ভাৰতত বিপুল লাভৰ মুখ দেখিছে ফেচবুক, গুগলেঃ এবছৰত উপাৰ্জন কৰিলে ইমান... | In one year Facebook Google have seen huge profit in India Assam news - Assam Tv9

ভাৰতত বিপুল লাভৰ মুখ দেখিছে ফেচবুক, গুগলেঃ এবছৰত উপাৰ্জন কৰিলে ইমান…

গত এটা বছৰত ভাৰতত ফেচবুক আৰু গুগলৰ উপাৰ্জন যথেষ্ট বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে ভাৰতত গুগল আৰু ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা যথেষ্ট বেছি। এনে পৰিস্থিতিত দুয়োটা কোম্পানীয়ে ভাৰতত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। বৃ্হৎ বজাৰৰ প্ৰতি লক্ষ্য ৰাখি দুয়োটা কোম্পানীয়ে ভাৰতীয় কোম্পানীতো বহু বিনিয়োগ কৰিছে।

ভাৰতত বিপুল লাভৰ মুখ দেখিছে ফেচবুক, গুগলেঃ এবছৰত উপাৰ্জন কৰিলে ইমান...

ভাৰতত বিপুল লাভ ফেচবুক, গুগলৰ

Published: 

02 Nov 2024 15:10 PM

ভাৰতীয় বজাৰত ধন লাভৰ লহৰ তুলিছে বিদেশী কোম্পানীয়ে। এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই ফেচবুক আৰু গুগলো। গত এটা বছৰত ভাৰতত কোম্পানী দুটাৰ উপাৰ্জন যথেষ্ট বৃদ্ধি পাইছে। তথ্য অনুসৰি যোৱা বিত্তীয় বৰ্ষত ভাৰতত ফেচবুকৰ লাভ ৪৩ শতাংশ বৃদ্ধি পাইছে। আনহাতে গুগলৰ লাভ ৬ শতাংশ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে ভাৰতত গুগল আৰু ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা যথেষ্ট বেছি। এনে পৰিস্থিতিত দুয়োটা কোম্পানীয়ে ভাৰতত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। বৃ্হৎ বজাৰৰ প্ৰতি লক্ষ্য ৰাখি দুয়োটা কোম্পানীয়ে ভাৰতীয় কোম্পানীতো বহু বিনিয়োগ কৰিছে।

বিশ্বৰ সৰ্ববৃহৎ ছ’চিয়েল মিডিয়া কোম্পানী মেটাৰ বিজ্ঞাপন ইউনিট ফেচবুক ইণ্ডিয়া অনলাইন চাৰ্ভিচেছৰ লাভ যোৱা বিত্তীয় বৰ্ষত (২০২৩-২৪) ৪৩ শতাংশ বৃদ্ধি পাই ৫০৪.৯ কোটি টকা হৈছে। টফ্লাৰৰ প্ৰতিবেদন অনুসৰি ২০২২-২৩ চনৰ বিগত বিত্তীয় বৰ্ষত কোম্পানীটোৰ লাভ আছিল ৩৫২.৯১ কোটি টকা।

ফেচবুক ইণ্ডিয়া অনলাইন চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডে ভাৰতৰ গ্ৰাহকক বিজ্ঞাপন বিক্ৰী কৰাৰ লগতে মেটা প্লেটফৰ্মছ ইনকৰ্পৰেশ্যনক আই টি সক্ষম সহায়ক সেৱা আৰু ডিজাইন সহায়ক সেৱা প্ৰদানৰ ব্যৱসায়ত জড়িত হৈ আছে। কোম্পানীটোৱে যোৱা বিত্তীয় বৰ্ষত ৯.৩৩ শতাংশ বৃদ্ধিৰে ৩,০৩৪.৮২ কোটি টকাৰ ব্যৱসায় কৰাৰ বিপৰীতে ২০২২-২৩ বিত্তীয় বৰ্ষত ২,৭৭৫.৭৮ কোটি টকাৰ ব্যৱসায় কৰে।

টফ্লাৰে প্ৰতিবেদনত কয় যে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে কোম্পানীটোৰ মুঠ ব্যয় ২৩৫০ কোটি টকা বুলি কোৱা হৈছে। আনহাতে, বিশ্বৰ সৰ্ববৃহৎ চাৰ্চ ইঞ্জিন কোম্পানী গুগলৰ ইণ্ডিয়া ইউনিটৰ লাভ ২০২৩-২৪ বিত্তীয় বৰ্ষত ছয় শতাংশ বৃদ্ধি পাই ১৪২৪.৯ কোটি টকা হৈছে। আনহাতে ২০২২-২৩ বিত্তীয় বৰ্ষত কোম্পানীটোৱে ১,৩৪২.৫ কোটি টকা লাভ কৰিছিল।

প্ৰতিবেদন অনুসৰি যোৱা বিত্তীয় বৰ্ষত ভাৰতত গুগল ইণ্ডিয়াৰ মুঠ আয় ৭,০৯৭.৫ কোটি টকা। এই উপাৰ্জনৰ ভিতৰত চলি থকা কাম-কাজৰ পৰা ৫,৯২১.১ কোটি টকা আৰু বন্ধ হোৱা কাৰ্যকলাপৰ পৰা ১১৭৬.৪ কোটি টকাৰ ৰাজহ আছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

লক্ষণীয়ভাৱে ২০২০-২১ বিত্তীয় বৰ্ষত গুগল ইণ্ডিয়াই কোম্পানীটোৰ আই টি ব্যৱসায়িক উদ্যোগটোক গুগল আই টি চাৰ্ভিচেছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডলৈ পৃথক কৰাৰ বাবে ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণত আবেদন দাখিল কৰিছিল।

গুগলে ষ্টক মাৰ্কেটত দাখিল কৰা তথ্য মতে ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ ভিতৰত ২০২৩ চনৰ ২৫ মে’ৰ অৰ্ডাৰ অনুসৰি ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণৰ দ্বাৰা ব্যৱস্থাৰ পৰিকল্পনা অনুমোদন কৰা হৈছে আৰু বিত্তীয় বিৱৰণীত থকা পৰিকল্পনা ২০২৩ চনৰ ৩০ জুনৰ পৰা কাৰ্যকৰী কৰা হৈছে। অনুমোদনৰ পিছত গুগল ইণ্ডিয়াৰ আই টি ব্যৱসায়িক উদ্যোগসমূহ ২০২১ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ গুগল আই টি চাৰ্ভিচেছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডলৈ হস্তান্তৰ কৰা হয়।

পুষ্টিকৰ উপাদানেৰে ভৰপূৰ চয়াবিনৰ উপকাৰিতা কি কি ? জানক
শ্বাহৰুখ খানৰ শৈশৱতেই মাতৃয়ে কৰিছিল এনে ভৱিষ্যদ্বাণী, বাস্তৱিক কৰি তুলিলে কিং খানে
কোমোৰাৰ আছে স্বাস্থ্যৰ বাবে উপকাৰী বহুতো গুণ
নতুন ঘৰ কিনাৰ পৰিকল্পনা কৰি আছে নেকি? মনত ৰাখিব এই ৭টা কথা!