অন্তিম তাৰিখ ৩১ জুলাইত দাখিল কৰিব নোৱাৰিলে নেকি ITR, এতিয়া বিকল্প কি? | how to file itr after 31st july last date what are the options know more Assam news - Assam Tv9

অন্তিম তাৰিখ ৩১ জুলাইত দাখিল কৰিব নোৱাৰিলে নেকি ITR, এতিয়া বিকল্প কি?

২০২৩-২৪ বিত্তীয় বৰ্ষত আপুনি উপাৰ্জন কৰা আয়ৰ বাবে আয়কৰ ৰিটাৰ্ণ (আইটিআৰ) দাখিল কৰাৰ শেষ তাৰিখ আছিল ২০২৪ চনৰ ৩১ জুলাই। কিন্তু যদি আপুনি এতিয়াও আপোনাৰ আইটিআৰ দাখিল কৰিব পৰা নাই, তেন্তে আপোনাৰ হাতত কি বিকল্প বাকী আছে জানক

অন্তিম তাৰিখ ৩১ জুলাইত দাখিল কৰিব নোৱাৰিলে নেকি ITR, এতিয়া বিকল্প কি?

৩১ জুলাইত দাখিল কৰিব নোৱাৰিলে নেকি ITR

Updated On: 

01 Aug 2024 13:30 PM

আপুনি জানেনে যে ২০২৩-২৪ বিত্তীয় বৰ্ষত যি আয় লাভ কৰিছে, তাৰ মূল্যায়ন বৰ্ষ হ’ব ২০২৪-২৫ । ইয়াৰ বাবে আয়কৰ ৰিটাৰ্ণ (আইটিআৰ) দাখিল কৰাৰ শেষ তাৰিখ আছিল ২০২৪ চনৰ ৩১ জুলাই। যদি আপুনি এতিয়াও আপোনাৰ আইটিআৰ দাখিল কৰিব পৰা নাই, তেন্তে আপোনাৰ আন এটা সুযোগ আছে।

প্ৰথমে জনাওক যে ব্যক্তিগত কৰদাতাৰ বাবে আইটিআৰ দাখিলৰ শেষ তাৰিখ ৩১ জুলাই। একাউণ্ট, ইনকাম আৰু বেলেন্স শ্বীট আদিৰ অডিটৰ পিছত আয়কৰ দিবলগীয়া হোৱাসকলৰ বাবে আইটিআৰৰ শেষ তাৰিখ ২০২৪ চনৰ ৩১ অক্টোবৰ। যদি আপুনি এই শ্ৰেণীত পৰে, তেন্তে আপোনাৰ ITR ফাইল কৰিবলৈ সময় আছে। সাধাৰণতে এই তাৰিখৰ ভিতৰত কেৱল কোম্পানীয়েহে আইটিআৰ দাখিল কৰে।

বিলম্বিত আইটিআৰ পূৰণ কৰিব পাৰিব

যদি আপুনি ইণ্ডিভিজুৱেল শ্ৰেণীত পৰে আৰু ২০২৪ চনৰ ৩১ জুলাইৰ ভিতৰত আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব পৰা নাই তেন্তে আপোনাৰ বিলম্বিত আইটিআৰ দাখিল কৰিব পাৰিব। অৱশ্যে ইয়াৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু জৰিমনা জমা দিব লাগিব। বিলম্বিত আইটিআৰ দাখিলৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ। পলমকৈ হোৱা আইটিআৰ আয়কৰ আইনৰ ধাৰা ১৩৯(৪)ৰ অধীনত দাখিল কৰা হয়, আনহাতে সাধাৰণ আইটিআৰ ধাৰা ১৩৯(১)ৰ অধীনত দাখিল কৰা হয়।

৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা

যদি আপুনি বিলম্বিত আইটিআৰ দাখিল কৰে, তেন্তে আপুনি ৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। আয়কৰ আইনৰ ২৩৪এফ ধাৰাত পলমকৈ আইটিআৰ দাখিল কৰিলে জৰিমনা বিহা হ’ব পাৰে। যদি আপোনাৰ বাৰ্ষিক আয় ৫ লাখ টকা বা তাতকৈ কম হয়, তেন্তে আপুনি মাত্ৰ ১০০০ টকা জৰিমনা ভৰিব লাগিব। আনহাতে ইয়াতকৈ অধিক আয়ৰ বাবে আপোনাৰ জৰিমনা হ’ব ৫ হাজাৰ টকা।

বাকী থকা কৰত সুত দিব লাগিব

যদি আপোনাৰ ধন ঘূৰাই দিয়া হয় ITR দাখিল কৰাৰ পিছত, তেন্তে সেয়া ঠিকেই আছে। কিন্তু যদি আপোনাৰ কৰ বাকী আছে তেন্তে আপুনি কেৱল পলমকৈ আইটিআৰ দাখিল কৰাৰ জৰিমনা দিব নালাগে। বৰঞ্চ আয়কৰ আইনৰ 234 A, B আৰু C ধাৰাত প্ৰতিমাহে এক শতাংশৰ ভিত্তিত বাকী থকা কৰ পৰিমাণৰ সুতও দিব লাগিব।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?