নাই ষ্টপেজ ! বন্দে ভাৰত-ৰাজধানী নহয়, একেৰাহে ৫০০ কিলোমিটাৰ যাত্ৰা কৰে এই ৰ’লখনে…

প্ৰতিদিনে ১৩ হাজাৰৰো অধিক ৰে’ল চলাচল কৰে। কিছুমান ছুপাৰফাষ্ট, কিছুমান সাধাৰণ গতিৰে যাত্ৰীক সেৱা আগবঢ়ায়। কিন্তু আপুনি জানেনে, এখন বিশেষ ৰে’ল আছে, যিখনে কোনো ষ্টেচনত নৰখোৱাকৈ ৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে ।

নাই ষ্টপেজ ! বন্দে ভাৰত-ৰাজধানী নহয়, একেৰাহে ৫০০ কিলোমিটাৰ যাত্ৰা কৰে এই ৰলখনে...

Indian Rail

Updated On: 

25 Mar 2025 17:51 PM

বৰ্তমান সময়ত ভাৰতীয় ৰে’লৱে বিশ্বৰ অন্যতম বৃহৎ ৰে’লৱে নেটৱৰ্ক হিচাপে পৰিগণিত হৈছে । বৰ্তমানৰ ভাৰতৰ ৰে’লৱে ব্যৱস্থা আৰু ১০-২০ বছৰ পূৰ্বৰ ৰে’লৱে ব্যৱস্থাৰ মাজত ডাঙৰ পাৰ্থক্য দেখা যায় । যোৱা কেইবছৰত আধুনিক প্লেটফৰ্মৰ পৰা আৰম্ভ কৰি ৰে’লপথৰ ১০০ শতাংশ বৈদ্যুতিকৰণলৈকে ৰে’লৱেত এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে ।

ভাৰতত প্ৰতিদিনে চলাচল কৰে ১৩ হাজাৰৰো অধিক ৰে’ল । কিছুমান ছুপাৰফাষ্ট আৰু কিছুমানে সাধাৰণ গতিৰে যাত্ৰীক সেৱা আগবঢ়ায় । কিন্তু আপুনি জানেনে, এখন বিশেষ ৰে’ল আছে, যিখনে কোনো ষ্টেচনত নৰখাকৈ প্ৰায় ৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে । দেশৰ আটাইতকৈ দীৰ্ঘ দূৰত্বৰ ননষ্টপ ৰে’লখন হৈছে মুম্বাই চেণ্ট্ৰেল-হাপালৈ চলা দুৰন্ত এক্সপ্ৰেছ । মুম্বাইৰ পৰা আহমেদাবাদলৈ যোৱা এই ৰে’ল পথটোত কোনো ধৰণৰ ষ্টপেজ নোহোৱাকৈ ৪৯৩ কিলোমিটাৰ অবিৰত দূৰত্ব অতিক্ৰম কৰে ৰে’লখনে ।

মাত্ৰ ৫ ঘন্টা ৫০ মিনিটতে মুম্বাইৰ পৰা আহমেদাবাদলৈ যাব পাৰি এই ৰে’লযোগে । এই ৰে’লখনৰ বাবে আহমেদাবাদলৈ মুঠ তিনিটা ষ্টপেজ আছে যদিও মুম্বাই পোৱাৰ আগতে নাই কোনো ষ্টপেজ ।

ইয়াৰ পূৰ্বে আটাইতকৈ দীঘলীয়া ননষ্টপ ৰে’ল আছিল ত্ৰিবান্দ্ৰম-নিজামুদ্দিন ৰাজধানী এক্সপ্ৰেছ । এই ৰে’লখন দিল্লীৰ হজৰত নিজামুদ্দিন ৰে’লৱে ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰি কেৰালাৰ ত্ৰিবান্দ্ৰমত উপস্থিত হয় । ২৮৪৫ কিলোমিটাৰ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰিবলৈ ৪২ ঘণ্টা সময় লাগে এই ৰে’লখনক ।

ৰাজস্থানৰ কোটাৰ পৰা গুজৰাটৰ বদোদৰালৈ ৫২৮ কিলোমিটাৰ দূৰত্বত কোনো ষ্টপেজ নাছিল । কোনো ষ্টেচনত নৰখোৱাকৈ ৫২৮ কিলোমিটাৰ যাত্ৰা কৰে এই ৰে’লখনে । পাছত মধ্যপ্ৰদেশৰ ৰাটলামত এটা ষ্টপেজ সংযোজন কৰা হয় ।

ভাৰতৰ ১০০ টকাৰ মূল্য চীনত কিমান হয়? শুনি হ'ব আচৰিত...
মঙলবাৰে বজৰংগবলীক অৰ্পন কৰক এইসমূহ বস্তু, দূৰ হ'ব ধনৰ অভাৱ
৯মাহ মহাকাশত থকাৰ পাছত ট্ৰাম্পে কিমান টকা দিব সুনীতা উইলিয়ামছক?
IPL 2025ত কোনখন দেশৰ কিমানজন খেলুৱৈ আছে?