5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাক ESI ৰ সৈতে একত্ৰীকৰণত অনুমোদন…

কেন্দ্ৰই প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাক কৰ্মচাৰী ৰাজ্যিক বীমা (ESI) আঁচনিৰ সৈতে একত্ৰীকৰণৰ বাবে অনুমোদন জনাইছে। এই সিদ্ধান্ত লোৱাৰ পাছতে এতিয়া প্ৰধানমন্ত্ৰী জন-আৰোগ্য আঁচনিৰ অধীনত ই এছ আই আঁচনিৰ হিতাধিকাৰীসকলেও চিকিৎসাৰ সুবিধা লাভ কৰিব।

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাক ESI ৰ সৈতে একত্ৰীকৰণত অনুমোদন…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 20 Oct 2024 10:59 AM

ESI ৰ ওপৰত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । আৰ্থিকভাৱে দুৰ্বল কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালে সহজে চিকিৎসা সেৱা লাভ কৰিব পৰাকৈ কেন্দ্ৰই প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাক কৰ্মচাৰী ৰাজ্যিক বীমা (ESI) আঁচনিৰ সৈতে একত্ৰীকৰণৰ বাবে অনুমোদন জনাইছে। কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ মেডিকেল বেনিফিট কাউন্সিলে ই এছ আই হিতাধিকাৰীক অধিক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ বাবে আয়ুষ্মান ভাৰতৰ পি এম-জন আৰোগ্য যোজনাৰ সৈতে কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ একত্ৰীকৰণত অনুমোদন জনায়।

কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ৰ বিবৃতিত জনোৱা হৈছে যে, এতিয়াৰ পৰা ESI আঁচনিখন আয়ুষ্মান ভাৰত আঁচনিৰ সৈতে একত্ৰিত কৰা হৈছে। ইয়াৰ দ্বাৰা দুয়োটা ব্যৱস্থাৰ হিতাধিকাৰীসকল উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে । এই সিদ্ধান্ত লোৱাৰ পাছতে এতিয়া প্ৰধানমন্ত্ৰী জন-আৰোগ্য আঁচনিৰ অধীনত ই এছ আই আঁচনিৰ হিতাধিকাৰীসকলেও চিকিৎসাৰ সুবিধা লাভ কৰিব। বিশেষকৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ ক্ষেত্ৰত এই সুবিধা লাভ কৰিব।

উল্লেখ্য যে, দেশৰ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি। এই আঁচনিৰ অধীনত দেশৰ ১২ কোটি দৰিদ্ৰ পৰিয়ালে চিকিৎসা সেৱা গ্ৰহণ কৰি আছে । এই আঁচনিৰ অধীনত প্ৰতি বছৰে ৫ লাখ টকাৰ স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰা হয়।

ই এছ আই হিতাধিকাৰীসকলৰ বাবে কমন ছাপৰ্ট মিছন (CSM) ৰূপায়ণতো কেন্দ্ৰই অনুমোদন জনায়। ইয়াৰ উপৰিও বীমাকৃত ব্যক্তি, মহিলা, হিজৰাৰ মাজত জীৱনশৈলীৰ বিকাৰৰ আগতীয়া নিদান আৰু পুষ্টিৰ অভাৱ চিনাক্তকৰণৰ বাবে বাৰ্ষিক প্ৰতিৰোধমূলক স্বাস্থ্য পৰীক্ষা আৰু সজাগতা শিবিৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

মনকৰিবলগীয়া যে, শেহতীয়াকৈ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ৭০ বছৰৰ ওপৰৰ সকলো ব্যক্তিকে সামৰি লোৱাৰ কথা ঘোষণা কৰা হৈছিল । প্ৰধানমন্ত্ৰী-জন আৰোগ্য যোজনাৰ অধীনত ১২,৬৯৬খন ব্যক্তিগত চিকিৎসালয়কে ধৰি মুঠ ২৯,৬৪৮খন চিকিৎসালয়ই এই আঁচনিৰ অধীনত বিনামূলীয়া বা কম খৰচী চিকিৎসা সেৱা আগবঢ়ায়।

Latest News