পলকতে চাব পাৰিব আপোনাৰ EPFO একাউণ্টত জমা ধনঃ চাওক এনে সহজ প্ৰক্ৰিয়া…
EPFO একাউণ্টত জমা হোৱা টকা কিদৰে পৰীক্ষা কৰিব পাৰি, এই বিষয়ে অধিকাংশ লোকেই জ্ঞাত নহয়। পিছে আপোনাৰ অজ্ঞাতে এনে কিছুমান সহজ উপায় আছে, যাৰ জৰিয়তে আপুনি EPFO একাউণ্টত জমা হোৱা ধনৰ বিষয়ে পলকতে তথ্য লাভ কৰিব পাৰে। EPFO একাউণ্টৰ ধন পৰীক্ষা কৰিব পৰা এনে সহজ পন্থাৰ বিষয়ে জানো আহক।
কৰ্পৰেট খণ্ডত নিয়োজিত লোকসকলৰ স্বাভাৱিকতেই থাকে EPFO একাউণ্ট। এই একাউণ্টত নিয়োজিত লোকৰ মৌলিক দৰমহাৰ কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ PF হিচাপে ১২-১২ শতাংশ জমা কৰা হয়। এই একাউণ্টত জমা হোৱা টকা কিদৰে পৰীক্ষা কৰিব পাৰি, এই বিষয়ে অধিকাংশ লোকেই জ্ঞাত নহয়। পিছে আপোনাৰ অজ্ঞাতে এনে কিছুমান সহজ উপায় আছে, যাৰ জৰিয়তে আপুনি EPFO একাউণ্টত জমা হোৱা ধনৰ বিষয়ে পলকতে তথ্য লাভ কৰিব পাৰে। EPFO একাউণ্টৰ ধন পৰীক্ষা কৰিব পৰা এনে সহজ পন্থাৰ বিষয়ে জানো আহক-
কৰ্মচাৰীসকলে EPFOৰ অফিচিয়েল ৱেবছাইটলৈ গৈ নিজৰ একাউণ্টত জমা হোৱা ধনৰ বিষয়ে তথ্য লাভ কৰিব পাৰে। ইয়াৰ বাবে আপুনি তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰিব লাগিব-
প্ৰথমে EPFOৰ ৱেবছাইটলৈ যাওক।
Our Services অংশলৈ যাওক আৰু For Employees টেবত ক্লিক কৰক।
এতিয়া Member Passbookত ক্লিক কৰক।
ইয়াৰ পিছত আপোনাৰ UAN নম্বৰ আৰু পাছৱৰ্ড দিয়ক।
লগইন কৰাৰ পিছত আপুনি আপোনাৰ পাছবুক চাব পাৰিব।
তদুপৰি আপুনি SMS ৰ জৰিয়তেও এই বিষয়ে তথ্য লাভ কৰিব। যদি আপোনাৰ UAN নম্বৰ সক্ৰিয় হৈ থাকে, তেতিয়া এই পন্থাও অৱলম্বন কৰিব পাৰে। ইয়াৰ বাবে তলত দিয়া পদ্ধতি অনুসৰণ কৰিব লাগিব-
পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ পৰা EPFOHO UAN লিখক।
এইদৰে লিখি ৭৭৩৮২৯৯৮৯৯ নম্বৰলৈ প্ৰেৰণ কৰক।
ইয়াৰ পিছতে SMS ৰ জৰিয়তে আপোনাৰ PFৰ ধনৰ তথ্য প্ৰদান কৰা হ’ব। তদুপৰি মিছড কলৰ দ্বাৰাও একাউণ্টত জমা ধন পৰীক্ষা কৰিব পাৰে। ইয়াৰ বাবে কৰ্মচাৰীসকলে পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ পৰা 011-22901406 নম্বৰত মিছড কল কৰিব লাগে। কেইছেকেণ্ডমানৰ ভিতৰতে PFৰ ধনৰ তথ্য মোবাইললৈ প্ৰেৰণ কৰা হ’ব।
ইয়াৰ লগতে UMANG (Unified Mobile Application for New-age Governance) এপৰ জৰিয়তেও আপোনাৰ PF ৰ ধনৰ তথ্য পৰীক্ষা কৰিব পাৰিব। এইক্ষেত্ৰত তলৰ প্ৰক্ৰিয়া অনুসৰণ কৰিব পাৰে-
প্ৰথমে UMANG App ডাউনলোড কৰক।
এতিয়া EPFO বিকল্প নিৰ্ব্বাচন কৰক।
Employee-Centric Services ত ক্লিক কৰক।
আপোনাৰ UAN নম্বৰ আৰু OTP দিয়ক।
ইয়াত আপুনি আপোনাৰ PF ৰ ধনৰ লগতে অন্যান্য প্ৰয়োজনীয় তথ্যও পৰীক্ষা কৰিব পাৰিব।
যদি আপুনি ওপৰৰ কোনো এটা উপায়েৰে তথ্য লাভ কৰিব নোৱাৰে, তেন্তে আপুনি আপোনাৰ কোম্পানীৰ HR বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰে। তেওঁলোকে আপোনাক আপোনাৰ EPFO একাউণ্টৰ সবিশেষ তথ্য জানিবলৈ দিব।