰঙালী বিহুৰ পূৰ্বে বৃদ্ধি পাব নেকি সোণৰ মূল্য? কি কয় বিশেষজ্ঞসকলে
সোণৰ দাম প্ৰতিদিনে বৃদ্ধি পোৱাৰ পিছত এতিয়া চৰ্চা হৈছে সোণৰ দাম ১০ গ্ৰামত ১ লাখ টকা হ’ব পাৰে নেকি? সোণৰ মূল্য কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে?

যোৱা কেইমাহমানৰ পৰা সোণৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে বিশ্বৰ অস্থিৰতা আৰু আমেৰিকা আৰু চীনৰ মাজত বাণিজ্য যুদ্ধৰ উত্তেজনা। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সমগ্ৰ বিশ্বৰ দেশসমূহৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰাৰ পিছৰে পৰা সোণৰ মূল্য আৰু অধিক বৃদ্ধি পাইছে। অৱশ্যে এতিয়া ট্ৰাম্পে চীনৰ বাহিৰে আন দেশৰ ওপৰত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত ৯০ দিনৰ বাবে পিছুৱাই দিছে। ইয়াৰ পিছতো সোণৰ দাম হ্ৰাস হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই।
সোণে ভংগ কৰিলে এক নতুন অভিলেখ
আজি শুকুৰবাৰৰ দিনটোত MCX ত সোণে ভংগ কৰিলে এক নতুন অভিলেখ। আজি দিল্লীত ২২ কেৰেট সোণৰ মূল্য ৮৫,৭৬০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৩,৫৪০ টকা। বিশেষকৈ যেতিয়া শ্বেয়াৰ বজাৰত অস্থিৰতা থাকে তেতিয়া সোণক সাধাৰণতে নিৰাপদ বিনিয়োগ বুলি গণ্য কৰা হয়। শেহতীয়াকৈ সোণৰ মূল্য বৃদ্ধি পাইছে কাৰণ বিনিয়োগকাৰীয়ে অস্থিৰ শ্বেয়াৰ বজাৰৰ পৰিৱৰ্তে সোণত বিনিয়োগক অধিক অগ্ৰাধিকাৰ দিছে।
আজি গুৱাহাটীত কিমান সোণৰ মূল্য?
আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৫৬৭ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৮,৭৭০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,১৭৬ টকা। আজি গুৱাহাটীত ৰূপৰ মূল্য ১০০ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,০০,০০০ টকা হৈছে। শুক্ৰবাৰৰ দিনটোত গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৫৪০ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৭৪৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,১৫৫ টকা হৈছিল। আনহাতে ৰূপৰ মূল্য আছিল প্ৰতি কিলোগ্ৰামত ৯৭,১০০ টকা।
এই মূল্য বৃদ্ধিৰ ধাৰাটো কেতিয়ালৈ থাকিব?
মিডিয়া ৰিপোৰ্ট অনুসৰি, প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ১ লাখ টকা হ’ব পাৰে। আনহাতে আন কিছুমানে কয় যে এতিয়া ইয়াৰ মূল্য ৪০ শতাংশ পৰ্যন্ত হ্ৰাস পাব পাৰে।
১ লাখ টকা হ’ব নেকি?
সোণৰ দাম নিত্য বৃদ্ধি পোৱাৰ পিছত এতিয়া চৰ্চা হৈছে সোণৰ দাম ১০ গ্ৰামত ১ লাখ টকা হ’ব পাৰে নেকি? কেন্দ্ৰীয় বেংকৰ গধুৰ ক্ৰয় আৰু বিশ্বৰ অস্থিৰতা আৰু বিশেষকৈ ট্ৰাম্পৰ শুল্ক নীতিয়ে ইয়াৰ চাহিদা বৃদ্ধি কৰিছে।
সোণৰ দামৰ কোনো সীমা নাই
সোণৰ দামৰ কোনো সীমা নাই। এই উত্থান নতুন আৰম্ভণি নহয় বৰঞ্চ বৰ্তমানৰ ধাৰাটোৰ সম্প্ৰসাৰণ। সোণৰ দাম এক লাখ টকা পোৱাৰ সম্ভাৱনা কম।