Income Tax For Mothers: দুটাতকৈ অধিক সন্তান থাকিলে কৰ ৰেহাই পাব মাতৃসকলে! ২৬ৰ নিৰ্বাচনৰ পূৰ্বে ডাঙৰ ঘোষণা

Income Tax For Mothers: আয়কৰক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ চেষ্টা। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে দেশৰ মাতৃসকলৰ আয়কৰ ৰেহাই দিলে হাংগেৰীৰ প্ৰধানমন্ত্ৰীয়ে।

Income Tax For Mothers: দুটাতকৈ অধিক সন্তান থাকিলে কৰ ৰেহাই পাব মাতৃসকলে! ২৬ৰ নিৰ্বাচনৰ পূৰ্বে ডাঙৰ ঘোষণা

কৰ ৰেহাই পাব মাতৃসকলে!

Published: 

01 Mar 2025 16:29 PM

আয়কৰ আৰু ৰাজনীতিৰ মাজত যে সম্পৰ্ক আছে তাত কোনো সন্দেহ নাই। এইবাৰ বাজেটত ভাৰতৰ জনসাধাৰণকো ১২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কৰ ৰেহাই দিয়া হৈছিল। এই পদক্ষেপ যিমানেই অৰ্থনৈতিক সিমানেই ৰাজনৈতিক। সূত্ৰ অনুসৰি, বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে ৰাইজৰ মন জয় কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ইফালে আন এখন দেশে এই আয়কৰক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে। ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে হাংগেৰীৰ প্ৰধানমন্ত্ৰী ভিক্টৰ অ’ৰবানে দেশৰ মাতৃসকলক আয়কৰৰ ওপৰত ৰেহাই দিছে। দেশৰ ৰাজধানী বুডাপেষ্টত ভাষণ দি তেওঁ এই ঘোষণা কৰে।

তেওঁৰ মতে, এতিয়াৰ পৰা কৰ্মৰত মাতৃয়ে এটকাও কৰ দিব নালাগিব। অৱশ্যে এই সুবিধা সকলোৱে নাপাব। মূলতঃ যিসকলৰ দুটা বা তাতকৈ অধিক সন্তান আছে। সেই সকলো কৰ্মৰত মাতৃয়ে আয়কৰ ৰেহাই পাব।

ৰাজনৈতিক বিশেষজ্ঞসকলে কয় যে, ২৬ৰ নিৰ্বাচনৰ পূৰ্বে ভিক্টৰ অ’ৰবানে প্ৰকৃত কৌশলটো টানি আনিছে। যিসকল মাতৃৰ তিনিটা সন্তান আছে, চলিত বৰ্ষৰ অক্টোবৰৰ পৰা তেওঁলোকৰ বাবে এই নিয়ম কাৰ্যকৰী কৰা হ’ব। কিন্তু কিছুমানে ক’ব বিচাৰে যে কেৱল নিৰ্বাচনৰ বাবেই নহয়, দেশত জন্মৰ হাৰ বৃদ্ধিৰ বাবেও এই নিয়ম প্ৰৱৰ্তন কৰিছে।

কেৱল ক্ৰিকেটেই নহয়, এই দিশৰ পৰাও ৰোহিত শৰ্মাই কৰে বৃহৎ পৰিমাণৰ উপাৰ্জন! আছে ইমান সম্পত্তি
ইতিহাস প্ৰসিদ্ধ চৰাইদেউ মৈদামৰ আছে বহু ৰহস্য, মৈদাম কি জানেনে?
আপোনাৰ পাৰ্ছত ৰাখক এই সামগ্ৰী, কেতিয়া নহ'ব ধনৰ অভাৱ!
সমগ্ৰ বিশ্বত কিমান সনাতনী লোক আছে?