ভাৰতীয়ে ৰে’লৱেৰ ডাঙৰ পদক্ষেপ ! টিকট নোহোৱাকৈ প্ৰৱেশ কৰিব নোৱাৰিব ৰে’লৱে ষ্টেচনত
মেট্ৰ’ৰ দৰে সেৱা আৰম্ভ কৰাৰ কথা চিন্তা চৰ্চা কৰিছে ভাৰতীয় ৰেলৱেই। এতিয়া পৰা বৈধ টিকট থকা যাত্ৰীসকলেহে প্ৰৱেশ কৰিব পাৰিব ৰে’লৱে ষ্টেচনত।

এতিয়াৰ পৰা টিকট নোহোৱাকৈ কৰিব নোৱাৰিব ৰে’ল যাত্ৰা । কেৱল সেয়াই নহয় প্ৰৱেশ কৰিব নোৱাৰিব ৰে’লৱে ষ্টেচনত । বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয়ে ৰে’লৱে । নতুন দিল্লীৰ ৰে’লৱে ষ্টেচনত সংঘটিত পদপিষ্ট দৰে ঘটনাৰ পাছতে এই পদক্ষেপ গ্ৰহণ ভাৰতীয় ৰে’লৱেয়ে । গতিকে টিকট নোহোৱাকৈ ৰে’ল যাত্ৰা কৰাৰ অভ্যাস আছে যদি সাৱধান হওক ।
মেট্ৰ’ৰ দৰে সেৱা আৰম্ভ কৰাৰ কথা চিন্তা চৰ্চা কৰিছে ভাৰতীয় ৰেলৱেই। এতিয়া পৰা বৈধ টিকট থকা যাত্ৰীসকলেহে প্ৰৱেশ কৰিব পাৰিব ৰে’লৱে ষ্টেচনত। সাধাৰণতে ৰে’ল ষ্টেচনৰ প্ৰস্তান গেটত টিকট পৰীক্ষক বা TTE য়ে টিকট পৰীক্ষা কৰে। টিকট অবিহনে যাত্ৰা কৰা যাত্ৰী ধৰা পৰিলে বিহা হয় জৰিমনা। মেট্ৰ’ দৰে যদি টিকট পৰীক্ষণ ব্যৱস্থা ৰূপায়ণ হয়, তেন্তে প্ৰৱেশ আৰু প্ৰস্থান দুয়োখন গেটত কৰা হ’ব টিকট পৰীক্ষা ।
এই ব্যৱস্থা প্ৰৱৰ্তন হ’লে মেট্ৰ’ ষ্টেচনৰ দৰে ৰে’ল ষ্টেচনত প্ৰৱেশৰ বাবে বৈধ টিকটৰ প্ৰয়োজন হ’ব। তদুপৰি প্ৰৱেশ আৰু
প্ৰস্থান গেটত টিকট পৰীক্ষা ব্যৱস্থা কৰা হ’ব ।
বিশেষকৈ ৰে’লত টিকটবিহীন যাত্ৰা ৰোধ কৰিবলৈ এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে বুলি কোৱা হৈছে । তদুপৰি ইয়াৰ দ্বাৰা ষ্টেচনত অতিমাত্ৰা ভিৰ সহজেই চম্ভালিব পৰা যাব। এই টিকট ব্যৱস্থাৰ জৰিয়তে ষ্টেচনৰ নিৰাপত্তা আৰু সুৰক্ষাও বৃদ্ধি পাব বুলি আশা কৰা হৈছে ।
সম্প্ৰতি ভাৰতীয় ৰে’লৱেই কিছুমান বিশেষ ষ্টেচনত এই ব্যৱস্থা পৰীক্ষামূলকভাৱে প্ৰৱৰ্তন কৰিছে । সফল হ’লে দেশৰ প্ৰধান ৰে’ল ষ্টেচনত এই টিকট পৰীক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব জানিব পৰা গৈছে।