টাটা বা আম্বানী নহয়, সৰ্বাধিক দানৰ ক্ষেত্ৰত শীৰ্ষত দেশৰ এইগৰাকী ব্যৱসায়ী…
আজি দেশৰ শীৰ্ষ ১০গৰাকী সমাজহিতৈষী ব্যক্তিৰ এক তালিকা প্ৰকাশ কৰিছে হুৰুন ইণ্ডিয়া (Hurun India) নামৰ এক সংস্থাই। হুৰুন ইণ্ডিয়া এই তালিকাত পিছে দানৰ বাবেই দানবীৰ হিচাপে পৰিচিত হৈ পৰা ৰতন টাটা বা এছিয়াৰ ভিতৰতে আটাইতকৈ ধনৱন্ত মুকেশ আম্বানীৰ নাম শীৰ্ষত নাই। এই তালিকাত শীৰ্ষত আছে আন এগৰাকী ব্যৱসায়ীহে।
দেশৰ আটাইতকৈ দান কৰা ব্যক্তি বুলিলেই হয়তো সকলোৰে মনত ভাঁহি আহে ৰতন টাটাৰ নাম। দানৰ বাবেই তেওঁ দেশবাসীৰ মনত এক বিশেষ স্থান লাভ কৰি আহিছে। শেহতীয়াকৈ তেখেতৰ মৃত্যুৰ পিছত তেওঁৰ উইল পোহৰলৈ আহিছিল। এই উইলখনত তেওঁ নিজৰ ১০ হাজাৰ কোটিতকৈও অধিক ধনৰ এক বৃহৎ অংশ দান কৰিছিল। ইফালে টাটাৰ দৰে শেহতীয়া সময়ছোৱাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ তথা এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ ৰিলায়েন্স ফাউণ্ডেচনো দানৰ ক্ষেত্ৰত যথেষ্ট সমাদিত হৈছে।
পিছে আপুনি জানি আচৰিত হ’ব যে দানৰ বাবেই ৰতন টাটা দানবীৰ হিচাপে পৰিচিত হৈ পৰিলেও বা মুকেশ আম্বানীক কেন্দ্ৰ কৰি যথেষ্ট চৰ্চা হ’লেও সৰ্বাধিক দাতব্য ব্যৱসায়ী হিচাপে পিছে শীৰ্ষত তেওঁলোকৰ নাম নাই। আজি এই সন্দৰ্ভত এক তালিকা প্ৰকাশ কৰিছে হুৰুন ইণ্ডিয়া (Hurun India) নামৰ এক সংস্থাই। Hurun Indiaৰ এই দেশৰ শীৰ্ষ ১০গৰাকী সমাজহিতৈষী ব্যক্তিৰ তালিকা অনুসৰি দেশৰ ভিতৰতে সৰ্বাধিক ধন দান কৰা ব্যৱসায়ীজন হৈছে শিৱ নাদৰ।
বিগত বৰ্ষতো শিৱ নাদৰ এই তালিকাত শীৰ্ষত আছিল। এইচ চি এল টেকন’লজিছৰ প্ৰতিষ্ঠাপক শিৱ নাদৰ আৰু তেওঁৰ পৰিয়ালে এইবাৰ ২১৫৩ কোটি টকাৰ অনুদান আগবঢ়াইছে। শিৱ নাদৰৰ পিছত এই তালিকাত দ্বিতীয় স্থানত আছে মুকেশ আম্বানী আৰু পৰিয়াল। আম্বানী পৰিয়ালে এই বৰ্ষত কল্যাণমূলক কামৰ বাবে ৪০৭ কোটি টকাৰ ধন আগবঢ়াইছে। আনহাতে বাজাজ পৰিয়াল এই তালিকাৰ তৃতীয় স্থানত আছে।
বিগত বৰ্ষত ষষ্ঠ স্থানত থকা বাজাজ পৰিয়ালে এইবাৰ ৩৫২ কোটি টকাৰ অনুদান আগবঢ়াই তৃতীয় স্থান লাভ কৰিছে। হুৰুণ ইণ্ডিয়াৰ এই তালিকাত কুমাৰ মংগলম আৰু বিৰলা পৰিয়ালে ৩৩৪ কোটি টকা অনুদান আগবঢ়াই চতুৰ্থ স্থানত আছে। আনহাতে গৌতম আদানী আৰু পৰিয়ালে ৩৩০ কোটি টকা অনুদান আগবঢ়াই তালিকাত পঞ্চম স্থানত আছে।
এই তালিকাত ষষ্ঠ স্থানত আছে নন্দন নিলেকানী (৩০৭ কোটি টকাৰ অনুদান), কৃষ্ণ চিভুকুলা সপ্তম স্থানত (২২৮ কোটি টকাৰ অনুদান), অনিল আগৰৱালা আৰু পৰিয়ালৰ অষ্টম স্থানত (১৮১ কোটি টকাৰ অনুদান), সুস্মিতা আৰু সুব্ৰতো বাগচী নৱম স্থানত (১৭৯ কোটি টকাৰ অনুদান ) আছে। এই তালিকাত নতুনকৈ সংযোজিত হৈছে আশা ফাউণ্ডেশ্যনৰ কৃষ্ণ চিভুকুলা আৰু মাইণ্ডট্ৰিৰ সুস্মিতা আৰু সুব্ৰটো বাগচি।
দেশৰ শীৰ্ষ ১০ গৰাকী দাতব্য ব্যৱসায়ীয়ে মুঠ ৪,৬২৫ কোটি টকাৰ সাহায্য আগবঢ়াইছে। শীৰ্ষ ১০ গৰাকী দানবীৰৰ ভিতৰত ছয়জনে তেওঁলোকৰ কৰ্পৰেট ছ’চিয়েল ৰেচপন্সিবিলিটি (চি এছ আৰ) কাৰ্যকলাপৰ জৰিয়তে শিক্ষাৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।