Health Budget 2025-26: কম হ’ব নেকি চিকিৎসাৰ খৰচ? মধ্যবিত্তই লাভ কৰিব পাৰে ডাঙৰ সকাহ…
Budget 2025: আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব কেন্দ্ৰীয় বাজেট। এই বাজেটক লৈ চকু সকলোৰে। আশা কৰা হৈছে. এই বাজেটে স্বাস্থ্যখণ্ডক ডাঙৰ উপহাৰ দিব পাৰে।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে একেৰাহে অষ্টমবাৰৰ বাবে আজি সংসদত দাখিল কৰিব কেন্দ্ৰীয় বাজেট। যোৱা চাৰিখন বাজেট আৰু এখন অন্তৱৰ্তীকালীন বাজেটৰ দৰে এই বাজেটখনো কাগজবিহীন হ’ব। এই বাজেট নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। ইয়াৰ পূৰ্বে বিভিন্নজনৰ মাজত চলিছে জল্পনা- কল্পনা। চৰকাৰে ঔষধ আৰু স্বাস্থ্য সুবিধাসমূহ অধিক সুলভ কৰিব বুলিও আশা কৰা হৈছে।
যোৱা বছৰৰ (২০২৪-২৫) কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৯০,৬৫৮.৬৩ কোটি টকাৰ বাজেট লাভ কৰিছিল, যিটো ২০২৩-২৪ চনৰ সংশোধিত অনুমান ৮০,৫১৭.৬২ কোটি টকাৰ তুলনাত ১২.৫৯% বেছি। গতিকে লক্ষণীয় হ’ব যে এইবাৰ বাজেটত স্বাস্থ্য খণ্ডই কি উপহাৰ লাভ কৰে।
স্বাস্থ্য খণ্ডৰ বাজেট
এইবাৰ স্বাস্থ্য খণ্ডৰ বাজেট বৃদ্ধিৰ পৰিকল্পনা কৰিছে। যোৱা বছৰৰ স্বাস্থ্য বাজেট প্ৰায় ৯০ হাজাৰ কোটি টকা আছিল। গতিকে এইবাৰ বাজেটত স্বাস্থ্য ক্ষেত্ৰৰ বাবে ১০ শতাংশ বাজেট বৃদ্ধি লাভৰ সম্ভাৱনা আছে। উল্লেখ্য যে, ২০২৪ চনত স্বাস্থ্যৰ মুদ্ৰাস্ফীতি ৬.৬% পৰ্যন্ত হৈছিল যাৰ ফলত ঔষধৰ দাম বহু পৰিমাণে বৃদ্ধি পাইছিল। কেঁচামালৰ অধিক মূল্য আৰু আন্তঃৰাষ্ট্ৰীয় যোগান শৃংখলৰ প্ৰভাৱৰ বাবে ঔষধ ব্যয়বহুল হৈ পৰিছিল যাৰ বাবে সাধাৰণ মানুহ যথেষ্ঠ সমস্যাৰ সন্মুখীন হৈ পৰিছিল। গতিকে এইবাৰ বিশেষজ্ঞই আশা কৰিছে যে ঔষধৰ মূল্য হ্ৰাস পাব পাৰে আৰু মধ্যবিত্তই সকাহ পাব পাৰে।
স্বাস্থ্য খণ্ডই কি পাব পাৰে
ইতিমধ্যে স্বাস্থ্যৰ আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ চৰকাৰে কেন্সাৰ ঔষধৰ ৰেহাই, এক্স-ৰে টিউব, ফ্লেট পেনেল ডিটেক্টৰৰ কাষ্টম ডিউটি সলনি কৰাৰ দৰে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। গতিকে আশা কৰা হৈছে, ২০২৫-২০২৬ বাজেটত এইচ পি ভি ভেকচিন আৰু ছাৰ্ভাইকেল কেন্সাৰ স্ক্ৰীনিঙৰ প্ৰসাৰ ঘটিব।
১৫ বছৰৰ তলৰ ছোৱালীৰ এইচ পি ভি টিকাকৰণে বাজেটত অগ্ৰাধিকাৰ লাভ কৰিব পাৰে। ইয়াৰ লগতে মহিলাসকলৰ বাবে জনসংখ্যাভিত্তিক ছাৰ্ভাইকেল কেন্সাৰৰ পৰীক্ষা শক্তিশালী কৰাত গুৰুত্ব দিয়া হ’ব। ইকনমিক টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ইয়াৰ বাবে মধ্যম পৰ্যায়ৰ স্বাস্থ্য প্ৰদানকাৰীৰ প্ৰশিক্ষণ, এইচ পি ভি ডি এন এ পৰীক্ষাত বিনিয়োগ আৰু উন্নত প্ৰযুক্তিৰ প্ৰয়োজন যাতে প্ৰতিখন গাঁৱতে ফলপ্ৰসূ পৰীক্ষা নিশ্চিত কৰিব পৰা যায়। একে সময়তে চিকিৎসা মহাবিদ্যালয়সমূহত আসন বৃদ্ধিৰ ঘোষণাও কৰিব পাৰি।
উল্লেখ্য যে, স্বাস্থ্য খণ্ডৰ বাজেটে যথেষ্ঠ পৰিমাণে সাধাৰণ মানুহৰ ওপৰত প্ৰভাৱ পেলাব। বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ভাৰতত স্বাস্থ্যৰ বাবে মুঠ ব্যয়ৰ ৫৩% ৰাইজে দিব লাগে।আনহাতে উচ্চ আয়ৰ উন্নত দেশতো সাধাৰণ মানুহে স্বাস্থ্যৰ বাবে মাত্ৰ ১০ৰ পৰা ১৫% খৰচ কৰে। বাকী খৰচ চৰকাৰে বহন কৰে। গতিকে এইবাৰ স্বাস্থ্য খণ্ডক বাজেটে কি দিয়ে সেয়া লক্ষণীয় হ’ব।
অন্য খবৰ পঢ়কঃ Budget 2025: ৰে’লত AI ব্যৱহাৰ, বন্দে ভাৰত, অমৃত ভাৰতঃ বাজেটে এইবাৰ কি দিব ৰে’লৱেক…