HDFC বেংকে আগবঢ়াইছে ‘লাইফটাইম ফ্ৰী’ ক্ৰেডিট কাৰ্ডৰ অফাৰ! জানক কিদৰে ল’ব পাৰিব ইয়াৰ সুবিধা…

HDFC বেংকে গ্ৰাহকসকলৰ বাবে 'লাইফটাইম ফ্ৰী' ক্ৰেডিট কাৰ্ড অফাৰ মুকলি কৰিছে। এই অফাৰ ১৭ ডিচেম্বৰ ২০২৪ ৰ পৰা ১৬ জানুৱাৰী ২০২৫ লৈ উপলব্ধ হ'ব। Millennia, Diners Club Privilege, Biz Grow, PIXEL Play, PIXEL Go আৰু Regalia Gold কাৰ্ডত গ্ৰাহকসকলে কোনো মাচুল পৰিশোধ নকৰাকৈ সুবিধা ল'ব পাৰিব।

HDFC বেংকে আগবঢ়াইছে লাইফটাইম ফ্ৰী ক্ৰেডিট কাৰ্ডৰ অফাৰ! জানক কিদৰে লব পাৰিব ইয়াৰ সুবিধা...

HDFCয়ে আগবঢ়াইছে 'লাইফটাইম ফ্ৰী' ক্ৰেডিট কাৰ্ডৰ অফাৰ!

Updated On: 

21 Dec 2024 19:55 PM

HDFC বেংকৰ গ্ৰাহকসকললৈ ডাঙৰ উপহাৰ!  ১৭ ডিচেম্বৰ ২০২৪ ৰ পৰা ১৬ জানুৱাৰী ২০২৫ লৈ কিছুমান বিশেষ ক্ৰেডিট কাৰ্ডত ‘লাইফটাইম ফ্ৰী’ অফাৰ প্ৰৱৰ্তন কৰিছে বেংকে। ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত আছে Millennia, Diners Club Privilege, Biz Grow, PIXEL Play আৰু PIXEL Go ক্ৰেডিট কাৰ্ড। ইয়াৰ উপৰিও HDFC বেংকে প্ৰথম বছৰৰ বাবে ‘Regalia Gold’ ক্ৰেডিট কাৰ্ড বিনামূলীয়াকৈ দিয়াৰ কথাও ঘোষণা কৰিছে।

অফাৰটোৰ সুবিধা পাবলৈ কৰিবলৈ কি কৰিব লাগে?

এই অফাৰৰ লাভালাভ কেৱল HDFC বেংকৰ অনলাইন প্লেটফৰ্মৰ পৰা আবেদন কৰিলেহে উপলব্ধ হ’ব। গ্ৰাহকসকলে কোনো বাৰ্ষিক মাচুল অবিহনে ১৬ জানুৱাৰী ২০২৫ লৈকে এই কাৰ্ডসমূহ লাভ কৰিব পাৰিব।

কোনবোৰ কাৰ্ডত অফাৰ লাভ কৰিব?

  1. Millennia ক্ৰেডিট কাৰ্ড: এই কাৰ্ডখন মাহে ৩৫,০০০ আৰু ৬ লাখ টকা বাৰ্ষিক উপাৰ্জন কৰা এজন স্ব-নিয়োজিত ব্যক্তিৰ বাবে উপলব্ধ। ইয়াৰ বাৰ্ষিক মাচুল হৈছে ১০০০ টকা যি বাৰ্ষিক ১ লাখ টকা ব্যয় কৰিলে ৰেহাই পাব পাৰে।
  2. Diners Club Privilege: এই কাৰ্ডখনৰ বাবে মাচুলো ১০০০ টকা কিন্তু বাৰ্ষিক ৩ লাখ খৰচ কৰিলেহে এই মাচুল ৰেহাই দিয়া হয়। এই কাৰ্ডখন মাহে ৩৫,০০০ আৰু ৬ লাখ টকা বাৰ্ষিক উপাৰ্জন কৰা এজন স্ব-নিয়োজিত ব্যক্তিৰ বাবে উপলব্ধ।
  3. Biz Grow: এই কাৰ্ডখন স্ব-নিয়োজিত ব্যক্তিসকলক দিয়া হয় যাৰ বাৰ্ষিক উপাৰ্জন ৬ লাখ টকা। এই কাৰ্ডখনৰ বাবে মাচুল হৈছে ৫০০ যিটো আপুনি বাৰ্ষিক ১ লাখ টকা ব্যয় কৰি ৰেহাই পাব পাৰে।
  4. PIXEL Play: এই কাৰ্ডখন মাহে ২৫,০০০ টকা আৰু বাৰ্ষিক ৬ লাখ টকা উপাৰ্জন কৰা কৰ্মচাৰীসকলক দিয়া হয়। ইয়াৰ মাচুল হৈছে ৫০০ টকা যিটো আপুনি ১ লাখ ব্যয় কৰিলে ৰেহাই পাব পাৰে।
  5. PIXEL Go: ইয়াৰ মাচুল হ’ব ২৫০ টকা, যিটো বাৰ্ষিক ৫০,০০০ টকা ব্যয় কৰিলে ৰেহাই দিয়া হয়। এই কাৰ্ডখন মাহে ৮,০০০ টকা উপাৰ্জন থকা ব্যক্তিসকলক দিয়া হয়।

ক্ৰেডিট কাৰ্ডৰ সুবিধা আৰু ৰিৱাৰ্ডছ

  1. Millennia ক্ৰেডিট কাৰ্ড: ইয়াৰ দ্বাৰা Amazon, Flipkart, Swiggy, Zomatoৰ দৰে প্লেটফৰ্মত ৫% কেছবেক লাভ কৰিব। ১ লাখ টকাৰ সামগ্ৰী ক্ৰয়ৰ বিনিময়ত ১০০০ টকাৰ উপহাৰ ভাউচাৰো উপলব্ধ হ’ব।
  2. Diners Club Privilege: Swiggy আৰু Zomatoত 5 এক্স ৰিৱাৰ্ডছ পইণ্ট পাব। লগতে BookMyShowত ‘বাই 1 গেট 1 ফ্ৰী’ অফাৰ আৰু তিনিমাহত ১.৫ লাভ ক্ৰয়ৰ ক্ষেত্ৰত ১৫০০ টকাৰ ভাউচাৰ উপলব্ধ হ’ব।
  3. Biz Grow: PayZapp আৰু GST পেমেণ্ট কৰিলে 10 এক্স কেছপইণ্ট লাভ কৰিব আৰু ১ লাখ টকা খৰচ কৰাৰ বাবে ২০০০ বোনাচ কেছপইণ্টো উপলব্ধ হ’ব।
  4. PIXEL Play: পছন্দৰ ব্যৱসায়িক ছাইটত ৫% কেছবেক, আমাজন আৰু ফ্লিপকাৰ্টত ৩% কেছবেক। সকলো ব্যয়ৰ ওপৰত ১% কেছবেক উপলব্ধ হ’ব।
  5. PIXEL Go: সকলো যোগ্য লেনদেনত ১% সীমাহীন কেছবেক পাব। Swiggy Dineoutৰ জৰিয়তে পাৰ্টনাৰ ৰেষ্টুৰেণ্টত ২৫% লৈকে ৰেহাই পাব।
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক