নাৰী শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত কিদৰে সহায় কৰিছে অসম চৰকাৰৰ ‘নিযুত মইনা আঁচনি’য়ে? জানক অসম চৰকাৰৰ বিভিন্ন পদক্ষেপৰ বিষয়ে

ভাৰত চৰকাৰৰ লক্ষ্য হৈছে মহিলা সকলৰ সামগ্ৰীক উন্নয়ন সাধনকাৰী প্ৰক্ৰিয়া সমূহক শক্তিশালী কৰা। মহিলা সৱলীকৰণ আৰু সৰ্বাংগীন কল্যাণৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যৰে চৰকাৰে বহু আঁচনি হাতত লৈছে।

নাৰী শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত কিদৰে সহায় কৰিছে অসম চৰকাৰৰ নিযুত মইনা আঁচনিয়ে? জানক অসম চৰকাৰৰ বিভিন্ন পদক্ষেপৰ বিষয়ে

নাৰী শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত কিদৰে সহায় কৰিছে অসম চৰকাৰৰ 'নিযুত মইনা আঁচনি'য়ে?

Published: 

27 Nov 2024 23:11 PM

অসম চৰকাৰ আৰু ভাৰত চৰকাৰে নাৰীৰ সৱলীকৰনৰ বাবে বহু আঁচনি হাতত লৈছে। এই আঁচনিসমূহৰ জৰিয়তে গাঁৱৰ প্ৰতিগৰাকী নাৰীক শিক্ষিত আৰু আত্মনিৰ্ভৰশীল কৰাৰ চেষ্টা চৰকাৰৰ। যাৰ বাবে চৰকাৰে পৰিৱেশ পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাবলৈ মহিলাসকলৰ বাবে সময়ে সময়ে বিভিন্ন আঁচনি যেনে- স্বনিৰ্ভৰ নাৰী আঁচনি,সুকন্যা সমৃদ্ধি যোজনা,বিনামূলীয়া চিলাই মেচিন দিয়া আঁচনি,অৰুণোদয় আঁচনি,উজ্জ্বলা যোজনা দৰে বিভিন্ন আঁচনি দিয়াৰ ব্যৱস্থা কৰি আহিছে। এই সকলোবোৰ আঁচনিৰ ভিতৰত অন্যতম অসম চৰকাৰৰ নিযুত মইনা আঁচনি।

কেতিয়া আৰম্ভ হৈছিল নিযুত মইনা আঁচনি?

৮ আগষ্টত ৰাজ্যত নিযুত মইনা আঁচনিৰ আৰম্ভ হয়। ১০ লাখ কন্যা শিক্ষাৰ্থীয়ে পাব এই আঁচনিৰ সুবিধা। লোকসেৱা ভৱনত ১১ বজাত ভাৰ্চুৱেলী আঁচনিৰখনৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে সবলীকৰণ আৰু বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধেৰে এক সুৰক্ষিত ভৱিষ্যত প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰৰ এক পদক্ষেপ হৈছে নিযুত মইনা আঁচনি।

নিযুত মইনা আঁচনিৰ লক্ষ্য

মুখ্যমন্ত্ৰী সিংহ বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত এই কাৰ্যসূচীৰ লক্ষ্য হৈছে ২০২৬ চনৰ ভিতৰত অসমত বাল্য বিবাহ সমাপ্ত কৰা। কন্যাসকলক আৰ্থিক সমৰ্থন আগবঢ়াই,সৰুতে বিয়া হোৱাৰ পৰিৱৰ্তে বিকল্প হিচাপে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা।

কোনে কিমান পাই এই আঁচনিৰ ধন?

১০ লাখ ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ বাবে এই আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। ১১ নৱেম্বৰৰ পুৱা ১১ বজাত একাউণ্টত সোমাই নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন। মুখ্যমন্ত্ৰীয়ে খানাপাৰাত নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তি আনুষ্ঠানত এই কথা ঘোষণা কৰিছিল যে, প্ৰতি মাহৰ ১১ তাৰিখে সোমাব নিযুত মইনা আঁচনিৰ ধন।

এই আঁচনিখনৰ জৰিয়তে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে মাহে ১০০০ টকাকৈ ৰাজ্য চৰকাৰৰ পৰা লাভ কৰে । সেইদৰে স্নাতক মহলাত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে ১২৫০ টকাকৈ, স্নাতকোত্তৰ মহলাত আৰু বি এডত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে লাভ পায় ২৫০০ টকাকৈ । জুন আৰু জুলাই মাহক বাদ দি বাকী ১০ মাহে ছাত্ৰীসকলে নিজৰ একাউণ্টত এই ধন লাভ কৰিব । চলিত বিত্তীয় বৰ্ষত আঁচনিখনৰ অধীনত ২৪০ কোটি টকাৰ অনুদান আগবঢ়োৱা হ’ব ।

কোনে-কোনে পোৱা নাই নিযুত মইনা আঁচনিৰ ধন?

  • উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ বিয়াত বহিলে
  • উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ স্কুটী পোৱা ছাত্ৰীয়ে
  • বৰ্তমানৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰীয়ে
  • সাংসদ-মন্ত্ৰী-বিধায়কৰ সন্তানে লাভ নকৰিব নিযুত মইনা আঁচনিৰ ধন।

 

এণ্টিবায়’টিক অত্যধিক খোৱাৰ ফলত কি কি পাৰ্শ্বক্ৰিয়া হ'ব পাৰে?
মহাকাশত মহাকাশচাৰীসকলৰ বাবে কিদৰে খাদ্যৰ ব্যৱস্থা কৰা হয়?
বুধবাৰৰ দিনটোত নকৰিব বিত্তীয় লেনদেন, খালী হ'ব ধনৰ ভঁৰাল!
কাউৰী ঘৰলৈ আহিলে কি সংকেত পোৱা যায়? জানক কি কয় বাস্তু শাস্ত্ৰই...