শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আয়ুৰ্বেদক স্বাস্থ্য আৰু ব্যৱসায়িক জগতৰ ‘নায়ক’ কৰি তুলিছিল পতঞ্জলিয়ে, কিদৰে জানক…

আজিৰ পৰা প্ৰায় ২০ বছৰ আগতে ২০০৬ চনত যেতিয়া বাবা ৰামদেৱে আচাৰ্য বালকৃষ্ণৰ সৈতে পজঞ্জলি আয়ুৰ্বেদ আৰম্ভ কৰিছিল। তেতিয়া হয়টো তেওঁলোকে কল্পনা কৰা নাছিল যে ভৱিষ্যতে আয়ুৰ্বেদ এক বৃহৎ উদ্যোগত পৰিণত হ’ব। স্বাস্থ্য আৰু ব্যৱসায়ৰ জগতখনত আয়ুৰ্বেদক ‘নায়ক’ হিচাপে গঢ়ি তোলাত পতঞ্জলিৰ ডাঙৰ অৱদান আছে। জানক কিদৰে...

আয়ুৰ্বেদক স্বাস্থ্য আৰু ব্যৱসায়িক জগতৰ ‘নায়ক’ কৰি তুলিছিল পতঞ্জলিয়ে, কিদৰে জানক…
পতঞ্জলি, বাবা ৰামদেৱ
trishna-kalita
Trishna Kalita | Updated On: 25 Mar 2025 16:56 PM

মহাকবি তুলসীদাসে ‘শ্ৰী ৰামচৰিতমানস’ ৰচনা কৰি প্ৰভু ৰামৰ আদৰ্শ আৰু তেওঁৰ কাহিনী সাধাৰণ মানুহৰ মাজত প্ৰচাৰৰ কাম কৰিছিল। ঠিক তেনেদৰে বাবা ৰামদেৱ আৰু তেওঁৰ পতঞ্জলি আয়ুৰ্বেদেও একবিংশ শতিকাত যোগ, আয়ুৰ্বেদ আৰু স্বাস্থ্যসেৱাৰ ধাৰণা সাধাৰণ মানুহৰ মাজত বিয়পাই দিয়াৰ দৰে মহান কাম কৰিছে। আজি কেৱল ভাৰততে নহয় বিশ্বৰ বহু দেশত যোগ আৰু আয়ুৰ্বেদৰ আন নাম ‘বাবা ৰামদেৱ’ আৰু ‘পতঞ্জলি আয়ুৰ্বেদ’। ২০০৬ চনত যেতিয়া বাবা ৰামদেৱে আচাৰ্য বালকৃষ্ণৰ সৈতে পতঞ্জলি আৰম্ভ কৰিছিল। তেতিয়া হটো তেওঁ অনুমান কৰা নাছিল যে তেওঁ ভাৰতত ৮০০ বিলিয়ন টকাৰ এটা বৃহৎ উদ্যোগ গঢ়ি তোলাত সহায় কৰিব।

পতঞ্জলিয়ে সলনি কৰিলে জীৱন-ধাৰণৰ পদ্ধতি

পতঞ্জলি আয়ুৰ্বেদ আৰম্ভ হোৱাৰ সময়ত কোম্পানীটোৱে মূলতঃ ‘দিব্য ফাৰ্মাচী’ৰ অধীনত আয়ুৰ্বেদিক ঔষধ মুকলি কৰিছিল। ইয়াৰ পিছত পতঞ্জলি ব্ৰেণ্ডৰ অধীনত কোম্পানীটোৱে টুথপেষ্টৰ পৰা আৰম্ভ কৰি শ্বেম্পু আৰু চাবোনলৈকে দৈনিক ব্যৱহাৰৰ সামগ্ৰী মুকলি কৰে। ইয়াত দন্তকান্তি কোম্পানীটোৰ বিক্ৰী হোৱা অন্যতম প্ৰডাক্ট হিচাপে ওলাই আহিল। সেই সময়ত ভাৰতীয় বজাৰত উপস্থিত থকা প্ৰায়বোৰ টুথপেষ্টৰ বিক্ৰী কমিবলৈ ধৰিলে আৰু বহু কোম্পানীয়ে বজাৰত নিজৰ জনপ্ৰিয় ব্ৰেণ্ডৰ ‘আয়ুৰ্বেদিক সংস্কৰণ’ মুকলি কৰে। এইদৰে পতঞ্জলিৰ উৎপাদিত সামগ্ৰীয়ে আয়ুৰ্বেদক মানুহৰ জীৱনত অন্তৰ্ভুক্ত কৰাত সহায় কৰিছিল আৰু জীৱন-ধাৰণৰ পদ্ধতি সলনি কৰিছিল।

ইতিমধ্যে পাকঘৰত থকা মছলা, শস্য আৰু অন্যান্য সামগ্ৰীৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে ভাৰতীয়সকলৰ মাজত ইতিমধ্যে প্ৰচাৰিত হৈ আহিছে। সাধাৰণ ভাৰতীয়ৰ পৰিয়ালত বিভিন্ন ধৰণৰ পুৰণি ৰেচিপি উপলব্ধ। পতঞ্জলিয়ে আয়ুৰ্বেদৰ এইবোৰ কথা মানুহৰ মাজত বিয়পাই দিলে। কোম্পানীটোৱে সামগ্ৰীসমূহ বিশুদ্ধভাৱে নিৰ্মাণ কৰা হৈছে বুলি মানুহক আশ্বাস দিলে। আনকি বাবা ৰামদেৱে ভিডিঅ’ৰ জৰিয়তে কোম্পানীটোৰ কাৰখানালৈ মানুহক লৈ গৈছিল আৰু ইয়াৰ ফলত পতঞ্জলিৰ মানুহৰ পছন্দ হৈ পৰিছিল।

কেৱল এয়াই নহয়, পতঞ্জলিয়ে বিপণীৰ বহু পৰিমাপো ভংগ কৰিছিল। প্ৰথম অৱস্থাত কোম্পানীটোৱে পতঞ্জলি সামগ্ৰী বিক্ৰীৰ বাবে ‘এক্সক্লুছিভ ষ্ট’ৰ’ খুলিছিল। সাধাৰণ সামগ্ৰীৰ দৰে মল বা গেলামালৰ দোকানত বিক্ৰী কৰা নাছিল। একে সময়তে আয়ুৰ্বেদ সম্পৰ্কীয় চিকিৎসকক বহু ডাঙৰ ডাঙৰ ষ্ট’ৰ’ত  ৰখা হৈছিল। যিসকলে মানুহক লগ কৰি বিনামূলীয়াকৈ আয়ুৰ্বেদিক চিকিৎসা প্ৰদান কৰিছিল। তেওঁলোকৰ চিকিৎসাৰ বাবে পতঞ্জলি সামগ্ৰী যোগান ধৰিছিল। ইয়াৰ ফলত পতঞ্জলিৰ উৎপাদিত সামগ্ৰীৰ প্ৰতি মানুহৰ মাজত বিশেষ আস্থা গঢ় লৈ উঠিছিল।

 মানুহে কিয় যোগ আৰু আয়ুৰ্বেদ একেলগে গ্ৰহণ কৰিছিল?

বাবা ৰামদেৱৰ যোগগুৰু হিচাপে আন এক ডাঙৰ পৰিচয় আছে। তেওঁৰ নাম পতঞ্জলিৰ লগত জড়িত হোৱাৰ বাবে মানুহে যোগ আৰু আয়ুৰ্বেদ গ্ৰহণ কৰিছিল। স্বাস্থ্যৰ ক্ষেত্ৰ যোগৰ উপকাৰ সম্পৰ্কে সকলো জ্ঞাত। সেই সময়ত বাবা ৰামদেৱে আয়ুৰ্বেদৰ উপকাৰিতাৰ সৈতে পতঞ্জলিৰ সংমিশ্ৰণ ঘটালে। সেয়েহে যোগ আৰু আয়ুৰ্বেদৰ স্বাস্থ্য উপকাৰিতাৰ সন্দৰ্ভত মানুহৰ মনত এক ইতিবাচক ভাবমূৰ্তি গঢ় লৈ উঠিছিল আৰু তেওঁলোকে ব্যক্তিগত জীৱনত ইয়াক কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰিছিল। ইফালে বিশ্ব পৰ্যায়তো যোগ আৰু আয়ুৰ্বেদৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰিলে।ইয়াৰ মাজতে ৰাষ্ট্ৰসংঘই ২১ জুন তাৰিখটোক ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ হিচাপে স্বীকৃতি প্ৰদান কৰে। দেশ-বিদেশত যোগৰ লগত জড়িত অনুষ্ঠানবোৰ হ’বলৈ ধৰিলে। ইয়াৰ বাবেই মানুহ যোগ আৰু আয়ুৰ্বেদৰ প্ৰতি আগ্ৰহী হৈ উঠিছিল।

তাৰ পাছত পতঞ্জলিয়ে ৰাইজৰ মাজত মুকলি কৰিলে আয়ুৰ্বেদ ৰেডি-২ ইউজ প্ৰডাক্ট। আমলখি আৰু শগুনী লতাৰ দৰে ৰস ৰেডি-২-ড্ৰিংক ৰূপত প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ বাবেই মানুহৰ মাজত আয়ুৰ্বেদিক সামগ্ৰী ক্ৰয় কৰাৰ উত্তেজনা বৃদ্ধি পালে কাৰণ পতঞ্জলিৰ সামগ্ৰীবোৰত জটিলতা নাছিল। একে সময়তে কোম্পানীটোৱে অশ্বগন্ধাৰ পৰা ত্ৰিফলালৈকে পাউদাৰ সামগ্ৰীৰ লগতে আধুনিক ৰূপত টেবলেট মুকলি কৰে। ইয়াৰ বাবেই মানুহৰ বাবে ইয়াক সেৱন কৰাটো সহজ হৈ পৰিল। এনেদৰে পতঞ্জলি মানুহৰ জীৱনশৈলীৰ অংগ হৈ পৰিল।