বিধ্বস্ত অৰ্থনীতি! ৭৮ বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংকটৰ দিশে পাকিস্তান…
ইতিমধ্যে অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা পাকিস্তানত ভাৰতৰ যিকোনো কঠোৰ পদক্ষেপে ইয়াৰ পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে। যদি আমি পাকিস্তানৰ অৰ্থনীতিৰ অৱস্থালৈ চাওঁ, তেন্তে পাকিস্তানৰ হাতত সোণ বা ডলাৰ নাই। যাৰ বিদেশী মজুত প্ৰায় নগণ্য। এনে পৰিস্থিতিত যুদ্ধ হ’লে পাকিস্তানে ৭৮ বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংকটৰ সন্মুখীন হ’ব।

শেহতীয়াকৈ পহলগামত সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ বিশ্বতে গৰিহণা সন্মুখীন হৈছে পাকিস্তানক। একে সময়তে এই আক্ৰমণৰ প্ৰত্যুত্তৰ জনাই পাকিস্তানক নিজৰ স্থান দেখুওৱাৰ লগতে সকলো খাদ্য-পানীৰ যোগান বন্ধ কৰি দিছে ভাৰতে। ইতিমধ্যে অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা পাকিস্তানত ভাৰতৰ যিকোনো কঠোৰ পদক্ষেপে ইয়াৰ পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে। যদি আমি পাকিস্তানৰ অৰ্থনীতিৰ অৱস্থালৈ চাওঁ, তেন্তে পাকিস্তানৰ হাতত সোণ বা ডলাৰ নাই। যাৰ বিদেশী মজুত প্ৰায় নগণ্য। এনে পৰিস্থিতিত যুদ্ধ হ’লে পাকিস্তানে ৭৮ বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংকটৰ সন্মুখীন হ’ব। পাকিস্তানৰ বৰ্তমানৰ অৰ্থনৈতিক অৱস্থা কি আৰু ভাৰতৰ কিমান পিছ পৰি আছে জানো আহক।
পাকিস্তানৰ অৰ্থনীতি
দীৰ্ঘদিন ধৰি অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে পাকিস্তান। গধুৰ ঋণ, বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি, বৈদেশিক মুদ্ৰাৰ মজুত হ্ৰাস আৰু ৰাজনৈতিক অস্থিৰতাই ইয়াৰ অৰ্থনীতি দুৰ্বল কৰি তুলিছে।
- বৰ্তমান সময়ত পাকিস্তানৰ বিত্তীয় ঘাটি ৭.৪ শতাংশ হৈছেগৈ, যিটো পাকিস্তানৰ অৰ্থনৈতিক স্বাস্থ্যৰ বাবে অতি চিন্তনীয়।
- ২০২৪-২৫ বৰ্ষৰ বাবে পাকিস্তানৰ জিডিপি বৃদ্ধিৰ হাৰ মাত্ৰ ৩.১ শতাংশ বুলি অনুমান কৰা হৈছে, যিটো বিশ্বৰ গড়তকৈ বহু কম।
- ২০২৪ চনৰ অক্টোবৰ মাহলৈকে পাকিস্তান চৰকাৰৰ মুঠ ঋণ অভিলেখ ৭০.৩৬ লাখ কোটি পাকিস্তানী টকালৈ বৃদ্ধি পাইছে। অৰ্থাৎ প্ৰতিজন পাকিস্তানী নাগৰিকৰ গড় ঋণ ২.৩৪ লাখ পাকিস্তানী টকা।
- আন্তঃৰাষ্ট্ৰীয় সংস্থা ফিচ ৰেটিংছৰ মতে, ২০২৫ চনৰ বিত্তীয় বৰ্ষত পাকিস্তানে ২২ বিলিয়ন ডলাৰতকৈ অধিক বহিঃ ঋণ পৰিশোধ কৰিব লাগিব।
- পাকিস্তানৰ কৰ ৰাজহো অতি কম। ২০২৪ চনত জিডিপিত কৰ ৰাজহৰ অংশ মাত্ৰ ৬.৮ শতাংশ হ’ব, আনহাতে মহামাৰীৰ পূৰ্বে ১০.৮ শতাংশ আছিল। ইয়াৰ ফলত চৰকাৰৰ আয়ৰ ওপৰতো যথেষ্ট প্ৰভাৱ পৰিছে।
IMFৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি
বৰ্তমান পাকিস্তানৰ অৰ্থনীতি প্ৰায় সম্পূৰ্ণৰূপে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF)ৰ সহযোগত চলি আছে। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত IMF-এ পাকিস্তানক ৭ বিলিয়ন ডলাৰৰ নতুন বেইলআউট পেকেজ দিছিল। এইটো পাকিস্তানৰ ২৪ সংখ্যক বেইলআউট — যি এক বিশ্ব অভিলেখ। ইয়াৰ পৰা স্পষ্টকৈ দেখা যায় যে পাকিস্তান এতিয়া নিজৰ আৰ্থিক প্ৰয়োজনীয়তাৰ বাবে সম্পূৰ্ণৰূপে বহিঃসাহায্যৰ ওপৰত নিৰ্ভৰশীল।
সম্পত্তি আৰু মজুতৰ মাজতো আছে বৃহৎ পাৰ্থক্য
- সোণৰ মজুতৰ ক্ষেত্ৰতো ভাৰত আৰু পাকিস্তানৰ মাজত এক বৃহৎ ব্যৱধান আছে।
- পাকিস্তানৰ হাতত মাত্ৰ ৬৪.৭৪ টন সোণ আছে, আনহাতে ভাৰতত ৮০০ টনতকৈ অধিক সোণৰ মজুত আছে।
- বৈদেশিক মুদ্ৰাৰ মজুতৰ ক্ষেত্ৰতো পাকিস্তানৰ তুলনাত বহুগুণ আগবাঢ়ি আছে, যাৰ ফলত ভাৰতৰ অৰ্থনৈতিক স্থিতিশীলতা অধিক শক্তিশালী হৈ উঠে।
পাকিস্তানৰ ডুব যোৱা শ্বেয়াৰ বজাৰ
শ্বেয়াৰ বজাৰতো পাকিস্তান ভয়াৱহ সংকটৰ সন্মুখীন হৈছে। বিগত সপ্তাহত পাকিস্তানৰ KSE-100 সূচকাংকত এদিনতে প্ৰায় ২০০০ পইণ্টৰ ব্যাপক হ্ৰাস পোৱা দেখা গৈছে। পৰিস্থিতি ইমানেই বেয়া আছিল যে পাকিস্তান ষ্টক এক্সচেঞ্জৰ ৱেবছাইটটোও ক্ৰেচ হৈ তাত এটা বাৰ্তা আহিছিল – “ সোনকালে ঘূৰি আহক।”
ভাৰতৰ শক্তি
অৰ্থনৈতিক দিশত শক্তিশালীভাৱে আগবাঢ়িছে ভাৰত-
- ২০২৩ চনত পাকিস্তানৰ অৰ্থনীতিতকৈ ভাৰতৰ অৰ্থনীতি প্ৰায় ১০ গুণ বেছি আছিল।
- বিশ্ব বেংকৰ তথ্য অনুসৰি ২০০০ চনৰ পিছত পাকিস্তানৰ তুলনাত ২০০৪ চনত ভাৰতৰ জিডিপি ৫.৬ গুণ, ২০০৯ চনত ৭.২ গুণ, আৰু ২০১৯ চনত ৮.৮ গুণ বৃদ্ধি পাইছিল।
- আজি ভাৰত বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ ভিতৰত গণ্য কৰা হৈছে, যিটো বিনিয়োগকাৰীৰ বাবে এক বৃহৎ আকৰ্ষণ হৈ আছে।
ইতিমধ্যে পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা অতিকৈ বেয়া। ভাৰতৰ যিকোনো প্ৰতিশোধমূলক ব্যৱস্থাই ইয়াৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে। ভাৰতৰ তুলনাত পাকিস্তান কেৱল অৰ্থনৈতিকভাৱে অতি দুৰ্বল হোৱাই নহয়, ইয়াৰ অৰ্থনৈতিক নিৰ্ভৰশীলতা আৰু আভ্যন্তৰীণ প্ৰত্যাহ্বানসমূহেও ইয়াক অহৰহ পিছৰ দিশে ঠেলি দিছে। আগন্তুক সময়ত পাকিস্তানৰ অৰ্থনীতি পৰিচালনা কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈয়ে থাকিব।