আধা দামত বিদেশী সুৰা ! ৫০ শতাংশ কৰ্তন আমদানি শুক্ল…
হ্ৰাস পাব বিদেশী সুৰাৰ দাম । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোচনাৰ ঠিক পূৰ্বেই ১৩ ফেব্ৰুৱাৰীত হুইস্কিৰ ওপৰত শুল্ক কৰ্তনৰ বিষয়ে ঘোষণা কৰা হৈছিল।

হ্ৰাস পাব বিদেশী সুৰাৰ দাম । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকাৰ ভ্ৰমণৰ মাজতে বাৰ্বন হুইস্কিৰ আমদানি শুল্ক ৬৬.৬ শতাংশ হ্ৰাস পাইছে । উল্লেখ্য যে,শুকুৰবাৰে আমেৰিকা ভ্ৰমণ সম্পূৰ্ণ কৰি দেশলৈ উভতি আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমেৰিকাত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে আলোচনাত শুল্কৰ বিষয়টোৱেও স্থান লাভ কৰিছিল । ভাৰতৰ ওপৰতো একে হাৰত শুল্ক আৰোপ কৰা হ’ব বুলি স্পষ্ট কৰি দিছে ট্ৰাম্পে। অৰ্থাৎ ভাৰতে যি হাৰত আমেৰিকাৰ ওপৰত শুল্ক আৰোপ কৰিব, আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত একে হাৰত শুল্ক আৰোপ কৰিব।
ভাৰতে আমেৰিকাৰ বাৰ্বন হুইস্কিৰ আমদানি শুল্ক ৫০ শতাংশলৈ হ্ৰাস কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোচনাৰ ঠিক পূৰ্বেই ১৩ ফেব্ৰুৱাৰীত বাৰ্বন হুইস্কিৰ ওপৰত শুল্ক কৰ্তনৰ বিষয়ে ঘোষণা কৰা হৈছিল। মনকৰিবলগীয়া যে, অন্য সুৰাৰ আমদানিৰ মৌলিক শুল্ক হ্ৰাস হোৱা নাই। অন্য বিদেশী সুৰাৰ পৰা ১০০ শতাংশ শুল্ক আদায় কৰিব ভাৰতে । প্ৰধানকৈ ভাৰতলৈ বাৰ্বন হুইস্কিৰ ৰপ্তানি কৰে আমেৰিকাই । ইফালে ভাৰতলৈ আমদানি কৰা এনেধৰণৰ সকলো সুৰাৰ প্ৰায় এক চতুৰ্থাংশ আমেৰিকাৰ পৰা আহে।
বাৰ্বন হুইস্কি হৈছে আমেৰিকাৰ অন্যতম বিখ্যাত আৰু পৰম্পৰাগত হুইস্কি। ইয়াক মূলতঃ কুঁহিয়াৰৰ পৰা তৈয়াৰ কৰা হয় । পূৰ্বতে বাৰ্বন হুইস্কিৰ ওপৰত ১৫০ শতাংশ শুল্ক আৰোপ কৰা হৈছিল, তেনে ঠাইত ইয়াক এবাৰতে ৫০ শতাংশলৈ হ্ৰাস কৰা হৈছে ।
ভাৰতে ২০২৩-২৪ চনত ২৫ মিলিয়ন ডলাৰৰ বাৰ্বন হুইস্কি আমদানি কৰিছিল। ইয়াৰ প্ৰধান ৰপ্তানিকাৰক দেশসমূহৰ ভিতৰত আছে আমেৰিকা, ইউ এ ই, ছিংগাপুৰ আৰু ইটালী। ভাৰত আৰু আমেৰিকাই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণতকৈও অধিক কৰি ৫০০ বিলিয়ন ডলাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে।