শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কেনেদৰে বনাব MGNREGAৰ জব কাৰ্ড? ইয়াৰ বাবে কি কি নথি-পত্ৰৰ প্ৰয়োজন? সম্পূৰ্ণ প্ৰক্ৰিয়া জানক…

ভাৰত চৰকাৰে MGNREGAত কাম কৰাসকলৰ বাবে জব কাৰ্ড বাধ্যতামূলক কৰিছে। যদি আপোনাৰ জব কাৰ্ড নাই, তেন্তে আপুনি MGNREGAকে ধৰি বিভিন্ন প্ৰকাৰৰ চৰকাৰী আঁচনিৰ লাভালাভৰ পৰা বঞ্চিত হ'ব। আহক MGNREGAৰ জব কাৰ্ড বনোৱাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াৰ বিষয়ে জানো..

কেনেদৰে বনাব MGNREGAৰ জব কাৰ্ড? ইয়াৰ বাবে কি কি নথি-পত্ৰৰ প্ৰয়োজন? সম্পূৰ্ণ প্ৰক্ৰিয়া জানক…
কেনেদৰে বনাব MGNREGAৰ জব কাৰ্ড?
trishna-kalita
Trishna Kalita | Updated On: 15 Jan 2025 15:44 PM

MGNREGA Job Card:  মহাত্মা গান্ধী এনৰেগা ( MGNREGA) হৈছে ভাৰত চৰকাৰৰ অন্যতম জনপ্ৰিয় আঁচনি। ইয়াৰ উদ্দেশ্য হৈছে গাওঁবোৰত ১০০ দিনৰ নিযুক্তি প্ৰদান কৰা। ইয়াৰ জৰিয়তে ঘৰৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নিযুক্তি প্ৰদান কৰাটোৱে হৈছে ভাৰত চৰকাৰৰ লক্ষ্য। অৱশ্যে, MGNREGAত কাম কৰিবলৈ আপোনাৰ জব কাৰ্ড থাকিব লাগিব। যদি আপোনাৰ জব কাৰ্ড নাই তেন্তে আপুনি MGNREGAত কাম নাপায়। এনে পৰিস্থিতিত MGNREGAৰ বাবে কেনেদৰে জব কাৰ্ড বনাব পাৰিব জানো আহক।

জব কাৰ্ড বনোৱাৰ উপায়

আপুনি অনলাইন আৰু অফলাইন দুয়োধৰণৰ মহাত্মা গান্ধী এনৰেগাৰ জব কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে। জব কাৰ্ড এখনৰ বাবে অফলাইন কেনেদৰে আবেদন কৰিব লাগে  সবিশেষ আহক।

কেনেদৰে অনলাইন  আবেদন কৰিব?

 

  • ইয়াৰ বাবে প্ৰথমে Umangৰ অফিচিয়েল ৱেবছাইট – https://web.umang.gov.in/ বা Umang App খোলক ।
  • ইয়াৰ পিছত যদি আপুনি এতিয়ালৈ পঞ্জীয়ন কৰা নাই তেন্তে প্ৰথমে পঞ্জীয়ন কৰি লগ ইন কৰক যদি আগতে পঞ্জীয়ন কৰিছে আপোনাৰ ম’বাইল নম্বৰ বা এমপিন বা অ’টিপিৰ জৰিয়তে লগ ইন কৰক।
  • লগ ইন কৰাৰ পিছত চাৰ্চ বক্সত  MGNREGA  অনুসন্ধান কৰক বা Recently Used Services  শাখালৈ আহক আৰু MGNREGAত ক্লিক কৰক।

Mnrega 1

  • ক্লিক কৰাৰ পিছত, আপুনি আপোনাৰ সন্মুখত তিনিটা বিকল্প দেখা পাব। যিবোৰ হৈছে  Apply For Job Card, Download Job Card, Track Job Card Status। যাৰ ভিতৰত আপুনি Apply For Job Cardত ক্লিক কৰক।

Mnrega 2

  • ইয়াৰ পিছত, আপোনাৰ সন্মুখত এটা পৃষ্ঠা খুলিব, য’ত আপুনি “General Details” সম্পৰ্কীয় সকলো তথ্য যেনে পিতৃ বা স্বামীৰ নাম, আপোনাৰ ৰাজ্যৰ নাম, মৌলিক বিৱৰণ যেনে ব্লক, পঞ্চায়ত, ৰেচন কাৰ্ড নম্বৰ পূৰণ কৰিব লাগিব। তাৰ পিছত “Next” বুটামত ক্লিক কৰক।

Mnrega 3

  • তাৰ পিছত আপোনাৰ সন্মুখত আন এটা পৃষ্ঠা খোল খাব। য’ত আপুনি “Applicant Details” সম্পৰ্কীয় তথ্য পূৰণ কৰিব লাগিব।Mnrega 4
  • শেষত আপলোডত গৈ আপোনাৰ ফটো আপলোড কৰক। তাৰ পিছত “Apply For Job Card”ত ক্লিক কৰক।
  • এতিয়া আপোনাৰ প্ৰপত্ৰ দাখিল হ’ব আৰু আপুনি এটা পঞ্জীয়ন নম্বৰ বা ৰচিদ বা ৰেফাৰেন্স নম্বৰ লাভ কৰিব। জব কাৰ্ডখন বনোৱা হোৱাৰ পিছত, আপোনাক MGNREGA ৰ জব কাৰ্ড নম্বৰ প্ৰদান কৰা হ’ব।

জব কাৰ্ডৰ বাবে অফলাইন আবেদন প্ৰক্ৰিয়া

  • MGNREGAৰ জব কাৰ্ডৰ অফলাইন আবেদন কৰিবলৈ, আপুনি আপোনাৰ গ্ৰাম পঞ্চায়তত আবেদন দাখিল লাগিব। এই আবেদনত, পৰিয়ালৰ সকলো প্ৰাপ্তবয়স্ক সদস্যৰ নাম, বয়স আৰু ঠিকনা লিপিবদ্ধ কৰিব লাগিব।
  • জব কাৰ্ড পাবলৈ, আবেদনকাৰীসকলে তেওঁলোকৰ গাঁৱৰ গ্ৰাম পঞ্চায়তলৈ যাব পাৰে আৰু আবেদন পত্ৰ দাখিল কৰিব পাৰে। এই এপ্লিকেচনটো মৌখিকভাৱেও দিব পাৰি যাক লিখনীলৈ ৰূপান্তৰ কৰা হয় বা আপুনি ইয়াক লিখিত এপ্লিকেচন হিচাপে প্ৰপত্ৰ বা প্লেইন পেপাৰত দিব পাৰে।
  • গ্ৰাম পঞ্চায়তে আবেদনখন পৰীক্ষা কৰিব লাগিব আৰু নিশ্চিত কৰিব লাগিব যে আবেদনখন বৈধ নে নহয়।
  • আবেদন দাখিল কৰাৰ ১৫ দিনৰ ভিতৰত গ্ৰাম পঞ্চায়তে জব কাৰ্ড জাৰী কৰাটো বাধ্যতামূলক।
  • এই জব কাৰ্ডখনত পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্যসকলৰ তথ্য আৰু ফটো থাকে। জব কাৰ্ডখনত পৰিয়ালৰ প্ৰতিজন সদস্যই দাবী কৰা আৰু কৰা কামৰ বিৱৰণ থাকে।

Latest News