5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

GST Update : কৰমুক্ত হ’ব জীৱন আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়াম ! বৃদ্ধি পাব জোতা-ঘড়ীৰ জিএছটি হাৰ…

বৰ্তমান জীৱন আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ ওপৰত ১৮% হাৰত জি এছ টি আৰোপ কৰা হয়। শেহতীয়াকৈ জীৱন আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামক কৰমুক্ত কৰাৰ পথ মুকলি হৈছে । উল্লেখ্য যে, জীৱন আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামক কৰমুক্ত কৰাৰ সমান্তৰালভাৱে জোতা-ঘড়ীৰ ওপৰত কৰ বৃদ্ধি কৰাৰ হ’ব পাৰে ।

GST Update : কৰমুক্ত হ’ব জীৱন আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়াম ! বৃদ্ধি পাব জোতা-ঘড়ীৰ জিএছটি হাৰ…
কৰমুক্ত হ’ব পাৰে জীৱন আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়াম
manas-borah
Manas Borah | Updated On: 20 Oct 2024 08:33 AM

জীৱন আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামক কৰমুক্ত কৰাৰ বিষয়টো দীৰ্ঘদিন পৰা চৰ্চাত আছে । বৰ্তমান জীৱন আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ ওপৰত ১৮% হাৰত জি এছ টি আৰোপ কৰা হয়। শেহতীয়াকৈ জীৱন আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামক কৰমুক্ত কৰাৰ পথ মুকলি হৈছে । উল্লেখ্য যে, জীৱন আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামক কৰমুক্ত কৰাৰ সমান্তৰালভাৱে জোতা-ঘড়ীৰ ওপৰত কৰ বৃদ্ধি কৰাৰ হ’ব পাৰে আৰু পানীৰ বটল আৰু চাইকেলৰ ওপৰত কৰ হ্ৰাস পাব পাৰে ।

জি এছ টি কাউন্সিলৰ বৈঠকৰ সময়ত বীমাৰ প্ৰিমিয়াম কৰমুক্ত কৰাৰ বিষয়ে আলোচনা কৰিবলৈ মন্ত্ৰী গোট গঠন কৰা হৈছিল। ইয়াৰ লগতে দেশৰ বিভিন্ন সামগ্ৰী আৰু সেৱাৰ ওপৰত জি এছ টিৰ হাৰ যুক্তিসংগতকৰণৰ পৰামৰ্শ দিবলৈ এই মন্ত্ৰী সমিতি গঠন কৰা হয়। এই মন্ত্ৰী গোটটোৱে শনিবাৰে বৈঠকত মিলিত হয় আৰু জি এছ টিৰ হাৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত উপনীত হয়।

বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ অধ্যক্ষতাত গঠিত মন্ত্ৰী গোটৰ বৈঠকত দেশৰ জ্যেষ্ঠ নাগৰিকৰ বাবে জীৱন আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়াম কৰমুক্ত কৰিব পৰা যাব বুলি সহমতত উপনীত হৈছে ৷ বৈঠকৰ অন্তত এই তথ্য দিছে চৰকাৰী এগৰাকী উচ্চপদস্থ বিষয়াই। কিন্তু বীমা প্ৰিমিয়াম কৰমুক্ত কৰাৰ বাবে মন্ত্ৰী গোটে লোৱা সিদ্ধান্ত এতিয়াও চূড়ান্ত হোৱা নাই। বৰঞ্চ মন্ত্ৰী গোটে নিজৰ পৰামৰ্শৰ প্ৰতিবেদন জি এছ টি পৰিষদত দাখিল কৰিব । য’ত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।

দেশৰ জি এছ টি সম্পৰ্কীয় বিষয়ত চূড়ান্ত অনুমোদন দিয়ে জি এছ টি পৰিষদে। ইয়াত সকলো ৰাজ্যই প্ৰতিনিধিত্ব কৰে আৰু দেশৰ বিত্তমন্ত্ৰীয়ে ইয়াৰ সভাপতিত্ব কৰে। মনকৰিবলগীয়া যে, জ্যেষ্ঠ নাগৰিকৰ বাহিৰে আন ব্যক্তিৰ বাবে ৫ লাখ টকা পৰ্যন্ত কভাৰেজ থকা স্বাস্থ্য বীমা প্ৰিমিয়ামত জি এছ টি ৰেহাইৰ বাবে পৰামৰ্শ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মন্ত্ৰী গোটে । আনহাতে ৫ লাখ টকাৰ ওপৰৰ স্বাস্থ্য বীমাৰ প্ৰিমিয়ামত ১৮ শতাংশ জি এছ টি আৰোপ কৰা হ’ব। কিন্তু জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য বীমাৰ বাবে এনে কোনো ধৰণৰ কভাৰেজৰ সীমা নাথাকিব।

এই মন্ত্ৰী গোটত ১৩ জন সদস্য ৰখা হৈছিল। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশ, ৰাজস্থান, পশ্চিম বংগ, কৰ্ণাটক, কেৰালা, অন্ধ্ৰ প্ৰদেশ, গোৱা, গুজৰাট, মেঘালয়, পঞ্জাৱ, তামিলনাডু আৰু তেলেংগানাৰ মন্ত্ৰীসকলো অন্তৰ্ভুক্ত। জি এছ টিৰ হাৰ যুক্তিসংগতকৰণৰ পৰামৰ্শ বাবে গঠন কৰা মন্ত্ৰী সমিতিয়ে ২০ লিটাৰ পানীৰ বটল, চাইকেল আৰু প্ৰেকটিছ বহীৰ জি এছ টিৰ হাৰ পাঁচ শতাংশলৈ হ্ৰাস কৰাৰ পৰামৰ্শ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । একে সময়তে দামী ঘড়ী আৰু জোতাৰ ওপৰত কৰ বৃদ্ধি কৰাৰ পৰামৰ্শ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

বৰ্তমান দেশত চলি থকা ২০ লিটাৰ বা তাতকৈ অধিক পানীৰ বটলত ১৮ শতাংশ জি এছ টি আৰোপ কৰা হৈছে। একে সময়তে প্ৰেকটিছ বহীত জি এছ টিৰ হাৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাৰ পৰামৰ্শ দিয়া হৈছে। লগতে ১০ হাজাৰ টকাৰ তলৰ মূল্যৰ চাইকেলৰ জি এছ টিৰ হাৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাৰ পৰামৰ্শ আগবঢ়াইছে মন্ত্ৰী গোটে। বৈঠকত ১৫ হাজাৰতকৈ অধিক মূল্যৰ জোতা আৰু ২৫ হাজাৰতকৈ অধিক মূল্যৰ হাতৰ ঘড়ীৰ জি এছ টি হাৰ ১৮ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰাৰ পৰামৰ্শও দিয়া হৈছে।

Latest News