চৰকাৰে কৃষকৰ বাবে আনিছে নতুন আঁচনি, আন ৰাজ্যতো বিক্ৰী কৰিব পাৰিব নিজৰ উৎপাদিত সামগ্ৰী
কৃষি খণ্ডই দেশৰ জিডিপিত ১৮ শতাংশ অৰিহণা যোগায় আৰু এই খণ্ডক আৰু অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰে বহু ক্ষেত্ৰত কাম কৰি আছে। কৃষি মন্ত্ৰীগৰাকীয়ে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি কীটনাশকৰ যধে-মধে ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়।
এতিয়া কৃষকে নিজৰ উৎপাদিত সামগ্ৰী পোনপটীয়াকৈ অন্য ৰাজ্যলৈ বিক্ৰী কৰিব পাৰিব। ইয়াৰ জৰিয়তে কৃষকসকলে তেওঁলোকৰ শস্যৰ উচিত মূল্য লাভ কৰিবলৈ সক্ষম হ’ব। ইয়াৰ ফলত তেওঁলোকৰ আয়ো বৃদ্ধি পাব। বিশেষ কথাটো হ’ল, ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে মিলি এক নতুন পৰিকল্পনা কৰিছে। এই আঁচনি ৰূপায়ণৰ পাছত যিকোনো ৰাজ্যৰ কৃষকে দেশৰ যিকোনো কোণত নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰিব। কিন্তু এতিয়ালৈকে কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী কেৱল ঘৰৰ ওচৰতে থকা বজাৰতহে বিক্ৰী কৰি আছে। যাৰ বাবে তেওঁলোকে সিমান লাভ কৰিব পৰা নাই।
পিটিআইৰ তথ্য অনুসৰি, সোমবাৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই নতুন আঁচনিৰ বিষয়ে ঘোষণা কৰিছে। কৃষকসকলে কৃষি উৎপাদিত সামগ্ৰীসমূহ অন্য ৰাজ্যৰ বজাৰলৈ নিয়াত সহায়ক হোৱাকৈ কেন্দ্র আৰু ৰাজ্য চৰকাৰে নতুন আঁচনিৰ কাম কৰি আছে বুলিও তেওঁ কয়৷ দেশৰ মুঠ ঘৰুৱা উৎপাদনত কৃষি খণ্ডৰ অৱদান ১৮ শতাংশ আৰু এই খণ্ডক আৰু অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰে বহু ক্ষেত্ৰত কাম কৰিব বিচাৰিছে।
২৫ ডিচেম্বৰত আৰম্ভ নদী সংযোগ প্ৰকল্প
কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে প্ৰাকৃতিক সম্পদৰ উন্নত ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি কীটনাশকৰ নিৰ্বিচাৰ ব্যৱহাৰ বন্ধ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, সময়ৰ প্ৰয়োজনীয়তা প্ৰাকৃতিক কৃষিৰ দিশত আগবাঢ়িব লাগিব আৰু আমি ইয়াক সম্পূৰ্ণ ক্ষমতাৰে আগুৱাই নিব লাগিব। ২৫ ডিচেম্বৰত নদী সংযোগী প্ৰকল্প আৰম্ভ হ’লে কৃষকসকল উপকৃত হ’ব। লগতে কম পানীৰে অধিক জলসিঞ্চনৰ পদ্ধতি বিকশিত কৰিবলৈ কৃষকসকলক আহ্বান জনায়।
গোখলে ইনষ্টিটিউট অৱ পলিটিক্স এণ্ড ইকনমিক্সৰ প্লেটিনাম জয়ন্তী উপলক্ষে ভাষণ দি সিঙে পৰীক্ষাগাৰৰ কাম পথাৰলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰি গৱেষকসকলক পৰীক্ষাগাৰত আবদ্ধ হৈ নাথাকিবলৈ আহ্বান জনায়। তেওঁৰ মতে, এই ব্যৱধান দূৰ কৰিবলৈ ডি ডি কিষাণ চেনেলত ‘আধুনিক কৃষি চৌপাল’ নামৰ টেলিভিছন অনুষ্ঠান এটা আৰম্ভ কৰা হৈছে।
একাধিক ভাষাত গৱেষণা প্ৰকাশ কৰা
চৌহানে কয় যে, এইখন এক মঞ্চ য’ত কৃষক, গৱেষক আৰু বিজ্ঞানীসকলে একেলগে বহি কৃষি খণ্ডৰ সমস্যা আৰু নতুন সুযোগ সন্দৰ্ভত মত বিনিময় কৰে। তেওঁ জোৰ দি কয় যে, কৃষি খণ্ডৰ সৈতে জড়িত তথ্য কেৱল ইংৰাজী ভাষাতে সীমাবদ্ধ নাথাকিব আৰু বিভিন্ন ভাষাত প্ৰকাশ কৰিব লাগে, যাতে পৰীক্ষাগাৰ আৰু মাটিৰ মাজৰ ব্যৱধান দূৰ কৰিব পৰা যায়।