India Trade with ASEAN : যোৱা ছমাহত ৫.২ শতাংশ বৃদ্ধি পালে ভাৰত-এছিয়ানৰ দ্বিপাক্ষিক বাণিজ্য…

ভাৰত চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, এছিয়ানাৰ দেশসমূহৰ সৈতে দ্বিপাক্ষিক বাণিজ্য ৫.২ শতাংশ বৃদ্ধি পাইছে । এই বৃদ্ধিৰ লগে লগে এছিয়ানৰ দেশসমূহৰ সৈতে ভাৰতৰ বাণিজ্য ৭৩ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৬,১৬,৪০০ কোটি টকা বৃদ্ধি পাইছে বুলি উল্লেখ কৰিছে ভাৰত চৰকাৰে ।

India Trade with ASEAN : যোৱা ছমাহত ৫.২ শতাংশ বৃদ্ধি পালে ভাৰত-এছিয়ানৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰতীয় টকা

Published: 

24 Nov 2024 17:33 PM

এছিয়ানৰ দেশসমূহৰ সৈতে দ্বিপাক্ষীক বাণিজ্য বৃদ্ধি পাইছে ভাৰতৰ । শেহতীয়াকৈ ভাৰত চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, এছিয়ানাৰ দেশসমূহৰ সৈতে দ্বিপাক্ষিক বাণিজ্য ৫.২ শতাংশ বৃদ্ধি পাইছে । এই বৃদ্ধিৰ লগে লগে এছিয়ানৰ দেশসমূহৰ সৈতে ভাৰতৰ বাণিজ্য ৭৩ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৬,১৬,৪০০ কোটি টকা বৃদ্ধি পাইছে বুলি উল্লেখ কৰিছে ভাৰত চৰকাৰে । শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত AITIGA (ASEAN-India Trade in Goods Agreement) ৰ বৈঠকত এই দাবী কৰিছে ভাৰত চৰকাৰে ।

বৈঠকত ভাৰত চৰকাৰে দাবী কৰে যে,চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিল-অক্টোবৰৰ সময়ছোৱাত এছিয়ানৰ(Association of Southeast Asian Nations) সৈতে ভাৰতৰ দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি পাইছে। ইফালে, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে ভাৰত আৰু এছিয়ানৰ দ্বিপাক্ষিক বাণিজ্য ১২১ বিলিয়ন ডলাৰ আছিল। মনকৰিবগীয়া যে, এটা গোট হিচাপে এছিয়ান ভাৰতৰ অন্যতম প্ৰধান বাণিজ্যিক অংশীদাৰ হৈ আহিছে । ইফালে, ভাৰতৰ মুঠ বিশ্ব বাণিজ্যৰ প্ৰায় ১১ শতাংশ বাণিজ্যিক অংশীদাৰ এছিয়ানৰ দেশসমূহ ।

উল্লেখ্য যে, যোৱা ১৫ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ নতুন দিল্লীত AITIGA ৰ যুটীয়া সমিতিৰ ষষ্ঠখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত এছিয়ানৰ ১০খন দেশ – ব্ৰুনাই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনামৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

ভাৰত আৰু এছিয়ান দেশসমূহৰ মাজত বাণিজ্য বৃদ্ধিৰ বাবে মূল বিষয়সমূহৰ ওপৰত পাৰস্পৰিক বুজাবুজিৰ প্ৰসাৰৰ বাবে এক সুকীয়া অধিবেশনৰ আয়োজন কৰা হৈছিল। মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি, AITIGA পৰ্যালোচনা এছিয়ান অঞ্চলৰ সৈতে বহনক্ষম বাণিজ্য বৃদ্ধিৰ দিশত এক পদক্ষেপ হ’ব। AITIGA ৰ যুটীয়া সমিতিৰ পৰৱৰ্তী বৈঠক ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হ’ব।

AITIGA যুটীয়া সমিতিখন আঠখন উপ-সমিতিৰ দ্বাৰা সমৰ্থিত । ইয়াৰ প্ৰতিখনেই এছিয়ান আৰু ভাৰতৰ মাজত বাণিজ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ আলোচনাৰ দায়িত্ব লয়। এই উপ-সমিতিসমূহে বজাৰত প্ৰৱেশ, এছপিএছ ব্যৱস্থা, মানদণ্ড আৰু কাৰিকৰী নিয়ন্ত্ৰণৰ লগতে শুল্ক পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

পুনৰ শচীনৰ ৰেকৰ্ড ভংগ কৰি অষ্ট্ৰেলিয়াৰ মাটিত নতুন অভিলেখ বিৰাট কোহলীৰ
আই পি এল ইতিহাসৰ দামী খেলুৱৈ হ’ল পণ্ট, এইকেইগৰাকী খেলুৱৈৰো উদয় হল ভাগ্য
অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?