আজিও উত্থানৰ লক্ষণ নেদেখিলে ভাৰতীয় শ্বেয়াৰ বজাৰে…

আৰম্ভনিতেই নিম্নগামী হয় ভাৰতৰ শ্বেয়াৰ বজাৰ । তাৰ পাছত ৰাতিপুৱা ১০ বজাৰ পৰা লাহে লাহে বজাৰখন পুনৰ উত্থান হ’বলৈ ধৰে । ৰাতিপুৱাৰ তুলনাত ২৬ পইণ্ট হ্ৰাস পাই দিনটোৰ বাবে অন্ত পৰে ব্যৱসায় ।

আজিও উত্থানৰ লক্ষণ নেদেখিলে ভাৰতীয় শ্বেয়াৰ বজাৰে...

শ্বেয়াৰ বজাৰ

Updated On: 

12 Feb 2025 21:06 PM

আজি ১২ ফেব্ৰুৱাৰী । আৰম্ভনিতেই নিম্নগামী হয় ভাৰতৰ শ্বেয়াৰ বজাৰ । তাৰ পাছত ৰাতিপুৱা ১০ বজাৰ পৰা লাহে লাহে বজাৰখন পুনৰ উত্থান হ’বলৈ ধৰে । ৰাতিপুৱাৰ তুলনাত ২৬ পইণ্ট হ্ৰাস পাই দিনটোৰ বাবে অন্ত পৰে ব্যৱসায় । কেইবাটাও কোম্পানী ৫২ সপ্তাহৰ নিম্নতম স্তৰত উপনীত হয় । ওৱাৰ্লপুল অৱ ইণ্ডিয়াৰ শ্বেয়াৰৰ মূল্য ২৯ জানুৱাৰীৰ পৰা প্ৰায় ৩৭ শতাংশ হ্ৰাস পাইছে । আজিও কোম্পানীটোৱে ৫২ সপ্তাহৰ নিম্নতম স্তৰত উপনীত হৈছে ।

ডেলিভাৰী, এল আই চি, ডি এল এফ, ষ্টাৰ হেল্থ, পাৱাৰ গ্ৰীড কৰ্পৰেশ্যন, হিৰো মট’ কৰ্প, এছিয়ান পেইণ্টছ, জিঅ’ ফাইনেন্সিয়েল চাৰ্ভিচেছ, জে কে টায়াৰ, ক’ল ইণ্ডিয়া, টাটা মটৰ্ছ, ইণ্ডিয়ান অইল, ইজ মাই ট্ৰিপ, কনক’ৰ, বেংক অৱ বৰোদা আদিকে ধৰি কেইবাটাও কোম্পানীয়ে ৫২ সপ্তাহৰ নিম্নতম স্তৰত উপনীত হৈছে ।

আজি কি কি কমিল:

একাধিক শ্বেয়াৰৰ মূল্য হ্ৰাস পোৱাৰ মাজতে আজি ইণ্ডো কাউণ্ট ইণ্ডাষ্ট্ৰীজে উচ্চ চাৰ্কিট স্পৰ্শ কৰে । তদুপৰি বেদমুথা ইণ্ডাষ্ট্ৰীজ, পাৰ্ল গ্ল’বেল, শ্ৰী ৰাম নিউজ প্ৰিন্ট আৰু গাৰ্ৱাৰ হাইটেক ফিল্মছৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পাইছে ।

আজি কি কি কমিল:

আজি লৱাৰ চাৰ্কিটত খুন্দা মাৰে ছেইকো ইণ্ডাষ্ট্ৰীজে । কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ২০ শতাংশ হ্ৰাস পাইছে । ইয়াৰ উপৰিও আজি ডি বি কৰ্প, জেনেৰিক ইঞ্জিনিয়াৰিং, জেনছল ইঞ্জিনিয়াৰিং আৰু প্ৰিন্স পাইপছ এণ্ড ফিটিংছ লিমিটেডৰ শ্বেয়াৰৰ মূল্যও হ্ৰাস পাইছে ।

বজাৰৰ খবৰ:

  • হিৰো মট’ কৰ্পে আজি লভ্যাংশ প্ৰদান কৰে । প্ৰতি শ্বেয়াৰত ১০০ টকাকৈ লভ্যাংশ দিয়ে
  • আইটিচিয়ে প্ৰতি শ্বেয়াৰত ৬ টকা ৫০ পইচা লভ্যাংশ দিয়ে
  • টৰেণ্ট পাৱাৰে প্ৰতি শ্বেয়াৰত ১৪ টকাৰ লভ্যাংশ দিয়ে
  • কোচিন শ্বিপয়াৰ্ডে প্ৰতি শ্বেয়াৰত ৩ টকা ৫০ পইচা লভ্যাংশ দিয়ে
  • টি চি আই এক্সপ্ৰেছে প্ৰতি শ্বেয়াৰত ৩ টকা লভ্যাংশ দিয়ে
  • আজি কেইবাটাও কোম্পানীয়ে প্ৰকাশ কৰিছে ত্ৰিমাসিক ফলাফল । ইয়াৰ ভিতৰত জি কে ডব্লিউ, কিৰ্লোস্কাৰ ব্ৰাদাৰ্ছ, অশোক লেলেণ্ড, ভাৰত ফ’ৰ্জ, ছিমেন্স, আই টি ডি চিমেণ্টেচন, কোকুয়ো কেমলিন, আই আই এফ এল ফাইনেন্স, পাৱাৰ ফাইনেন্স কৰ্প, আৰ ডি বি ইনফ্ৰা এণ্ড পাৱাৰ, মুথুট ফাইনেন্স, শ্ৰীলেডাৰ্ছ, হিন্দুস্তান এৰ’নটিক্স লিমিটেড, ৰেল বিকাশ নিগম লিমিটেড অন্যতম ।
  • ১২ ফেব্ৰুৱাৰীত বজাৰ বন্ধ হোৱাৰ সময়লৈকে পোৱা তথ্য

যদি আপুনি শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক গৱেষণা আৰু বিশ্লেষণ কৰক । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যে। TV9 Assam-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ক । তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?