হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ মূল্য ! জি এছ টিৰ হাৰ ৫ শতাংশলৈ হ্ৰাস | GST Council meeting big decision Cancer drugs and snacks to become cheaper in the country Assam news - Assam Tv9

হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ মূল্য ! জি এছ টিৰ হাৰ ৫ শতাংশলৈ হ্ৰাস…

Published: 

10 Sep 2024 13:33 PM

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, এতিয়াৰ পৰা দেশত কৰ্কট ৰোগৰ ঔষধ দাম সস্তা হ’ব । কিয়নো ইয়াৰ ওপৰত থকা বৰ্তমানৰ ১২ শতাংশ জি এছ টিৰ হাৰ ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত কেন্সাৰ ঔষধৰ দাম দ্ৰুতগতিত হ্ৰাস পাব বুলি আশা কৰা হৈছে। কেৱল এয়াই নহয় জি এছ টি কাউন্সিলে নামকিনৰ ওপৰত থকা ১৮ শতাংশ কৰ ১২ শতাংশলৈ হ্ৰাস কৰিছে।

হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ মূল্য ! জি এছ টিৰ হাৰ ৫ শতাংশলৈ হ্ৰাস...

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

Follow Us On

দেশত অতি সোনকালে কৰ্কট ৰোগৰ ঔষধ আৰু স্নেকছৰ মূল্য হ্ৰাস পাব । সোমবাৰে নতুন দিল্লীত জি এছ টি পৰিষদৰ ৫৪ সংখ্যক বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত এই দুয়োবিধ সমগ্ৰীৰ ওপৰত জি এছ টিৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ উপৰিও আন বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতো বৈঠকত আলোচনা কৰা হয়।

জি এছ টি পৰিষদৰ এই সিদ্ধান্ত সন্দৰ্ভত তথ্য প্ৰকাশ কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, এতিয়াৰ পৰা দেশত কৰ্কট ৰোগৰ ঔষধ দাম সস্তা হ’ব । কিয়নো ইয়াৰ ওপৰত থকা বৰ্তমানৰ ১২ শতাংশ জি এছ টিৰ হাৰ ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত কেন্সাৰ ঔষধৰ দাম দ্ৰুতগতিত হ্ৰাস পাব বুলি আশা কৰা হৈছে। কেৱল এয়াই নহয় জি এছ টি কাউন্সিলে নামকিনৰ ওপৰত থকা ১৮ শতাংশ কৰ ১২ শতাংশলৈ হ্ৰাস কৰিছে।

স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ ১৮ শতাংশ জি এছ টি বিলুপ্ত কৰাৰ বাবে দেশত দীৰ্ঘদিন ধৰি চৰ্চা চলি আহিছে। এই বিষয়টো জি এছ টি কাউন্সিলৰ বৈঠকতো উত্থাপন হৈছিল। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰায়বোৰ ৰাজ্যই স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ জি এছ টিৰ হাৰ হ্ৰাস কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। অৱশ্যে বিহাৰৰ বিত্তমন্ত্ৰী সম্ৰাট চৌধুৰীৰ নেতৃত্বত নতুনকৈ মন্ত্ৰী গোট গঠন কৰা হৈছে। অক্টোবৰ মাহত ইয়াৰ প্ৰতিবেদন দাখিল কৰা হ’ব আৰু তাৰ পিছত নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া পৰিষদৰ বৈঠকত ইয়াৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।

জি এছ টি কাউন্সিলৰ বৈঠকত অনলাইন গেমিং আৰু কেচিনোৰ পৰা লাভ কৰা উপাৰ্জনৰ ওপৰত গ’মৰ ষ্টেটাছ ৰিপ’ৰ্টৰ বিষয়েও আলোচনা কৰা হয়। প্ৰায় ৬ মাহত অনলাইন গেমিংৰ পৰা লাভ কৰা ৰাজহ ৪১২% বৃদ্ধি পাই ৬৯০৯ কোটি টকা হৈছে। ছমাহত কেচিনোৰ পৰা ৰাজহ ৩০% বৃদ্ধি পাই ২১৪ কোটি টকা হয়। এই তুলনা ২০২৩ চনৰ অক্টোবৰৰ পৰা ছমাহ আগৰ আৰু ছমাহৰ পিছৰ।

দেশত জি এছ টি ব্যৱস্থা ৰূপায়ণৰ সময়তে গঠিত হৈছিল জি এছ টি কাউন্সিল। এই পৰিষদৰ অধ্যক্ষতা কৰে দেশৰ বিত্তমন্ত্ৰীয়ে । যিহেতু সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰী বা তেওঁলোকৰ প্ৰতিনিধি ইয়াৰ সদস্য। গতিকে এই পৰিষদে জি এছ টিৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰে ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version