সুখবৰ! দাম কমিছে সোণৰ, নতুন অলংকাৰ ক্ৰয়ৰ বাবে এয়াই হ’ব সুৱৰ্ণ সুযোগ
দেশৰ বজাৰত আজি হ্ৰাস পাইছে সোণৰ দাম। বজাৰত শেহতীয়াকৈ সোণৰ দামত যথেষ্ট উত্থান-পতন দেখা গৈছিল। আজি হঠাতে সোণৰ দাম বহু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। গতিকে সোণৰ অলংকাৰ ক্ৰয়ৰ লগতে আপুনি যদিও সোণত বিনিয়োগ কৰাৰ বাবেও পৰিকল্পনা কৰি আছিল, এই পৰিকল্পনা ৰূপায়ণৰ বাবে আজিৰ দিনটো হ’ব আপোনাৰ বাবে অতি উত্তম।
নতুন বছৰ সোমোৱাৰ পূৰ্বে নতুন অলংকাৰ ক্ৰয়ৰ কথা চিন্তা কৰিছে নেকি? যদি ভাবিছে, এয়াই হ’ব আপোনাৰ বাবে সুৱৰ্ণ সুযোগ। কিয়নো দেশৰ বজাৰত আজি হ্ৰাস পাইছে সোণৰ দাম। বজাৰত শেহতীয়াকৈ সোণৰ দামত যথেষ্ট উত্থান-পতন দেখা গৈছিল। আজি হঠাতে সোণৰ দাম বহু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। গতিকে সোণৰ অলংকাৰ ক্ৰয়ৰ লগতে আপুনি যদিও সোণত বিনিয়োগ কৰাৰ বাবেও পৰিকল্পনা কৰি আছিল, এই পৰিকল্পনা ৰূপায়ণৰ বাবে আজিৰ দিনটো হ’ব আপোনাৰ বাবে অতি উত্তম।
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি দেশত ১৮ কেৰেট সোণৰ ক্ষেত্ৰত ৪৯ টকা, ২২ কেৰেট সোণৰ ক্ষেত্ৰত ৬০ টকা আৰু আৰু ২৪ কেৰেট সোণৰ ক্ষেত্ৰত ৬৫ টকা দৰ হ্ৰাস পাইছে। ইয়াৰ ফলত দেশত এতিয়া এক গ্ৰাম ১৮ কেৰেট সোণৰ মূল্য হৈছে ৫,৮০১ টকা। আনহাতে ২২ কেৰেট সোণ ৭,০৯০ টকাত আৰু ২৪ কেৰেট সোণ ৭,৭৩৫ টকা দৰত আজি দেশত উপলব্ধ হ’ব।
এনেদৰে আজি দেশৰ বজাৰত দহ গ্ৰাম ১৮ কেৰেট সোণৰ মূল্য হ’ব ৫৮,০১০ টকা, ২২ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য হ’ব ৭০৯০০ টকা। আনহাতে ২৪ কেৰেট সোণৰ ক্ষেত্ৰত ১০ গ্ৰাম সোণ ৭৭,৩৫০ টকাত পোৱা যাব। দেশৰ লগতে অসমতো আজি সোণৰ মূল্যৰ ক্ষেত্ৰত এনে পৰিৱৰ্তন দেখা গৈছে। গুৱাহাটীত কালিৰ দৰতকৈ যথেষ্ট কম দামত আজি সোণ পোৱা যাব।
গুৱাহাটীত কালিৰ দৰতকৈ আজি ১০ গ্ৰাম ২২ কেৰেট সোণ ৬০০ টকাৰ কম মূল্যতে উপলব্ধ হ’ব। আনহাতে ১৮ কেৰেট সোণৰ ক্ষেত্ৰত ১০ গ্ৰামত ৪৯০ টকা আৰু ২৪ কেৰেট সোণৰ ক্ষেত্ৰত ৬৫০ টকা কালিৰ দৰতকৈ আজি কম দেখা যাব। যোৱা দহ দিনৰ ব্যৱধানত গুৱাহাটীত আজি ১০ গ্ৰাম ২২ কেৰেট সোণত ২১০ টকা আৰু ১০ গ্ৰাম ২২ কেৰেট সোণত ২২৯ টকা কম হৈছে।
ইফালে সোণৰ লগতে ৰূপৰ ক্ষেত্ৰতো আজি দৰ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। কালিৰ দৰতকৈ আজি ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৫০০ টকা কম হৈছে। দেশৰ লগতে গুৱাহাটীতো এই দৰ প্ৰযোজ্য হৈছে। আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপ ৯১,০০০ টকাত উপলব্ধ হৈছে।