শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Budget 2025: বাহিৰত চিকিৎসকক দেখুৱাই ধন ভৰিছে নেকি? এইবাৰৰ বাজেটত থাকিব পাৰে স্বাস্থ্যখণ্ডৰ বহুতো ভাল খবৰ…

স্বাস্থ্যখণ্ডত মোদী চৰকাৰে যি গুৰুত্ব প্ৰদান কৰি আহিছে, কৰ'ণা কালৰ পাছত অধিক বৃদ্ধি পাইছে সেই গুৰুত্ব । বাজেটত স্বাস্থ্য বীমাৰ আৱন্টন আৰু সংস্কাৰৰ ওপৰতেই নিৰ্ভৰ কৰিব এই বাজেটত জনতাৰ স্বাস্থ্যখণ্ডটো কিমান সুলভ বা ব্যয়বহুল হ'ব । বিশেষকৈ জৰুৰীকালীন ক্ষেত্ৰত বা দীঘলীয়া উন্নয়নৰ বাবে বাজেটত স্বাস্থ্য খণ্ডত গুৰুত্ব দিয়া উচিত ।

Budget 2025: বাহিৰত চিকিৎসকক দেখুৱাই ধন ভৰিছে নেকি? এইবাৰৰ বাজেটত থাকিব পাৰে স্বাস্থ্যখণ্ডৰ বহুতো ভাল খবৰ…
বাহিৰত চিকিৎসকক দেখুৱাই ধন ভৰিছে নেকি?
barasha-misra
Barasha Misra | Updated On: 29 Jan 2025 22:22 PM

১ ফেব্ৰুৱাৰীত দাখিল হ’ব কেন্দ্ৰীয় বাজেট । বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পৰা কি আশা কৰিব পাৰে সাধাৰণ জনতাই ? এখন জনমুখী বাজেট দাখিল কৰিব নে বিত্তমন্ত্ৰীয়ে ? পূৰ্বেও কৰ ৰেহাই, ৰে’ল, সামগ্ৰীৰ মূল্য হ্ৰাস আদিৰ আশা কৰিছিল জনতাই । কিন্তু কৰ’ণাকালৰ পাছত জনতাৰ প্ৰত্যাশাৰ তালিকাত সন্নৱিষ্ট হৈছে স্বাস্থ্যবীমাৰ বিষয়টো । কেৱল বীমা আৱন্টন নহয়, ঔষধৰ মূল্য হ্ৰাসকে ধৰি অনেক আশা কৰে জনতাই ।

স্বাস্থ্যখণ্ডত মোদী চৰকাৰে যি গুৰুত্ব প্ৰদান কৰি আহিছে, কৰ’ণা কালৰ পাছত অধিক বৃদ্ধি পাইছে সেই গুৰুত্ব । বাজেটত স্বাস্থ্য বীমাৰ আৱন্টন আৰু সংস্কাৰৰ ওপৰতেই নিৰ্ভৰ কৰিব এই বাজেটত জনতাৰ স্বাস্থ্যখণ্ডটো কিমান সুলভ বা ব্যয়বহুল হ’ব । বিশেষকৈ জৰুৰীকালীন ক্ষেত্ৰত বা দীঘলীয়া উন্নয়নৰ বাবে বাজেটত স্বাস্থ্য খণ্ডত গুৰুত্ব দিয়া উচিত ।

এইবাৰৰ বাজেটত স্বাস্থ্যখণ্ডত কি কি প্ৰত্যাশা থাকিব ?

১. ঔষধৰ গৱেষণা তথা উন্নয়নৰ প্ৰয়োজনীয়তা

কোভিড-১৯ এ ভেকচিন বা ঔষধৰ গৱেষণা প্ৰয়োজনীয়তা সম্পৰ্কে এক শিক্ষা দি গ’ল সমগ্ৰ বিশ্বক । বায়’ফাৰ্মাচিউটিকেল খণ্ডত উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতা সৃষ্টিৰ বাবে দেশীয় গৱেষণা আৰু অধিক পুঁজি আৱন্টনৰ প্ৰয়োজন ।

২. স্বাস্থ্যবীমাৰ কভাৰেজ বৃদ্ধি

কেৱল হাস্পতালত ভৰ্তি হোৱাৰ ক্ষেত্ৰতে নহয়, বহিঃকক্ষ বা অপিডিৰ ৰোগীকো স্বাস্থ্যবীমা কভাৰেজৰ অধীনলৈ অনাৰ দাবী তুলিছে অনেকেই । এইবাৰো উত্থাপন হৈছে সেই দাবী ।

৩. চিকিৎসা সঁজুলিৰ জি এছ টি হ্ৰাস

যিমানেই আগুৱাইছে সময়, ৰোগবিলাকো হৈ পৰিছে সিমানেই জটিল । বৰ্তমান প্ৰায় সকলোৰে ঘৰতে প্ৰয়োজন হয় কেতবোৰ চিকিৎসা সঁজুলিৰ । তাৰ বাহিৰে হাস্পতাল, ক্লিনিকবোৰতো অত্যাধুনিক চিকিৎসা সামগ্ৰীৰ প্ৰয়োজন । বিদেশৰ পৰা চিকিৎসা সামগ্ৰী অনা হয় । তাৰ ওপৰত আৰোপিত জি এছ টি বা শুল্ক কমোৱাৰ দাবী উঠিছে এইবাৰৰ বাজেটত ।

ৰবটিক চিকিৎসাত গুৰুত্ব প্ৰদানৰ দাবী

বৰ্তমান সময়ত চিকিৎসা সেৱা চলে ৰবটৰ দ্বাৰাও । এইবাৰৰ বাজেটত সেয়ে ৰবটিক, এডভান্স ডায়েগনষ্টিক আদি গৱেষণাৰ ওপৰত গুৰুত্ব প্ৰদানৰ দাবী তোলা হৈছে ।

মহামাৰীৰে মোকাবিলাৰ প্ৰস্তুতি

কৰোণাই দিয়া শিক্ষাৰ পৰা পাঠ লৈ মহামাৰীৰে মোকাবিলাৰ প্ৰস্তুতিৰ প্ৰয়োজনীতা আহি পৰিছে । সেয়ে এইবাৰৰ বাজেটত বিশেষ আৱন্টনৰ দাবী উঠিছে । যাতে ভৱিষ্যতে এনে বিপদৰ সৈতে মোকাবিলা কৰিব পাৰি ।