ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰক কেনেকৈ নিযুক্তি দিয়ে, আপুনি জানেনে RBI ৰ গৱৰ্ণৰ দৰমহা কিমান?
ৰাজহ সচিব সঞ্জয় মালহোত্ৰাক আৰবিআইৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে। মালহোত্ৰাই বৰ্তমানৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ স্থান ল'ব। আজি শক্তিকান্ত দাসে কাৰ্যকালৰ পৰা বিদায় লয়।
RBI ৰ নতুন গৱৰ্ণৰ হিচাপে সঞ্জয় মালহোত্রাই কাইলৈ দায়িত্বভাৰ গ্ৰহণ কৰিব। বৰ্তমানৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ স্থলাভিষিক্ত হ’বলগীয়া মালহোত্রাই সম্প্রতি কেন্দ্ৰীয় ৰাজহ দপ্তৰৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁক ৩ বছৰ কাৰ্যকালৰ বাবে ৰিজার্ভ বেংকৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে। আজি কাৰ্যভাৰৰ পৰা বিদায় লয় শক্তিকান্ত দাসে। এতিয়া মালহোত্ৰাই বৰ্তমানৰ আৰবিআই গৱৰ্ণৰ শক্তিকান্ত দাসৰ স্থান ল’ব।
ভাৰতীয় বিজাৰ্ভ বেংকৰ আৰম্ভণি
ভাৰতীয় ৰিজাৰ্ভ বেংক বা RBI হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংকিং প্ৰতিষ্ঠান আৰু ই ভাৰতীয় টকাৰ মুদ্ৰা নীতি নিয়ন্ত্ৰণ কৰে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আইন ১৯৩৪-ত সন্নিৱিষ্ট ব্যৱস্থা অনুসৰি ১৯৩৫ চনৰ ১ এপ্ৰিলত ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা কৰা হয়। প্ৰথমাৱস্থাত ইয়াৰ মূলধনক ১০০ টকা মূল্যৰ অংশপত্ৰত ভগোৱা হৈছিল আৰু এই সমগ্ৰ অংশপত্ৰ ব্যক্তিগত অংশীদাৰৰ অধীনত আছিল। ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৪৯ চনত ৰিজাৰ্ভ বেংকৰ চৰকাৰীকৰণ কৰা হয়।
ভাৰত চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহত আৰ বি আয়ে গুৰূত্বপূৰ্ণ ভূমিকা পালন কৰে। ই এচিয়ান ক্লিয়েৰিং ইউনিয়নৰ এক সদস্য বেংক। ৰিজাৰ্ভ বেংকৰ সাধাৰণ চোৱা-চিতা আৰু নীতি-নিৰ্দেশনাৰ ভাৰ ২১ গৰাকী সদস্যৰে গঠিত কেন্দ্ৰীয় পৰিচালনা সমিতি — ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, চাৰিজন ডেপুটী গৱৰ্ণৰ, ভাৰতীয় বিত্ত মন্ত্ৰণালয়ৰ দুজন প্ৰতিনিধি, অৰ্থনৈতিক ক্ষেত্ৰখনৰ বিভিন্ন শাখাসমূহ প্ৰতিনিধিত্ব কৰিবলৈ চৰকাৰে নিৰ্বাচন কৰি দিয়া ১০ গৰাকী প্ৰতিনিধি আৰু মুম্বাই, কলকাতা, চেন্নাই আৰু নতুন দিল্লীৰ স্থানীয় শাখাসমূহৰ চাৰিগৰাকী প্ৰতিনিধিৰ ওপৰত ন্যস্ত। উক্ত স্থানীয় শাখাসমূহ পাঁচগৰাকীকৈ সদস্যৰে গঠিত যি কো-অ’পাৰেটিভ বেংক বা অন্যান্য বেংকসমূহৰ লগতে স্থানীয় বিষয়সমূহ আলোচনাৰ মেজলৈ আনে।
আৰ বি আইৰ ৰাজ্যপাল হ’বলৈ প্ৰয়োজনীয় অৰ্হতা
- ভাৰতৰ নাগৰিক হ’ব লাগিব।
- বয়স ৪০-৬০ বছৰৰ ভিতৰত হ’ব লাগে।
- বেংকিং আৰু বিত্তীয় খণ্ডত কমেও ২০ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।
- প্ৰতিষ্ঠিত বেংকিং, বিত্তীয় বা শৈক্ষিক প্ৰতিষ্ঠানত উচ্চ পদবীত কাম কৰা হ’ব লাগিব।
- কোনো ৰাজনৈতিক দলৰ লগত জড়িত হ’ব নালাগিব।
গৱৰ্ণৰক কেনেকৈ নিযুক্তি দিয়ে?
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ আৰু ডেপুটি গৱৰ্ণৰক ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়ে। Reserve Bank of India Act, 1934 অধীনত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ নিযুক্তি সমিতিয়ে এই নিযুক্তি প্ৰদান কৰে।
RBI Governor’s Salary: ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ দৰমহা প্ৰায় ২.৫ লাখ টকা। ইয়াৰ উপৰিও, তেওঁলোকক ঘৰৰ উপৰিও এখন গাড়ীও দিয়া হয়। ইয়াৰ লগতে চালক আৰু ব্যক্তিগত সহায়কৰ সুবিধাও লাভ কৰে।
সঞ্জয় মালহোত্রাৰ শিক্ষা-দিক্ষা
সঞ্জয় মালহোত্ৰাই আই আই টি কানপুৰৰ পৰা কম্পিউটাৰ বিজ্ঞান বিষয়ত ইঞ্জিনাৰিং ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা পাব্লিক পলিচিত পোষ্ট স্নাতক ডিগ্ৰী লাভ কৰে। বিগত ৩০ বছৰত মালহোত্ৰাই শক্তি, বিত্ত, কৰ, তথ্য-প্ৰযুক্তি আৰু খনিৰ দৰে বিভাগত কাৰ্যনিৰ্বাহ কৰি আহিছে। সঞ্জয় মালহোত্ৰা জি এছ টি কাউন্সিলৰ কাৰ্যনিৰ্বাহক সম্পাদক। শেহতীয়াকৈ কৰ সংগ্ৰহৰ উত্থান লাভ কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।