শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আকৌ বাঢ়িব পেট্ৰল-ডিজেলৰ দাম! চৰকাৰে বৃদ্ধি কৰিলে কৰ

পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত বৰ্ধিত আবকাৰী শুল্ক মঙলবাৰৰ পৰা অৰ্থাৎ ৮ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ বৰ্তমান তেল কোম্পানীসমূহৰ ওপৰত পৰিব। এতিয়া চাব লাগিব যে তেল কোম্পানীবোৰে ভাৰতৰ এই প্ৰয়োজন নিজৰ লাভেৰে পূৰণ কৰে নে সাধাৰণ মানুহৰ ওপৰত কৰৰ বোজা আৰোপ কৰে ।

আকৌ বাঢ়িব পেট্ৰল-ডিজেলৰ দাম! চৰকাৰে বৃদ্ধি কৰিলে কৰ
আকৌ বৃদ্ধি হ'ব পেট্ৰল-ডিজেলৰ দাম!
trishna-kalita
Trishna Kalita | Updated On: 07 Apr 2025 16:25 PM

আকৌ জনতাৰ ওপৰত পৰিব নেকি দামবৃদ্ধিৰ বোজা? এইবাৰ চৰকাৰে বৃদ্ধি কৰিলে পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক। পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক বৃদ্ধিৰ বিষয়ে অৱগত কৰি গেজেট অধিসূচনা জাৰি কৰে কেন্দ্ৰীয় চৰকাৰে । এই আবকাৰী শুল্কে পোনপটীয়াকৈ সাধাৰণ মানুহৰ পকেটত অধিক বোজা জাপি দিব পাৰে। প্ৰকৃততে আন্তঃৰাষ্ট্ৰীয় বজাৰত কমিছে খাৰুৱা তেলৰ দাম, যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ভাৰত পেট্ৰলিয়াম, ৰিলায়েন্স, হিন্দুস্তান পেট্ৰলিয়ামৰ দৰে পেট্ৰলিয়াম কোম্পানীৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ২ টকা বৃদ্ধি কৰিছে। এতিয়া চাব লাগিব যে দেশৰ তেল কোম্পানীয়ে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰিছে নে বৰ্তমানৰ দৰেই ৰাইজক পেট্ৰ’ল-ডিজেলৰ যোগান অব্যাহত ৰাখিছে।

বিগত কেইবাদিনৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰত ১৫ শতাংশ হ্ৰাস পাইছে খাৰুৱা তেলৰ দাম। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত ১ বেৰেল খাৰুৱা তেলৰ দাম ৬৩.৩৪ ডলাৰ, যিটো নিজৰ বাবেই সৰ্বনিম্ন স্তৰ। এনে পৰিস্থিতিত দেশৰ ভিতৰতে পেট্ৰ’ল-ডিজেল যোগান ধৰা কোম্পানীসমূহৰ লাভ বৃদ্ধি কৰিছে চৰকাৰে। এই কথা মনত ৰাখি চৰকাৰে উপাৰ্জন বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈ পেট্ৰল-ডিজেলৰ আবকাৰী শুল্ক ২ টকা বৃদ্ধি কৰিছে।

সাধাৰণ মানুহৰ ওপৰত কি প্ৰভাৱ পৰিব?

পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত বৰ্ধিত আবকাৰী শুল্ক মঙলবাৰৰ পৰা অৰ্থাৎ ৮ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ বৰ্তমান তেল কোম্পানীসমূহৰ ওপৰত পৰিব। এতিয়া চাব লাগিব যে তেল কোম্পানীবোৰে ভাৰতৰ এই প্ৰয়োজন নিজৰ লাভেৰে পূৰণ কৰে নে সাধাৰণ মানুহৰ ওপৰত কৰৰ বোজা আৰোপ কৰে । তেল কোম্পানীয়ে যদি পেট্ৰল-ডিজেলৰ দাম বৃদ্ধি কৰে তেন্তে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ সাধাৰণ মানুহৰ পকেটত পৰিব আৰু দৈনন্দিন ব্যৱহাৰৰ বস্তুবোৰ ব্যয়বহুল হৈ পৰিব।

Petrol

উল্লেখ্য যে, তেল কোম্পানীসমূহে শেষবাৰৰ বাবে ১৫ মাৰ্চত পেট্ৰ’ল-ডিজেলৰ মূল্য সলনি কৰিছিল।সেই সময়ত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পেট্ৰ’ল-ডিজেলৰ মূল্য ২ টকা হ্ৰাস কৰিছিল।তেতিয়াৰ পৰা দেশৰ চাৰিওখন মেট্ৰ’ত পেট্ৰ’ল-ডিজেলৰ মূল্য একেদৰে ২ টকা হ্ৰাস পাইছিল। বৰ্তমান দিল্লীত পেট্ৰ’লৰ মূল্য ১০০টকাতকৈ কম, আনহাতে চেন্নাই, কলকাতা আৰু মুম্বাইত পেট্ৰ’লৰ দাম ১০০টকাতকৈ অধিক।