শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

UPS ত আপুনি কিমান টকাৰ পেঞ্চন পাব? এইদৰে কৰক হিচাপ

১ এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰে ইউনিফাইড পেঞ্চন চিষ্টেম (UPS) কাৰ্যকৰী কৰিব। কৰ্মচাৰীসকলৰ সেৱাৰ সময়সীমা আৰু গড় মৌলিক দৰমহাৰ ভিত্তিত পেঞ্চন গণনা কৰা হ’ব।

UPS ত আপুনি কিমান টকাৰ পেঞ্চন পাব? এইদৰে কৰক হিচাপ
UPS ত আপুনি কিমান পেঞ্চন পাবImage Credit source: Money9
barasha-misra
Barasha Misra | Published: 27 Jan 2025 18:13 PM

UPS Calculator: কেন্দ্ৰীয় চৰকাৰে ২৪ জানুৱাৰীত এক অধিসূচনা জাৰি কৰি কয় যে, ১ এপ্ৰিলৰ পৰা ২৩ লাখ কেন্দ্ৰীয় কৰ্মচাৰীৰ ক্ষেত্ৰত ইউনিফাইড পেঞ্চন ব্যৱস্থা কাৰ্যকৰী হ’ব। এই আঁচনিখন সেইসকল চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব যিসকলে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা (এনপিএছ)ৰ অধীনত আহি ইউপিএছ বাছি লয়। পুৰণি পেঞ্চন আঁচনি (OPS) আৰু নতুন পেঞ্চন আঁচনি(NPS) দুয়োটাৰে বৈশিষ্ট্যসমূহ UPSত যোগ কৰা হৈছে, যিয়ে অৱসৰৰ পিছত নিশ্চিত পেঞ্চন প্ৰদান কৰিব। যদি ৰাজ্য চৰকাৰে ইয়াক গ্ৰহণ কৰে, তেন্তে ৰাজ্যৰ কৰ্মচাৰীসকলেও ইয়াৰ পৰা যথেষ্ঠ লাভৱান হ’ব পাৰিব। যদি এজন কৰ্মচাৰীয়ে UPS গ্ৰহণ কৰে, তেন্তে কিমান টকা লাভ কৰিব জানক।

UPS পেঞ্চন কেনেকৈ গণনা কৰা হয়?

  • ২৫ বছৰ বা তাতকৈ অধিক সময় সেৱা আগবঢ়োৱা সকলো চৰকাৰী কৰ্মচাৰীয়ে অৱসৰৰ শেষৰ ১২ মাহৰ গড় মৌলিক দৰমহাৰ ৫০% পেঞ্চন হিচাপে লাভ কৰিব।
  • নূন্যতম পেঞ্চন হ’ব প্ৰতিমাহে ১০,০০০টকা, কিন্তু সেইসকল কৰ্মচাৰীয়েহে পাব যিসকলে ১০ বছৰ সেৱা সম্পূৰ্ণ কৰিছে।
  • ১০ৰ পৰা ২৪ বছৰ সেৱা আগবঢ়োৱা কৰ্মচাৰীয়ে তেওঁলোকৰ সেৱাৰ বছৰৰ ভিত্তিত অনুপাতত পেঞ্চন লাভ কৰিব।
  • মৃত কৰ্মচাৰীজনৰ পৰিয়ালে তেওঁৰ মৃত্যুৰ পূৰ্বে লাভ কৰা পেঞ্চনৰ ৬০% পৰিয়ালে পেঞ্চন হিচাপে লাভ কৰিব ।

UPSত কেনেকৈ হিচাপ কৰিব পেঞ্চন

UPS কেলকুলেটৰ ব্যৱহাৰ কৰিবলৈ আপুনি নিম্নলিখিত তথ্য দিব লাগিব:

  • মাহিলী গড় মূল দৰমহা
  • সেৱাৰ বছৰ
  • পেঞ্চনৰ পৰিমাণ বা পৰিয়ালৰ পেঞ্চনৰ পৰিমাণ