GST Council Meet : ২১ ডিচেম্বৰত GST পৰিষদৰ ৫৫ সংখ্যক বৈঠক, কি কি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ?
২১ ডিচেম্বৰ তাৰিখে ৰাজস্থানত জয়ছালমেৰত অনুষ্ঠিত হ’ব GST পৰিষদৰ ৫৫ সংখ্যক বৈঠক । সূত্ৰ খবৰ অনুসৰি, এই বৈঠকত স্বাস্থ্য আৰু জীৱন বীমাৰ ওপৰত আৰোপ কৰিবলগীয়া কৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব পাৰে ।
GST পৰিষদৰ ৫৫ সংখ্যক বৈঠকৰ দিন প্ৰকাশ পাইছে । এইবাৰ এই বৈঠক অনুষ্ঠিত হ’ব ৰাজস্থানৰ জয়ছালমেৰত । GST পৰিষদে সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰা তথ্য অনুসৰি, ২১ ডিচেম্বৰ তাৰিখে ৰাজস্থানত জয়ছালমেৰত অনুষ্ঠিত হ’ব GST পৰিষদৰ ৫৫ সংখ্যক বৈঠক । সূত্ৰ খবৰ অনুসৰি, এই বৈঠকত স্বাস্থ্য আৰু জীৱন বীমাৰ ওপৰত আৰোপ কৰিবলগীয়া কৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব পাৰে । যোৱা বৈঠকত এই সন্দৰ্ভত বহু আলোচনা হৈছিল।
যোৱা বৈঠকত কোৱা হৈছিল যে, GST পৰিষদে ৫৫ সংখ্যক বৈঠকত স্বাস্থ্য আৰু জীৱন বীমাৰ ওপৰত আৰোপ কৰিবলগীয়া কৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব । অহা ২১ ডিচেম্বৰত জয়ছালমেৰত অনুষ্ঠিত হ’বলগীয়া সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ বৈঠকত স্বাস্থ্য আৰু জীৱন বীমা জি এছ টিৰ পৰা ৰেহাই বা কৰ হাৰ কম কৰাৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব পাৰে ।
The 55th meeting of the GST Council will be held on 21 December, 2024 at Jaisalmer, Rajasthan
— GST Council (@GST_Council) November 18, 2024
একেদৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ নেতৃত্বত গঠিত GST পৰিষদে কৰ হাৰৰ সমন্বয়ৰ ক্ষেত্ৰতো কিছু সিদ্ধান্ত ল’ব পাৰে। ৰাজ্যিক মন্ত্ৰীৰ এখন কমিটীৰ পৰামৰ্শ অনুসৰি সাধাৰণভাৱে ব্যৱহাৰ হোৱা বহু বস্তুৰ ওপৰত কৰ হাৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।
সামগ্ৰী আৰু সেৱা কৰ পৰিষদে এক্স হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰিছে যে, ২০২৪ চনৰ ২১ ডিচেম্বৰত ৰাজস্থানৰ জয়ছালমেৰত অনুষ্ঠিত হ’ব জি এছ টি কাউন্সিলৰ ৫৫ সংখ্যক বৈঠক। যোৱা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা অন্তিমখন বৈঠকত পৰিষদে জিঅ’এমক বীমাৰ ওপৰত জিএছটি আৰোপ কৰাৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছিল ।
অক্টোবৰৰ শেষৰ ফালে এই প্ৰতিবেদন চূড়ান্ত হোৱাৰ কথা আছিল । ইফালে যোৱা মাহত স্বাস্থ্য আৰু জীৱন বীমাৰ ওপৰত জি এছ টি আৰোপ কৰাৰ সন্দৰ্ভত মন্ত্ৰী গোটৰ বৈঠক অনুষ্ঠিত হৈছিল।