তিনি বছৰত ৰাজ্যত ওলাব বহু চাকৰিঃ ৰাজ্য চৰকাৰৰ সৈতে টাটা গ্ৰুপে কৰিলে বিশেষ চুক্তি

অহা তিনি বছৰত ৰাজ্যত সৃষ্টি হ’ব বহু চাকৰিৰ। টাটা গ্ৰুপে আনিব যুৱক-যুৱতীৰ বাবে নিযুক্তিৰ সুৱৰ্ণ সুযোগ। ইতিমধ্যে টাটা গ্ৰুপে ৰাজ্য চৰকাৰৰ সৈতে এই বিষয়ত চুক্তিও চাক্ষৰ কৰিছে। এই চুক্তিৰ পিছত এতিয়া দুই শতাধিক চাকৰি মুকলি হোৱাৰ দিশে আগবাঢ়িছে।

তিনি বছৰত ৰাজ্যত ওলাব বহু চাকৰিঃ ৰাজ্য চৰকাৰৰ সৈতে টাটা গ্ৰুপে কৰিলে বিশেষ চুক্তি

ৰাজ্য চৰকাৰৰ সৈতে চুক্তি টাটা গ্ৰুপৰ

Published: 

16 Mar 2025 15:40 PM

অহা তিনি বছৰত ৰাজ্যত সৃষ্টি হ’ব বহু চাকৰিৰ। টাটা গ্ৰুপে আনিব যুৱক-যুৱতীৰ বাবে নিযুক্তিৰ সুৱৰ্ণ সুযোগ। ইতিমধ্যে টাটা গ্ৰুপে ৰাজ্য চৰকাৰৰ সৈতে এই বিষয়ত চুক্তিও চাক্ষৰ কৰিছে। এই চুক্তিৰ পিছত এতিয়া দুই শতাধিক চাকৰি মুকলি হোৱাৰ দিশে আগবাঢ়িছে। অৱশ্যে এই নিযুক্তি অসমত নহয়, চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত সৃষ্টি হ’ব এই নিযুক্তিৰ সুযোগ। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই শেহতীয়াকৈ কৰিছে এই ঘোষণা। অৰ্থাৎ টাটা গ্ৰুপে এতিয়া ত্ৰিপুৰাত ব্যৱসায় আৰম্ভ কৰিবলৈ সাজু হৈছে। ৰাজ্যখনত টাটা গ্ৰুপে আৰম্ভ কৰিব হোটেলৰ ব্যৱসায়।

টাটা গ্ৰুপৰ অধীনস্থ প্ৰতিষ্ঠান ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডে শুকুৰবাৰে ত্ৰিপুৰা চৰকাৰৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি মাণিক সাহা চৰকাৰে ৰাজ্যখনৰ আগৰতলাত অৱস্থিত শতিকা পুৰণি ‘পুষ্পৱন্ত প্ৰসাদ’ নতুন ৰূপত সজাই তোলাৰ দায়িত্ব টাটা গোটৰ হাতত অৰ্পণ কৰিছে। এই পৰিপ্ৰেক্ষিতত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই এই চুক্তিক ৰাজ্যখনৰ বাবে এক ঐতিহাসিক দিন আখ্যা দিয়ে।

হোলীৰ দিনটোতে স্বাক্ষৰিত এই চুক্তিৰ ফলত ভৱিষ্যতে সমগ্ৰ ৰাজ্যখনেই উপকৃত হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই চুক্তিয়ে ৰাজ্যখনত দুশৰো অধিক চাকৰিৰ সৃষ্টি কৰিবলৈ গৈ আছে বুলি মন্তব্য কৰে। জানিব পৰা মতে টাটা গ্ৰুপে আগৰতলাস্থিত ৰাজপ্ৰসাদটো কেৱল নৱনিৰ্মাণ কৰাই নহয়, পঞ্চ তাৰকাযুক্ত হোটেললৈও ৰূপান্তৰিত কৰিব। টাটাৰ এই প্ৰকল্পত মুখ্যমন্ত্ৰী মাণিক সাহাও যথেষ্ট আনন্দিত হৈ পৰিছে।

অহা তিনি বছৰৰ ভিতৰত এই ৰাজপ্ৰসাদটো নৱ নিৰ্মাণ কৰি পঞ্চ তাৰকাযুক্ত হোটেললৈ ৰূপান্তৰিত কৰা হ’ব। এই প্ৰকল্পৰ মুঠ খৰচ প্ৰায় ২৫০ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে মহাৰাজ বীৰেন্দ্ৰ কিশোৰ মাণিক্য বাহাদুৰে ১৯১৭ চনত এই ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল। এসময়ত ত্ৰিপুৰা ভ্ৰমণৰ সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰেও এই ৰাজপ্ৰসাদতে নিশা কটাইছিল। এই ৰাজপ্ৰসাদটিয়েই ত্ৰিপুৰাত মাণিক্য সাম্ৰাজ্যৰ অন্যতম প্ৰতীক।

অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ