সুখবৰ! হ্ৰাস পাইছে সোণৰ দামঃ চাওক আজি কিমান দৰত অসমত বিক্ৰী হৈছে সোণ…
বিগত সপ্তাহটোত সোণৰ মূল্যত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা গৈছিল, হোৰাহোৰে বৃদ্ধি পাইছিল দাম। অৱশ্যে কালিৰ দিনটোত সোণৰ দামত কোনো পৰিৱৰ্তন ঘটা নাছিল। আনহাতে আজি গ্ৰাহকে এই ক্ষেত্ৰত লাভ কৰিব কিছু সকাহ। সামান্য পৰিমাণে হ’লেও আজি দেশত সোণৰ দাম হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। দেশৰ তুলনাত পিছে অসমত গ্ৰাহকসকলে সোণ ক্ৰয়ওৰ ক্ষেত্ৰত অধিক সকাহ লাভ কৰিব।
শেহতীয়া কিছুদিন ধৰি দেশত যথেষ্ট বৃদ্ধি পাইছে সোণৰ মূল্য। বিগত সপ্তাহটোত সোণৰ মূল্যত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা গৈছিল, হোৰাহোৰে বৃদ্ধি পাইছিল দাম। অৱশ্যে কালিৰ দিনটোত সোণৰ দামত কোনো পৰিৱৰ্তন ঘটা নাছিল। আনহাতে আজি গ্ৰাহকে এই ক্ষেত্ৰত লাভ কৰিব কিছু সকাহ। সামান্য পৰিমাণে হ’লেও আজি দেশত সোণৰ দাম হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। দেশৰ তুলনাত পিছে অসমত গ্ৰাহকসকলে সোণ ক্ৰয়ৰ ক্ষেত্ৰত অধিক সকাহ লাভ কৰিব।
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি দেশত প্ৰতিগ্ৰাম সোণৰ বিপৰীতে এটকাকৈ হ্ৰাস পাইছে। ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট- প্ৰতিটো শাখাতে এই পৰিৱৰ্তন দেখা গৈছে। ইয়াৰ ফলত দেশত এতিয়া এক গ্ৰাম ১৮ কেৰেট সোণৰ মূল্য হৈছে ৫,৯৭২ টকা। আনহাতে ২২ কেৰেট সোণ ৭,২৯৯ টকাত আৰু ২৪ কেৰেট সোণ ৭,৯৬৩ টকা দৰত আজি দেশত উপলব্ধ হ’ব।
এনেদৰে আজি দেশৰ বজাৰত দহ গ্ৰাম ১৮ কেৰেট সোণৰ মূল্য হ’ব ৫৯,৭২০ টকা, ২২ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য হ’ব ৭২৯৯০ টকা। আনহাতে ২৪ কেৰেট সোণৰ ক্ষেত্ৰত ১০ গ্ৰাম সোণ ৭৯,৬৩০ টকাত পোৱা যাব। অৰ্থাৎ কালিৰ দৰতকৈ আজি প্ৰতি দহ গ্ৰাম সোণত ১০ টকাৰ মূল্য হ্ৰাস পাইছে।
দেশৰ লগতে অসমত সোণৰ মূল্যৰ ক্ষেত্ৰত দেশৰ বজাৰৰ তুলনাত যথেষ্ট পৰিৱৰ্তন দেখা গৈছে। অসমতো প্ৰতি গ্ৰাম সোণৰ ক্ষেত্ৰত কালিৰ দৰতকৈ দেশৰ তুলনাত অধিক মূল্য হ্ৰাস পাইছে। আজি অসমত প্ৰতি গ্ৰাম ১৮ কেৰেট সোণত কালিৰ দৰতকৈ ৮২ টকা হ্ৰাস পাইছে। এনে পৰিস্থিতিত আজি অসমত এক গ্ৰাম ১৮ কেৰেট সোণৰ দাম হৈছে ৫,৮৯১ টকা।
ইয়াৰ বিপৰীতে প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১০০ টকা হ্ৰাস পাই ৭,২০০ টকা আৰু ২৪ কেৰেট সোণৰ ক্ষেত্ৰত প্ৰতি গ্ৰামত ১০৯ টকা হ্ৰাস পাই আজি ৭,৮৫৫ টকা হৈছে। অৰ্থাৎ আজি দেশত ১০ গ্ৰাম ১৮ কেৰেট সোণৰ দৰ ৫৮,৯১০ টকা হ’ব। আনহাতে ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ ক্ষেত্ৰত ১০ গ্ৰামৰ মূল্য হ’ব ক্ৰমে ৭২,০০০ টকা আৰু ৭৮,৫৫০ টকা।
দেওবাৰে অসমত ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য আছিল ৫,৯৭৩ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ৭,৩০০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ৭,৯৬৪ টকা দৰত দেওবাৰে অসমত সোণ বিক্ৰী হৈছিল। অৰ্থাৎ আজি সোণ ক্ৰয়ৰ ক্ষেত্ৰত কালিৰ দৰতকৈ আজি বজাৰত যথেষ্ট সকাহ লাভ কৰিব ৰাজ্যবাসীয়ে।